নিউজ ডেস্কঃ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কালি দিয়া এক ভাষণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে তদানীন্তন কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ গৈ দিয়া এই মন্তব্যই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালৰ প্ৰতিয়েই অভিযোগৰ আঙুলি উঠাইছে (Himanta Biswa Sarma Corruption)।
উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ স্বাস্থ্য খণ্ডৰ ২০৯২ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰিবলৈ আহি দিয়া ভাষণত কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ গৃহমন্ত্ৰী শ্বাহে মন্তব্য কৰিছিল যে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত বছৰি ডেড়শ কোটি টকা উলিয়াই নিয়া বুলি মন্তব্য কৰি জন্ম নোহোৱা ৯ লাখ শিশুৰ চিকিৎসা, দুখীয়াৰ চিকিৎসা আৰু ৩৯০ টা অংগনবাড়ী কেন্দ্ৰৰ নামতো ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰিছিল। গৃহমন্ত্ৰী শ্বাহে কৈছিল যে, বিজেপিৰ পূৰ্বে ১৫ বছৰ অসমত শাসন কৰা কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰধানমন্ত্ৰীজন অসমৰ পৰাই নিৰ্বাচিত হোৱা ব্যক্তি আছিল। তাৰ পিছতো অসমৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্য শিক্ষা খণ্ডৰ উন্নয়নত গুৰুত্ব দিয়া নাছিল।
গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যই তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে অভিযোগৰ কাঠগড়াত থিয় কৰাইছে বুলি চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত চৰ্চা হোৱা মতে গৃহমন্ত্ৰী অমিত শ্বাহে যি সময়ত অসমৰ স্বাস্থ্য খণ্ডত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আনিছে সেই সময়ত স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
সেই সময়ত সংঘটিত এই দুৰ্নীতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে হৈছিল নে অজ্ঞাতে হৈছিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে। তদুপৰি এই দুৰ্নীতি সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী জনৰ অজ্ঞাতে হৈছিল তেন্তে পৰৱৰ্তী সময়ত ডঃ শৰ্মাই কিয় এই বিষয়টো ৰাজহুৱা নকৰিলে বা বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উঠিছে।
কংগ্ৰেছ নেতা পৱন খেৰাৰ প্ৰতিক্ৰিয়া
কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাই গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কয়, “গৃহমন্ত্ৰী অমিত শ্বাহে ভাষনত কৈছিল যে অসমত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে ডেড়শ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে। সেই সময়ত মঞ্চত ডঃ হিমন্ত বিশ্ব শৰ্মাও আছিল। তেওঁ কংগ্ৰেছৰ ১৫ বছৰ স্বাস্থ্য মন্ত্ৰী আছিল। গতিকে গৃহমন্ত্ৰী অমিত শ্বাহে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণিত কৰিথৈ গ’ল। গতিকে আমি গৃহমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো যে আপুনি মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিছে নে? তেওঁৰ বিৰুদ্ধে চি বি আই আৰু ইডিৰ দ্বাৰা তদন্ত কৰিছে নে? আমি এই কথা জানিব বিচাৰিছো।

