Bulldozer Shower of Flowers Welcomes CM Himanta Biswa Sarma in Nagaon During Jan Ashirwad Yatraবুল্ড’জাৰেৰে উচ্ছেদ নহয়, মুখ্যমন্ত্ৰীলৈ পুষ্পবৃষ্টি নগাঁৱত

নগাঁওঃ বুল্ড’জাৰ। যাৰ শব্দই বিগত সময়ত কঁপাইছিল বহুতক। যাৰ সহায়ত বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। মানে বেদখলৰ বিৰুদ্ধে হোৱা উচ্ছেদ অভিযানত ব্যৱহাৰ কৰা হৈছিল বুল্ড’জাৰ। ৰাজ্যৰ ৰাজনীতিৰ অন্যতম এক ইছ্যুও হৈ পৰিছিল বুল্ড’জাৰ। কিন্তু এইবাৰ উচ্ছেদৰ বিপৰীতে পুষ্পবৃষ্টিৰ বাবেহে ব্যৱহাৰ হৈছে বুল্ড’জাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ বুল্ড’জাৰৰ সহায়ত পুষ্পবৃষ্টি হ’ল নগাঁৱৰ ৰাজপথত। দেওবাৰে নিশা এনে এক পৰিবেশ বিৰাজ কৰিলে নগাঁৱৰ ৰাজপথত (Jan Ashirwad Yatra)।

নিশা এক বজালৈকে ৰাইজৰ ব্যাপক সঁহাৰিৰ মাজত জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। নিশা এক বজালৈকে নগাঁৱৰ জনতাৰ আৰ্শীবাদ বিচাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰৰ পৰা আৰম্ভ কৰা জন আৰ্শীবাদ যাত্ৰাৰ দ্বিতীয় দিনা দেওবাৰে দুপৰ নিশালৈকে জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনালে নগাঁৱৰ জনতাই।

মৰিগাঁৱত জনতাৰ আৰ্শীবাদ বিচাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

বিয়লি ভাগত নগাঁৱৰ ৰহা বিধানসভা সমষ্টিত জন আৰ্শীবাদ যাত্ৰা কৰি সন্ধিয়া বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ পালনাম থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনিৰ্মিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটো মুকলি কৰে। আছুতীয়া পুঁজিৰে এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটোৰ ২০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই আধাৰশিলা স্থাপন কৰিছিল । ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই একশৰণ ভাগৱতী সমাজৰ ভকত-বৈষ্ণৱ সকলৰ সৈতে আলোচনাত মিলিত হয়।

নিশা নগাঁও চহৰত উপস্থিত হৈ জনতাৰ আৰ্শীবাদ বিচাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত উপস্থিত হোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বুল্ড’জাৰৰ সহায়ত পুষ্পবৃষ্টিৰে আদৰণি জনায় নগাঁৱৰ জনতাই। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত কৰা জন আৰ্শীবাদ যাত্ৰাত ৰাইজৰ ব্যাপক সঁহাৰিয়ে এক অনন্য পৰিবেশৰ সৃষ্টি কৰে।

নগাঁৱত জন আৰ্শীবাদ যাত্ৰাত উষ্ম আদৰণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক

পৰৱৰ্তী সময়ত নিশা প্ৰায় ১২মান বজাত বিধায়ক জিতু গোস্বামীক লগত লৈ বঢ়মপুৰ বিধানসভা সমষ্টিত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত কেইবাসহস্ৰাধিক লোকক সম্বোধন কৰে। বঢ়মপুৰ বিধানসভা সমষ্টিৰ পুৰণিগুদামত মামা বজাৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নিশা প্ৰায় এক মান বজাত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুটা দিনত পোন্ধৰ ঘণ্টাকৈ জন আৰ্শীবাদ যাত্ৰা কৰাৰ কথা উল্লেখ কৰে।

নগাঁৱত জন আৰ্শীবাদ যাত্ৰাত উষ্ম আদৰণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক

লগতে এইবাৰ নিৰ্বাচনত বিপক্ষক সমালোচনা কৰাৰ বিপৰীতে নিজৰ উন্নয়নমূলক কামৰ বিষয়ে ৰাইজক অৱগত কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰালৈ ৰাইজৰ ব্যাপক সঁহাৰি


Advertisement