Assam Politics Erupts Over Gaurav Gogoi Pakistan Link Allegationsগৌৰৱ গগৈৰ পাকিস্তান সংযোগকলৈ উত্তাল ৰাজ্যৰ ৰাজনীতি

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সম্পৰ্কত তদন্তৰ বাবে গঠন বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদনৰ কিছু অংশ দেওবাৰে সংবাদ মেলত সদৰী কৰাৰ পিছত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Gaurav Gogoi Pakistan Link Reaction)। শাসক-বিৰোধীয়ে পৰস্পৰে পৰস্পৰক সমালোচনা কৰিছে। শাসনাধিষ্ঠিত বিজেপি দলৰ নেতা সকলে সাংসদ গৌৰৱ গগৈক সমালোচনা কৰাৰ বিপৰীতে বিৰোধী দলৰ নেতা সকল প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনৰ পক্ষত থিয় দিছে।

মুখ্যমন্ত্ৰীয়ে চুপাৰ ফ্লপ শ্ব’ কৰিছেঃ গৌৰৱ গগৈ

আনকি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুপাৰ ফ্লপ শ্ব’ কৰিছে বুলি কটাক্ষ কৰে (Himanta Biswa Sarma)। সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে সন্মুখত থকা সাংবাদিক সকলৰ এটা প্ৰশ্নৰো উত্তৰ ভালদৰে দিব পৰা নাই । প্ৰমাণ দিব পৰা নাই। মই পূৰ্বতেও কৈছিলো মুখ্যমন্ত্ৰীয়ে দাখিল কৰা তথ্য ফ্লপ হ’ব। কিন্তু মোৰ কথা অলপ মিছ হ’ল। কাৰণ ই ফ্লপ নহৈ চুপাৰ ফ্লপ হ’ল।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গগৈয়ে লগতে কয়, “যদি বিষয়টো ইমানেই গুৰুত্বপূৰ্ণ তেওঁ ১০ ছেপ্টেম্বৰৰ পৰা ৬ মাহ কিয় শুই থাকিল। এতিয়া নিৰ্বাচনৰ সময়ত আমি তেওঁলোকৰ ১২ হাজাৰ বিঘা মাটিৰ কথা তথ্যসহ উলিয়াইছো। আমাৰ ‘সময়ৰ পৰিবৰ্তন যাত্ৰা’ৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে। ৰাইজে পৰিবৰ্তন বিচাৰিছে। ৰাইজে নতুন অসম বিচাৰিছে। সেয়ে নিৰ্বাচনলৈ দুমাহ থকা অৱস্থাত তেওঁ ৬ মাহৰ আগতেই দিবলগীয়া প্ৰতিবেদন দাখিল কৰিছে। তেওঁলোকৰ চিনেমা ফ্লপ আৰু আমাৰ পৰিবৰ্তন যাত্ৰা হিট।”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান, অসমৰ ৰাইজৰ চিন্তাক সন্মান কৰিবলৈ শিকক বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ডাঙৰ নেতা বনোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰী কংগ্ৰেছৰ প্ৰতি শংকিত। কংগ্ৰেছৰ সময় পৰিবৰ্তন যাত্ৰাৰ প্ৰতি শংকিত। তেওঁ কোনো ধৰণৰ তথ্য দাখিল কৰিব নোৱাৰিলে। তেওঁ যে চিন্তিত সেইটো আজি ফাদিল হ’ল । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ দিব নোৱাৰিলে। কিন্তু আমাৰ হাতত প্ৰমাণ আছে। তেওঁৰ ১২ হাজাৰ বিঘা ভূমি ক’ত ক’ত আছে। আমি দেখুৱাই দিব পাৰিম।”

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় (AASU Reaction), “প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে সেই সংক্ৰান্তত অসম চৰকাৰে এখন এচ আই টি গঠন কৰি দিছে। এচ আই টিৰ প্ৰতিবেদনত উদ্বেগজনক আৰু সকলোৱে চিন্তা কৰিব লগীয়া অভিযোগ উত্থাপন হৈছে । ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত বিষয় সংক্ৰান্তত অভিযোগ উঠিছে। সেই সম্পৰ্কত গৌৰৱ গগৈয়ে সমগ্ৰ বিষয়টো স্পষ্টভাৱে ৰাইজক জনোৱা উচিত। অন্যহাতেদি নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত এই বিষয়টো কেনেদৰে চলি থাকিবলৈ পালে সেইয়া আশ্চৰ্যজনক। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ সত্যতা পোহৰলৈ আনিবলৈ আহ্বান জনাইছো।”

