Himanta Biswa Sarma Sparks Controversy with Strong Remarks Against Miya Community in Assamমিঞাসকল কষ্ট পায়েই থাকিব: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ সংবাদ মাধ্যমৰ সন্মুখত পুনৰ এবাৰ মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma Miya remark Assam)। শনিবাৰে বৰক্ষেত্ৰীত এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ৰাইজৰ দল, কংগ্ৰেছ দলৰ লগতে মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমত মিঞাৰ ৰাজত্ব চলিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “অখিল গগৈয়ে মিঞাৰ মাজত সোমাই বহু নকবলগীয়া কথা কৈছে। যিধৰণে অখিল গগৈয়ে কথা কৈ আছে তাৰ পৰা এটা কথা ক’ব পাৰি যে, অসমত মিঞাৰ ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব।”

কংগ্ৰেছক কটাক্ষ:

কংগ্ৰেছকো কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কংগ্রেছৰ মনোনয়নৰ যিদিনা অন্তিম তাৰিখ আছিল সেইদিনা গোটেই গুৱাহাটীখনতে মিঞা মানুহে ভৰ্তি হৈ গ’ল। তেওঁলোকে কৈছে সাত শ লোকে আবেদন কৰিছে তাৰে ৬ শই মিঞা সম্প্ৰদায়ৰ। ঘূৰাই নাপাওঁ বুলি জানিও ৫০ হাজাৰকৈ টকাও দিছে মিঞাই। বিজেপিক হেৰুৱাবলৈ মিঞাই সেই টকা দান দিছে। প্ৰাৰ্থীত্ব নাপাওঁ বুলি জানিও ৫০ হাজাৰ টকা দিছে। কিছুদিন পূৰ্বে কংগ্ৰেছে জিলা সমিতিসমূহলৈ দুই-তিনি লাখকৈ টকা দিছে, সেইটোও মিঞাসকলে দিয়া টকাৰ পৰাই দিছে। মিঞাসকলে বিজেপিক হৰুৱাবলৈ এইটো এটা জেহাদ হিচাপে লৈছে। আবেদনৰ কৰিবলৈ গুৱাহাটীত যিধৰণে মিঞাই ভিৰ কৰিছে যদি কংগ্ৰেছ চৰকাৰ হয় তেতিয়া শপত গ্ৰহণৰ দিনা কিমান মিঞা গুৱাহাটীত সোমাই যাব চিন্তা কৰক।” মই থাকোতে এনেকৈ মানুহ লৈ গুৱাহাটী আহিবলৈ ভয় কৰিছিল। এতিয়া ভয় নোহোৱা কৰি দিলে। নেতাই যেতিয়া পাকিস্তানী ভয় কিয় কৰিব? “

মিঞাৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ মুখ্যমন্ত্ৰী

অসমৰ মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে পুনৰ এবাৰ সোচ্চাৰ হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ সন্মুখত মিঞা সম্প্ৰদায়ক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “মিঞাসকলক কিছু জাননী দি দিগদাৰী কৰি থাকিব লাগিব নহলে মিঞাসকল মূৰৰ ওপৰত উঠি যাব। SR অথৱা উচ্ছেদৰ নামত মিঞাসকলক কষ্ট দিয়েই থাকিব লাগিব। জাননী দিয়াৰ দৰে উৎপাত কৰি থাকিব লাগিব। দুখীয়া, দৰিদ্ৰ মিঞা, হিন্দু সকলোৰে লগত আছোঁ। কিন্তু অসমীয়া জাতিক ক্ষতি কৰিব বিচৰা সকলৰ লগততো থাকিব নোৱাৰো। SR ত কোনো হিন্দু মানুহৰ নামত জাননী প্ৰেৰণ কৰা হোৱা নাই।

লগতে পঢ়কঃ জানুৱাৰী মাহতে ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্যঃ মুখ্যমন্ত্ৰী


Advertisement