নগাঁওঃ এপিনে জনতাক ১২৫০ টকাৰ আচঁনি দি প্ৰলোভিত কৰিছে, আনপিনেদি মন্ত্ৰী-বিধায়কৰ কোটিৰ হিচাপত সম্পত্তি। সম্প্ৰতি ই হৈছে বাস্তৱ সত্য। ৰাজ্য চৰকাৰখনৰ এগৰাকী বিধায়কৰ বিগত ৫ বছৰীয়া কাৰ্যকালত বৃদ্ধি পালে ৭ কোটি ২০ লাখ ১৪ হাজাৰ ৪০৯ টকা। আচৰিত হলেও ই কিন্তু সত্য (Jitu Goswami Asset Growth)।
উল্লেখযোগ্য যে বিধায়ক জিতু গোস্বামীয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়ন পত্ৰৰ লগত দাখিল কৰা সম্পত্তিৰ তালিকাত সেই সময়ত তেওঁৰ মুঠ সম্পত্তি আছিল ১৪ কোটি ৯৯ লাখ ৬৮ হাজাৰ ৩২৯ টকা। কিন্তু ২০২৬ চনত তেওঁৰ সম্পত্তিৰ পৰিমান হয় ২২ কোটি ১৯ লাখ ৮২ হাজাৰ ৭৩৮ টকা।
২০২১ চনত তেওঁৰ অস্থাৱৰ সম্পত্তি আছিল ২ কোটি ৬০ লাখ ৯৪ হাজাৰ ৩৬৪ টকা। পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান আছিল ২ কোটি ২১ লাখ ৬৫ হাজাৰ ৫১৯ টকা। ২০২৬ চনত তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান হয় ২ কোটি ৮৪ লাখ ১০ হাজাৰ ৪৯০ টকা। পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান হয় ২ কোটি ৮২ লাখ ৮৩ হাজাৰ ৫৫৭ টকা। সন্তানৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ২১ লাখ ৮৮ হাজাৰ ৬৮৭ টকা।
ইপিনে ২০২১ চনত স্থাৱৰ সম্পত্তিৰ পৰিমান আছিল ৮ কোটি ৯০ লাখ টকা। পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমান হয় ১ কোটি ২৬ লাখ ৫০ হাজাৰ টকা। অৰ্থাৎ ১০ কোটি ১৬ লাখ ৫০ হাজাৰ টকা।
২০২৬ চনত তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমান হয় ১২ কোটি ৪৯ লাখ ৫০ হাজাৰ টকা। পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমান হয় ৩ কোটি ৬১ লাখ ৫০ হাজাৰ টকা। সন্তানৰ নামতো ২০ লাখ টকাৰ স্থাৱৰ সম্পত্তি হয়। কেৱল ইমানেই নহয় বিধায়ক হোৱাৰ পিছতেই জিতু গোস্বামীয়ে পত্নীৰ নামত হাৰিয়ানাৰ ফৰিদাবাৰ চেক্টৰ ১৪৯ গাঁও চিক্ৰিত ৩.৩৫ একৰ ভূমি ক্ৰয় কৰে।
তদুপৰি ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দিয়া মনোনয়ন পত্ৰৰ সম্পত্তিৰ তালিকাত তেওঁ পত্নীৰ বিপৰীতে চামগুৰিৰ মিছাত দাগ নং ৩৪৭/৭০৯ আৰু পট্টা নং ১০৫ ৰ বিপৰীতে ৮ বিঘা ৪ কঠা ১২ লেচা মাটি থকা উল্লেখ আছে। কিন্তু ২০২১ চনৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰা তালিকাত অৱশ্যে সেই কথা উল্লেখ নাই।
তাৎপৰ্যপূৰ্ণ যে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তিনিটা অপৰাধ জনিত গোচৰ ৰুজু হৈ আছে। গোচৰ নং ৩/১৩ নম্বৰৰ বিপৰীতে গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতত গোচৰ ৰুজু হৈ আছে। ১১/০৯ নম্বৰত আন এক গোচৰ চি বি আই বিশেষ আদালতত ৰুজু হৈ আছে আৰু ৯/১৮ নম্বৰত ই ডিৰ বিশেষ ন্যায়াধীশৰ ওচৰতো আন এটা গোচৰ ৰুজু হৈ আছে। তাৎপৰ্যপূৰ্ণ যে প্ৰতিটো গোচৰতে বিধায়ক গোস্বামীৰ বিৰুদ্ধে প্ৰৱঞ্চনা অভিযোগ আছে। সেয়ে তেওঁৰ বিৰুদ্ধে ১২০(বি), ৪২০, ৪৬৭, ৪৭১ ধাৰা ৰুজুহৈ আছে। অৱশ্যে তেওঁ কোনোটো গোচৰতে বৰ্তমানলৈকে দোষী সাব্যস্ত হোৱা নাই।

