Massive Public Response to Jan Ashirwad Yatra Assam Led by CM Himanta Biswa Sarmaমুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰালৈ ৰাইজৰ ব্যাপক সঁহাৰি

নগাঁওঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিৰে পৰা আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী দেওবাৰে মৰিগাঁও আৰু নগাঁও জিলাত ৰূপায়ণ কৰে (Jan Ashirwad Yatra Assam)। শনিবাৰে শোণিতপুৰ জিলাৰ বৰছলাৰ গুপ্তেশ্বৰ মন্দিৰত পূজা-অৰ্চনাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰিছিল। দেওবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা মৰিগাঁও জিলাৰ জাগীৰোডত উপস্থিত হয় ।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ দেওশাল মন্দিৰৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰি সন্ধিয়া নগাঁও জিলাত উপস্থিত হয়হি। কাৰ্যতঃ জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই মধ্য অসমত নিৰ্বাচনী ৰণ ডংকা বজায়।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ আগমনক কেন্দ্ৰ কৰি নগাঁও-বটদ্ৰৱা সমষ্টি আৰু ৰহা সমষ্টিৰ পথৰ দুয়োকাষে লোকে লোকাৰণ্য হৈ পৰে। অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰত অনন্য মাত্ৰা প্ৰদান কৰি বিজেপিয়ে কালিৰে পৰা আৰম্ভ কৰা “জন আশীৰ্বাদ যাত্ৰা”ই দেওবাৰে মৰিগাঁও – নগাঁও জিলাত ৰাইজৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয়। অসমত একেৰাহে তৃতীয় বাৰলৈ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দল জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে নিৰ্বাচনী ৰণক্ষেত্ৰত প্ৰৱল আত্মবিশ্বাস ,প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে নামি পৰিছে।

এই যাত্ৰাৰ দ্বিতীয় দিনা “জন আশীৰ্বাদ যাত্ৰা”ত সামৰি লোৱা বিধানসভা সমষ্টি কেইটা হ’ল মৰিগাঁও জিলাৰ জাগীৰোড আৰু মৰিগাঁও বিধান সভা সমষ্টিৰ লগতে নগাঁও জিলাৰ ৰহা,নগাঁও- বটদ্ৰৱা আৰু বঢ়মপুৰ বিধানসভা সমষ্টি। এই যাত্ৰাত মুখ্যমন্ত্ৰীয়ে সমষ্টি কেইটাত বিশাল সমদলত অংশগ্ৰহণ কৰে। সমষ্টি কেইটাৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ ৰাইজ ,দলীয় কৰ্মী ,সমৰ্থকে মুখ্যমন্ত্ৰী আৰু বিজেপি নেতৃত্বক উষ্ম আদৰণি জনোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।

হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে “আকৌ এবাৰ মোডি চৰকাৰ” , “হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ” ,”দিলীপ শইকীয়া জিন্দাবাদ” ,”পীয়ুষ হাজৰিকা জিন্দাবাদ “, “বিজেপি জিন্দাবাদ ” ,”ভাৰত মাতা কি জয়” আদি ধ্বনি দি সমষ্টি কেইটাত এক উৎসব মুখৰ পৰিবেশৰ সৃষ্টি কৰে। বিজেপিৰ এই আশীৰ্বাদ যাত্ৰা আজি বিশাল জনসমুদ্ৰলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হয়।

মুখ্যমন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বিকশিত ,সুৰক্ষিত অসম গঢ়াৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ আশীৰ্বাদ আৰু মৰম বিচাৰি আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ,মন্ত্ৰী পীয়ুষ হাজৰিকা ,বিধায়ক ক্ৰমে ৰমাকান্ত দেউৰী , ৰূপক শৰ্মা , শশীকান্ত দাস ,জিতু গোস্বামী আদি কেবাজনো শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে।

জাগীৰোড ,মৰিগাঁও হৈ ৰহা নগাঁও আৰু বঢ়মপুৰলৈ এই যাত্ৰাৰ পথছোৱা লোকে লোকাৰণ্য হৈ পৰে। সমগ্ৰ যাত্ৰাৰ পথছোৱাত ৰাইজে দবা ,খোল , তাল বিভিন্ন জনগোষ্ঠীয় নৃত্য ,বিহু নৃত্যই মুখৰিত কৰি তোলে।জাগীৰোড- মৰিগাঁও হৈ এই যাত্ৰা আগবাঢ়ি আহি ৰহা সমষ্টিৰ বাৰপুজীয়া অঞ্চলত প্ৰৱেশ কৰে। ইয়াতো বৃহৎ সংখ্যক ৰাইজ ,দলীয় কৰ্মী আৰু সমৰ্থকে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক বিপুল আদৰণি জনায়।

