Assam CM Releases SIT Report on Gaurav Gogoi Pakistan Linkসংবাদ মেলত গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীঃ অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান পাকিস্তান লিংকৰ তথ্য (Gaurav Gogoi Pakistan Link)। পূৰ্বে ঘোষণা কৰা সময় অনুসৰিয়েই দেওবাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছ আই টিয়ে প্ৰস্তুত কৰা তদন্তৰ প্ৰতিবেদন সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ লীড পাকিস্তানত কৰ্মৰত আছিল 18 মাৰ্চ 2011 পৰা 17 মাৰ্চ 2012 পৰ্য্যন্ত। সেই সময়ত লিড পাকিস্তানৰ মুখ্য বিষয়া আছিল আলি তৌকীৰ শ্বেখ। ভাৰতত নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছত এলিজাবেথে এটা ৰিপৰ্ট তৌকীৰলৈ পঠিয়াইছিল। য’ত উল্লেখ কৰিছিল এইদৰে ” low risk low visibility ” মানি চলিব লাগিব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট bypass কৰি sub national অথৰিটি ৰ লগত অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট, মিউনিচিপালিটী আদিৰ লগত কাম কৰিব লাগিব ইত্যাদি।”

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্বেখৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে , য’ত তেওঁক পাকিস্তানৰ এজন উচ্চ পৰ্যায়ৰ নাগৰিক আৰু পাকিস্তান পৰিকল্পনা আয়োগৰ (Pakistan Planning Commission) এজন উপদেষ্টা হিচাপে বৰ্ণনা কৰা হৈছে। এজন প্ৰভাৱশালী ব্যক্তি হিচাপে তেওঁৰ নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকাৰ কথা উল্লেখ কৰা হৈছে।

লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, “গৌৰৱ গগৈয়ে নতুন দিল্লীত থকা পাকিস্তান দূতাবাসলৈ এটা যুৱ প্ৰতিনিধি দল লৈ যোৱাৰ এখন ফটো পোহৰলৈ অহাৰ পিছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে।”

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে যে, প্ৰথম অৱস্থাত ভাবিছিলো ফটোখন হয়তো ভুৱা বা কোনোবাই বিকৃত কৰি বনাইছে। কিন্তু যেতিয়া কংগ্ৰেছৰ সদস্যসকলে এই ভ্ৰমণৰ পক্ষ লৈ যুক্তি দৰ্শাবলৈ আৰম্ভ কৰিলে, তেতিয়া অনুভৱ কৰিলো যে ফটোখন আচল আছিল।

আব্দুল বছিটৰ সৈতে সাক্ষাৎ: এই যুৱকৰ প্ৰতিনিধি দলটোৱে সেই সময়ৰ পাকিস্তানৰ হাই কমিচনাৰ আব্দুল বছিটক সাক্ষাৎ কৰিছিল বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই পদক্ষেপক সমালোচনা কৰি কয় যে, বহু কংগ্ৰেছ নেতাই বিজেপিক সমালোচনা কৰে যদিও আন কোনো নেতাই এনেদৰে মুকলিকৈ পাকিস্তান দূতাবাসলৈ যুৱ প্ৰতিনিধি দল লৈ যোৱা মনত নপৰে।”

মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্গিল যুদ্ধত কেপ্টেইন জিন্টু গগৈৰ দৰে অসমীয়া জোৱানৰ ত্যাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাইস্তানক চিৰ বৈৰী ৰাষ্ট্ৰ বুলি উল্লেখ কৰি কয়, “এই বৈৰী ৰাষ্ট্ৰৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰাটো কিমান যুক্তিসংগত? শত্ৰু ৰাষ্ট্ৰ ৰ সৈতে এনে ধৰণৰ সম্পৰ্ক ৰখাটো অত্যন্ত চিন্তনীয় বিষয়।”

২০১৩ চনৰ ডিচেম্বৰত ভিছা লাভ কৰি তিনিদিনৰ পাছত গৌৰৱ গগৈ পাকিস্তান গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্দ্দিষ্ট এটা স্থান লাহোৰৰ ভিছা লৈ পাকিস্তান যোৱাৰ পাছত পাকিস্তানৰ ইন্টেৰিয়ৰ মন্ত্ৰালয়ে কৰাঁচী আৰু ইছলামবাদৰ ভিছা প্ৰদান কৰে গৌৰৱ গগৈক। পাকিস্তানৰ ইন্টাৰিয়ৰ মন্ত্ৰালয়ৰ সৈতে ভাল সম্পৰ্ক নাথাকিলে পাকিস্তান যোৱাৰ পাছত এইদৰে আন স্থান ভ্ৰমণৰ বাবে ভিছা লাভ কৰাটো সম্ভৱ নহয়।

লগতে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান ত্যাগ কৰি অহাৰ পাছতো পাকিস্তান ভ্ৰমণ পত্নীক সাক্ষাৎৰ বাবে কৰা বুলি গৌৰৱ গগৈয়েই টেলিভিছনৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰাৰ কথাও সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কটাক্ষ কৰে।

ইপিনে, নিৰ্বাচনৰ প্ৰকমুহূৰ্ত হোৱা বাবেই গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়কঃ দেওবাৰে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিব গৌৰৱ পাকিস্তান সংযোগ সম্পৰ্কীয় এচ আই টি তদন্তৰ প্ৰতিবেদন


Advertisement