গুৱাহাটীঃ জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত কুমাৰ দাসে শনিবাৰে বিজেপিৰ পৰা পদত্যাগ কৰে। এই সম্পৰ্কত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰে (Jayanta Kumar Das Resigns from BJP)। জ্যেষ্ঠ বিজেপি নেতা দাসে অনুসূচিত জাতি লিমিটেডৰ অসম ৰাজ্যিক উন্নয়ন নিগমৰ সঞ্চালক মণ্ডলীৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰে। এই সম্পৰ্কত দাসে পৰিচালন সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। জয়ন্ত কুমাৰ দাসে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।
পদত্যাগ পত্ৰ খনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সকলো দায়িত্ব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে। তেওঁ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।
পদত্যাগ সম্পৰ্কত দাসে সামাজিক মাধ্যমত উল্লেখ কৰে, “অত্যন্ত গধুৰ মনেৰে আজি মই মোৰ সুদীর্ঘ ৩৫ বছৰীয়া ৰাজনৈতিক আশ্ৰয়স্থল ‘ভাৰতীয় জনতা পাৰ্টি’ৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৯০ দশকৰ পৰা আজিৰ দিনটোলৈকে, দলটোৰ জন্মলগ্নৰ সংগ্ৰামৰ দিনবোৰৰ পৰা আৰম্ভ কৰি চৰকাৰ গঠনৰ সফলতালৈকে—প্ৰতিটো খোজতে মই এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি আহিছিলোঁ। তেজ-ঘাম একাকাৰ কৰি দলীয় আদৰ্শক বুকুত বান্ধি ৰাইজৰ সেৱা কৰাটোৱেই আছিল মোৰ একমাত্ৰ লক্ষ্য।”
তেওঁ লগতে উল্লেখ কৰে, ” দুৰ্ভাগ্যবশত যি দলৰ বাবে মই মোৰ জীৱনৰ সৰ্বস্ব উজাৰি দিলোঁ, সেই দলে আজি নিষ্ঠা আৰু ত্যাগৰ সলনি অন্য সমীকৰণক অগ্ৰাধিকাৰ দিছে। নিৰ্বাচনৰ সময়ত দলীয় টিকটৰ পৰা বঞ্চিত হোৱাটোৱে মোক যিমান কষ্ট দিছে, তাতকৈ অধিক মৰ্মাহত কৰিছে মোৰ ৩৫ বছৰীয়া সেৱাক উপেক্ষা কৰা কাৰ্যই।”
এজন পুৰণি কৰ্মীৰ অনুভৱৰ কোনো মূল্য নাথাকিলে আত্মসন্মান বিসৰ্জন দি সেই স্থানত থকাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি দাসে সামাজিক মাধ্যমত লিখে, “মই দল ত্যাগ কৰিছোঁ, কিন্তু দিছপুৰৰ জনসাধাৰণৰ সেৱাৰ সংকল্প ত্যাগ কৰা নাই। নতুন চিন্তাৰে মই সদায় আপোন দিছপুৰৰ ৰাইজৰ হকে কাম কৰি যাম। পৰম পূজনীয় অটল বিহাৰী বাজপেয়ী দেৱৰ আদৰ্শ, দেশপ্ৰেম মোৰ প্ৰতিটো খোজৰ প্ৰেৰণা। দল ত্যাগ কৰিলেও, তেওঁৰ দেখুৱাই যোৱা নীতিৰ পৰা মই কেতিয়াও বিচ্যুত নহওঁ।”
উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাস দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল। কিন্তু বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে। দুটা দিন পূৰ্বলৈকে বিজেপি সমালোচনা কৰা সাংসদ বৰদলৈয়ে বিজেপি যোগদান কৰিয়েই প্ৰাৰ্থিত্ব লাভ কৰাত ক্ষোভিত হৈ পৰে জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত কুমাৰ দাস।
১৯ মাৰ্চত তেওঁ সংবাদ মেল আয়োজন কৰি দলীয় নেতৃত্বক তীব্ৰভাৱে সমালোচনা কৰিছিল । তেওঁ বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলক উপেক্ষা কৰি শেহতীয়াকৈ কংগ্ৰেছৰ পৰা অহা নেতাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি অভিযোগ কৰিছিল। বিজেপি বৰ্তমান “কংজেপি” হোৱা বুলি ও তেওঁ মন্তব্য কৰিছিল। আনকি বাজপেয়ী ভৱনৰ ৫০১ নম্বৰ ৰ কোঠা ৰ পৰা ফেচবুকৰ ফেক একাউণ্টৰ জৰিয়তে অপপ্ৰচাৰ আৰু মিছা কথা প্ৰচাৰ কৰা হয় বুলিও তেওঁ অভিযোগ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে তেওঁ সমালোচনা কৰিছিল।
ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কয় যে, তেওঁ বিশ্বাস নকৰে যে দাসে শেষত দল এৰি যাব। শুকুৰবাৰে এখন সংবাদমেলত কথা পাতি তেওঁ দাসৰ অসন্তুষ্টিক স্বীকাৰ কৰে যদিও দলীয় ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “টিকট নোপোৱাৰ পিছত তেওঁ যি কৈছে, সেইটো শুনি মোৰো দুখ লাগিছিল। কিন্তু এজন মন্ত্ৰী হিচাপে এইধৰণৰ পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হয়। ‘অমৃত মন্থন’ হোৱাৰ সময়ত যিদৰে বিষ আৰু অমৃত দুয়োটা ওলাইছিল, তেনেদৰে ৰাজনীতিতো এনে সময় আহে। তথাপিও মই বিশ্বাস কৰোঁ যে জয়ন্ত কুমাৰ দাসে দলত্যাগ নকৰে। আমি এই দলটো এটা পৰিয়ালৰ দৰে গঢ়ি তুলিছোঁ, আৰু মই নাভাবোঁ যে কোনোবাই ইয়াক এৰি যাব।”