আদৰণি গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে আমি অসমক বিকাশৰ নতুন বাটেৰে লৈ যাম। তেওঁ লগতে কয় যে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আকৌ এবাৰ বিজেপিক চৰকাৰ গঠনৰ সুযোগ দিয়ক। ইয়াৰ পিছত ৰহাত ৰাইজ ,বিজেপি নেতা, কৰ্মীয়ে আদৰণি জনোৱাৰ পিছত ডিমৌ চাৰিআলিত কেবাখনো গাঁও পঞ্চায়ত এলেকাৰ ৰাইজে আদৰণি জনোৱাৰ পিছত বেবেজীয়াত নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে জামুগুৰি- কুজিডাঁহ, ডিমৌ- বেবেজীয়া- বাংঠাই ,দক্ষিণপাট , তুলসী – দেউৰী ,দেওধৰ গাঁও পঞ্চায়ত এলেকাৰ ৰাইজ আৰু দলীয় কৰ্মী সকলে আদৰণি জনাই মুখ্যমন্ত্ৰীক । সমবেত ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বহুতে ম’বাইল ফোনৰ ফ্লাছ লাইট জ্বলাই জন আশীৰ্বাদ যাত্ৰাৰ দলটোক আদৰণি জনায়।

মুখ্যমন্ত্ৰীয়ে এই জন আশীৰ্বাদ যাত্ৰাৰ মাজতে বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয়ত নতুনকৈ এক কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কেন্দ্ৰীয় প্ৰশাসনীয় ভৱনৰ উদ্বোধন কৰে। বেবেজীয়াৰ পিছত আশীৰ্বাদ যাত্ৰাক নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী আৰু শীৰ্ষ নেতৃত্বক নগাঁও- বটদ্ৰৱা সমষ্টিৰ শেনছোৱা ,লক্ষীনগৰ চাৰিআলি ,নগাঁও বিশ্ববিদ্যালয়ৰ সমীপত , পানীগাঁও চাৰিআলি,ডিমৰুগুৰি আদিত ৰাইজে বিপুল আদৰণি জনায়। ইয়াৰ পিছত আশীৰ্বাদ যাত্ৰাৰ দলটো উৰিয়াগাৱত প্ৰবেশ কৰাৰ লগে লগে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰাইজ ,দলীয় নেতা কৰ্মীয়ে মুখ্যমন্ত্ৰীক আদৰণি জনায়। পুৰণিগুদামৰ কাষৰী গাঁৱত মামা বজাৰ উদ্বোধন কৰে। বঢ়মপুৰ সমষ্টিৰ কেবাটাও স্থানত মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ এই আশীৰ্বাদ যাত্ৰা পুৰণিগুদামত উপস্থিত হয় আৰু ইয়াত মুখ্যমন্ত্ৰীয়ে ৰাইজ আৰু দলীয় কৰ্মী ,সমৰ্থকক সম্বোধন কৰি সমাগত অসম বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰে।

উল্লেখযোগ্য যে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি আমাৰ ৰাইজৰ পৰা যি আশীৰ্বাদ লাভ কৰি আছো তাৰ বাবে আমি অত্যন্ত সুখী আৰু কৃতজ্ঞ । জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতি সঁহাৰি আমাৰ আশাৰ বাহিৰত ।”

যাত্ৰাত প্ৰতিকী ৰূপত জেচিবি ব্যৱহাৰ কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, “এই জে চি বি আমাৰ উচ্ছেদ অভিযানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি । ইয়াৰ পূৰ্বে আমি বেদখলকাৰীৰ পৰা প্ৰায় ১.৫ লাখ বিঘা মাটি সফলতাৰে মুক্ত কৰিছো । নিৰ্বাচনৰ পিছত আমি অতিৰিক্ত ৫ লাখ বিঘা মাটিত উচ্ছেদ কৰিম । আমি সকলো অবৈধ বেদখলকাৰীক বনাঞ্চলৰ ভূমি আৰু ট্ৰাইবেল বেল্ট অঞ্চলৰ পৰা উচ্ছেদ কৰিম । আমি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোচ নকৰো।”

লগতে পঢ়কঃ গেৰুৱা সাজ পৰিধান ভূপেন বৰাৰ


Advertisement