নগাঁও: অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon Assembly Election 2026)। জিলাখনৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৫ নং ধিং, ৫৬ নং ৰূপহী, ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব।
ইয়াৰ বিপৰীতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত ৫৯ নং বঢ়মপুৰ আৰু ৫৭ নয কলিয়াবৰ সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব। আনহাতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৬০ নং নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি আৰু ৬১ নং ৰহা বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব বুলি আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সদৰি কৰে।
আনহাতে জিলাখনত সৰ্বমুঠ ১৮৬৮ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰে মহিলাৰ দ্বাৰা পৰিচালিত ২০০ টা ভোট কেন্দ্ৰ থাকিব। জিলাখনৰ ৭টা বিধানসভা সমষ্টিড় ১৫৯ টা ক্ৰিটিকেল ভোট কেন্দ্ৰ চিহ্নিত কৰা হৈছে ।
আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত চিচিটিভি সংস্থাপন কৰা হ’ব বুলি জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে। নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৮ টা কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়ন কৰা হ’ব। য’ত ২৮০০ হাজাৰ আৰক্ষী আৰু অসামৰিক বাহিনীৰ লোকে ভোটগ্ৰহণ কেন্দ্ৰ সমূহত নিৰাপত্তা দিব ।
লগতে নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৬৪ টা ফ্লায়িং স্কুৱাৰ্ড দল গঠন কৰা হৈছে বুলি সংবাদমেলতে জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে একোজন অতিৰিক্ত জিলা আয়ুক্তৰ তত্বাৱধানত একোটা কোষ গঠন কৰাৰ বিষয়ে জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া শেখৰণ ফুকন আৰু জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।
লগতে পঢ়কