War of Words Between Himanta Biswa Sarma and Gaurav Gogoi Over Pakistan Visit and Visa Issueপাকিস্তান প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ

গুৱাহাটীঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধই অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে (Himanta Biswa Sarma Gaurav Gogoi Pakistan Row)।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি সাংসদ গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কত মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে সোমবাৰে সাংসদ গৌৰৱ গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি কয়, “মোৰ নাবালক সন্তানৰ ব্যক্তিগত কথা সম্পৰ্কত প্ৰশ্ন সোধাটো ভুল।ই আইন বিৰুদ্ধ। তেওঁৰ ওপৰত কিমান গোচৰ হব ঠিক নাই।”

ইয়াৰ উত্তৰত সোমবাৰে পুনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “তেওঁ গোচৰ দিলে মই ভাল পাম। কাৰণ ল’ৰা ছোৱালী দুগৰাকী ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম কেনেকৈ বাপেক মাকে পৰিবৰ্তন কৰালে। প্ৰকৃত গোচৰ গৌৰৱ গগৈৰ ওপৰতহে হ’ব। তেওঁলোক প্ৰাপ্তবয়স্ক নহওতেই তেওঁলোকে অনুমতি প্ৰদানৰ বয়স নহওতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিবৰ্তন কৰিছে। সংবিধান বা আইনে এই অনুমতি প্ৰদান কৰা নাই।”

সাংসদ গৌৰৱ গগৈয়ে বাংলাদেশৰ এটা ঈদগাহৰ সন্মুখত এজন মৌলানাৰ লগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একেলগে উঠা এখন ফটো দেখুওৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ” এই মৌলানাজনৰ লগত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ গৌৰৱ গগৈৰ সম্পৰ্ক ঘনিষ্ঠ। ফটোত থকা মৌলানাজন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰলৈও আহিছে। মাছখোৱাৰ এটা ঘৰত সাংসদ গৌৰৱ গগৈয়ে এই মৌলানাজনক লগো পাইছে। কংগ্ৰেছত থাকোতে মই বহু মৌলানাক লগ পাইছো। যি সকলৰ লগত উঠা ফটো মই নিজে সামাজিক মাধ্যমত দিছো।”

আনপিনেদি সোমবাৰে সংবাদ মেলত সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা সম্পৰ্কত গগৈয়ে কয়, “মোৰ পত্নীয়ে ২০১২ চনত এটা বছৰ আন্তঃৰাষ্ট্ৰীয় এক কাৰ্যসূচীৰ বাবে পাকিস্তানত আছিল (Gaurav Gogoi Pakistan visit)। তাত তেওঁ আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰিছিল। তাত তেওঁ কেনেদৰে আছিল, পাকিস্তানৰ দৰে দেশত কেনেদৰে অকলে আছিল, ক’ত বজাৰ কৰিছিল, ক’ত খানা খাইছিল সেইবোৰ চাবলৈ গৈছিলোঁ। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কটাক্ষ কৰি কয়, ” অসমৰ মানুহক মুৰ্খ বুলি ভাবিছে নেকি? ক’ত বজাৰ কৰিব, ক’ত কাপোৰ কিনিবলৈ চাবলৈ গৈছিল। এজন ভাবী মুখ্যমন্ত্ৰীৰ মুখেদি এইবাৰ কথা ওলাই নেকি? যে মই পাৰ্কখন চাবলৈ গৈছিলোঁ, বজাৰ কৰা দোকান চাবলৈ গৈছিলোঁ। তেওঁ ফটোবোৰ দেখুৱাওক। ক’ত গৈছিল, সেই স্থানবোৰ।”

গৌৰৱ গগৈয়ে সংবাদ মেলত তক্ষশীলালৈ যোৱা বুলি মন্তব্য কৰি কয় ,” ইছলামাবাদৰ পৰা তক্ষশীলা বেছি দূৰত্বত নহয়। গতিকে আমি ইছলামাবাদৰ পৰা তক্ষশীলালৈ গৈছিলো। কাৰণ তক্ষশীলাৰ ইতিহাস আছে (Taxila visa controversy)।”

ইয়াৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে কয়,” তক্ষশীলা লাহোৰ, ইছলামাবাদ বা কৰাচীত নহয়। তক্ষশীলা ৰাৱালপিণ্ডিতহে। তক্ষশীলা লৈ যাবলৈ ৰাৱালপিণ্ডিৰ ভিচা ল’ব লাগে। গৌৰৱ গগৈৰ ভিচাত লাহোৰ, কৰাচী আৰু ইছলামাবাদৰ ষ্টাম্প আছে। তেওঁক ৰাৱালপিণ্ডি বা তক্ষশীলালৈ কেনেকৈ গ’ল। ভিচা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈ তেওঁ কেনেকৈ গ’ল। তেওঁ উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে।” মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, “লাহোৰত এম্বেচী নাথাকে। পাকিস্তানী এম্বেচী ভাৰত বা বাংলাদেশত থাকে। তেওঁ বিচাৰ বিচাৰিছিল তক্ষশীলাৰ তেওঁক ভিচা দিলে ইছলামাবাদ আৰু কৰাচীৰ। গৌৰৱ গগৈয়ে লাহোৰত গৈ কোনোবা বিশেষ ব্যক্তি এজন পালে, যিজনে তেওঁক এদিনৰ ভিতৰতে ইছলামাবাদ আৰু কৰাচীত ভিচা কৰি দিলে। কিন্তু তক্ষশীলালৈ যাবলৈ ৰাৱালপিণ্ডিৰ ভিচা লাগিব। ৰাৱালপিণ্ডি পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় আছে। তক্ষশীলা ইউনেস্কো হেৰিটেজ চাইট। যদি ভিচাত লিখা নাথাকে এৰাউণ্ড টু ভিজিট তক্ষশীলা বা এৰাউণ্ড টু ভিজিট ৰাৱালপিণ্ডি তেন্তে তক্ষশীলাৰ গেটত সোমাবলৈ অনুমতি নাপায় আৰু তৎক্ষণাত গ্ৰেপ্তাৰ হ’ব। গতিকে মই গৌৰৱ গগৈক বিনম্ৰতাৰে কম কাইলৈ সংবাদ মেল অনুষ্ঠিত কৰি ইছলামাবাদৰ পৰা ৰাৱালপিণ্ডি তেওঁ কেনেকৈ পালে সেই বিষয়ে জনাওক।”

ইপিনে পাকিস্তানলৈ যোৱাটো অপৰাধ নহয় বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “কেপ্টেইন জিন্টু গগৈৰ ঘৰত গৈ গৌৰৱ গগৈয়ে এইখিনি কথা ক’ব পাৰিবনে ? কাৰ্গিলৰ শ্বহীদ সকলৰ ঘৰত গৈ এইখিনি কথা ক’ব পাৰিব নে? পাকিস্তানলৈ যোৱাটো অপৰাধ নহয়।” সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলৰ বিধবা পত্নীৰ ওচৰত গৈ গৌৰৱ গগৈয়ে ক’ব পাৰিব নে এনে মন্তব্য বুলি ও মুখ্যমন্ত্ৰী য়ে প্ৰশ্ন কৰে।

লগতে পঢ়কঃ প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান লিংক: স্পষ্টীকৰণ দিলে গৌৰৱ গগৈয়ে


Advertisement