লজ্জাবোধ কৰিছে দিলীপ শইকীয়াই

একেদৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ বিষয়ত ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Assam BJP President Reaction)। তেওঁ কয়, “গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানৰ লগত সংযোগ সহজভাৱে ল’ব পৰা বিষয় নহয়। আগন্তুক দিনত ইয়াৰ সমস্ত বিচাৰ প্ৰক্ৰিয়া শক্তিশালী হ’ব লাগে। ভাৰত চৰকাৰে এই বিষয়ে তদন্ত কৰিব লাগে। কাৰণ ৰাজ্য চৰকাৰে সীমিত পৰিধিৰ ভিতৰতহে তদন্ত কৰিব পাৰে। গতিকে আমি আহ্বান জনাইছো কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰক। গৌৰৱ গগৈৰ কৰ্মকাণ্ডকলৈ অসন্তুষ্টি আছে। গৌৰৱ গগৈ বা তেওঁৰ পৰিয়ালৰ পাকিস্তান প্ৰীতি আৰু তেওঁলোকে ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰসংগত ভাৰত চৰকাৰে কঠোৰতম স্থিতি গ্ৰহণ কৰিব লাগে ।”

ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰেঃ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তি ষড়যন্ত্ৰমূলক কামত জড়িত হয় সেই ব্যক্তি সদায় গৰিহণাৰ পাত্ৰ । আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেইটো নিন্দনীয়। গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেঁও নিৰ্দোষী বুলি। কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে।

হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই চাই আমনি লাগিছেঃ অখিল গগৈ

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi Reaction)। তেওঁ কয়, “গৌৰৱ গগৈ যদি সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট হয় তেওঁক আজিয়েই জেলত ভৰাব লাগে। জেলত ভৰাই তেওঁ যাতে পাকিস্তানক কেতিয়াও সহায় কৰিব নোৱাৰে সেই ব্যৱস্থা কৰিব লাগে। তেওঁৰ সাংসদ পদ খাৰিজ কৰিব লাগিব। কংগ্ৰেছ দলৰ উপ দলপতি পদৰ পৰা চৰকাৰে খেদাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু যদি পাকিস্তানৰ এজেণ্ট নহয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা নাটকৰহে এজেণ্ট হয়। তেতিয়া হ’লে বেহাৰবাৰী আউট পোষ্ট দৰে সংবাদ কিমান মেল চাই থাকিম? বিধায়ক অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰি লগতে কয়, ” এজন পাকিস্তানী এজেণ্টক বাহিৰত ৰাখিব নেকি কোনোবাই? পাকিস্তানী এজেণ্টক বিৰোধী দলপতি হিচাপে লোকসভাত কোনোবাই ভাষন দিবলৈ দিব নেকি? পাকিস্তানক খবৰ দি থাকিবলৈ তেওঁক সুবিধা দিব নেকি? সেয়ে কৈছো হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই চাই আমনি লাগিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই চিনেমাখনৰ বাবে দিল্লীৰ পৰা ৩০ জন সাংবাদিকক আনিছে। পঞ্চতাৰকা হোটেলত খুৱাইছে, লগাইছে। যদি সঁচাকৈয়ে তথ্য আছে গৌৰৱ গগৈক ৰাজপথত ফাঁচী দিয়ক নহ’লে পাকিস্তানলৈ ঘূৰাই পঠিয়াব। নহ’লে হিমন্ত বিশ্ব শৰ্মাইহে পাকিস্তানৰ পৰা লেনাদেনা কৰা বুলি সন্দেহ কৰিব লাগিব।”

ৰাইজে গম পালে যে এইটো ফটা ঢোল আছিলঃ মুখ্যমন্ত্ৰীক সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, “আমি ভাবিছিলো গৌৰৱ গগৈৰ পাকিস্তানৰ সংযোগ বিষয়ত মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰমাণ দিব। কিন্তু তেওঁ গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ থেলিছে। এই বিষয়টোৰে তেওঁ ইচ্ছাকৃতভাৱে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। সংসদৰ তেওঁ বিৰোধী দলৰ উপ দলপতি। সংসদত গৃহমন্ত্ৰীও বহি থাকে।তাৰ পিচতো কোনোধৰণৰ প্ৰশ্ন উত্থাপন কৰা নাই। আজি মুখ্যমন্ত্ৰীৰ বক্তব্যই প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীয়ে অতদিনে প্ৰলাপ বকি আছিল। মুখ্যমন্ত্ৰীয়ে এনেকুৱা গিমিক জাতীয় বিষয় এৰি দি জনতাৰ প্ৰতিক্ৰিয়া কি লক্ষ্য কৰে। কাম নিদিলে আন এক বিষয় এৰি দিয়ে। এইবাৰ কিন্তু ৰাইজে গম পালে যে এইটো ফটা ঢোল আছিল। বিৰোধী ঐক্য শক্তিশালী হোৱাৰ লগে লগে ইয়াৰ লগত জড়িত সকলৰ চৰিত্ৰ হনন কৰিবলৈ উঠিপৰি লাগিছে। কিন্তু বিজেপিক উৎখাত কৰাৰ যাত্ৰাক বাধা দিব নোৱাৰে।”

এনেদৰেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগৰ বিষয়কলৈ সমালোচনা, ক্ৰিয়া-প্ৰতিক্ৰিয়াৰে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে।

লগতে পঢ়কঃ সংবাদ মেলত গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে


Advertisement