Assam Government Provides Security Escort to Gaurav Gogoi Amid Political Rowগৌৰৱ গগৈক এচকৰ্ট বাহন সহ নিৰাপত্তাৰক্ষী

গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ থকা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল আয়োজন কৰাৰ দুটা দিন পিছতে গৌৰৱ গগৈক ৰাজ্য চৰকাৰে নিৰাপত্তাৰক্ষী প্ৰদান কৰা কাৰ্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত (Gaurav Gogoi Security)। বিষয়টোৱে মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে বিভিন্ন মাধ্যমত।

উল্লেখযোগ্য যে, যোৱা দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ তদন্তৰ বাবে গঠন কৰি দিয়া এচ আই টিৰ প্ৰতিবেদন সদৰী কৰি অধিক তদন্তৰ বাবে গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ বিষয়ে সংবাদ মাধ্যমক অবগত কৰিছিল। তেওঁ মন্তব্য কৰিছিল যে, অসম আৰক্ষীৰ দ্বাৰা গঠিত বিশেষ তদন্তকাৰী গোটৰ তদন্তৰ ক্ষমতা সীমিত। সেয়ে তেওঁলোকে এই বিষয়টোৰ কিছু অংশহে তদন্ত কৰিছে। গতিকে সমগ্ৰ বিষয়টো যিহেতু ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ লগত জড়িত গতিকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে যাতে বিষয়টো তদন্ত কৰে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল অনুষ্ঠিত কৰাৰ এটা দিন পিছতেই অৰ্থাৎ সোমবাৰে সংবাদ মেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ সংবাদমেল চুপাৰ ফ্লপ শ্ব’ হোৱা বুলি মন্তব্য কৰে। সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেশৰ নিৰাপত্তাজনিত এটা বিষয় ৬ মাহে কিয় গাপ দি ৰাখিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰাৰ বাবে পত্নী পাকিস্তানত আছিল আৰু সেই সূত্ৰেহে তেওঁৱো পাকিস্তানলৈ গৈছিল বুলি মন্তব্য কৰিছিল। সংবাদ মেলখনতে গগৈয়ে তেওঁক প্ৰাক্তন সভাপতি সকলে যি আৰক্ষীৰ নিৰাপত্তা লাভ কৰিছে তেওঁ লাভ কৰা নাই বুলি মন্তব্য কৰি কয় “বহুতে মোক সন্ধিয়া ঘূৰিবলৈ বাধা দিয়ে। লগত আৰক্ষী নথকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ যুৱ সদস্য সকলক লৈ যাবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে হয়তো অসমৰ ভিতৰত এটা পৰিস্থিতি সৃষ্টিৰ চেষ্টা কৰিছে। কিন্তু আমি ভয় নকৰো।”

সোমবাৰে সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰাপত্তাৰক্ষীৰ বিষয়ে তথা তেওঁৰ সুৰক্ষাৰ বিষয়টো উপস্থাপন কৰাৰ এটা দিন পিছতেই মঙলবাৰে ৰাজ্য চৰকাৰে তেওঁক এখন বিশেষ বাহনসহ তিনিজন নিৰাপত্তাৰক্ষী প্ৰদান কৰে।

এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে, গুৱাহাটীৰ আৰক্ষীয়ে সোমবাৰে এটা বিশেষ গোচৰ পাইছে। কংগ্ৰেছৰ ভিতৰৰ পৰাই তেওঁলোকে মাৰপিটৰ নাটক ৰচনা কৰিব বিচাৰিছে। ভিতৰৰ পৰাই সহানুভূতি ল’বলৈ এই নাটক কৰিছে। এই ষড়যন্ত্ৰ সম্পৰ্কত এজন মানুহো আটক হৈছে। গুৱাহাটী আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। চাৰি পাঁচ দিনৰ পিছত এই সম্পৰ্কত বিষদ ক’ব পৰা যাব। সেই পৰিপ্ৰেক্ষিততে গৌৰৱ গগৈৰ নিৰাপত্তাৰক্ষী বঢ়াই দিয়া হৈছে।” তেওঁ লগতে কয়, ‘ কংগ্ৰেছে inclusive mind নামৰ এটা দল আনিছে। তেওঁলোকে পৰিকল্পনা কৰে, কংগ্ৰেছে কাৰ্যকৰী কৰে। তেওঁলোকৰ মাজৰে এজনে গোচৰ দিছিল। গোচৰ দিয়া জনে কৈছিল এনেকুৱা পৰিকল্পনা চলি আছে। অসমীয়া মানুহ হিচাপে মই টান পাইছো।”

তাৎপৰ্যপূৰ্ণ যে সাংসদ গৌৰৱ গগৈয়ে সংবাদ মেলত তেওঁৰ নিৰাপত্তাৰ দিশটো উল্লেখ কৰি চৰকাৰক সমালোচনা কৰাৰ এটা দিন পিছতে গৌৰৱ গগৈক মাৰপিট কৰাৰ ষড়যন্ত্ৰ ফাদিল হোৱা ঘটনা কাকতলীয় সংযোগ নে আন কিবা তাকলৈ প্ৰশ্ন উত্থাপন হৈছে।

তদুপৰি গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সংযোগ থকাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেল আয়োজন কৰাৰ পিছতে শাসকীয় দলৰ নেতা-পালিনেতা সকলে পাকিস্তানৰ এজেণ্ট বুলি অভিযুক্ত বিৰোধী দলৰ উপ দলপতি জনৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেনে সময়ত তেওঁক এচক’ৰ্ট গাড়ী সহ নিৰাপত্তাৰক্ষী প্ৰদান কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে।

লগতে পঢ়কঃ প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান লিংক: স্পষ্টীকৰণ দিলে গৌৰৱ গগৈয়ে


Advertisement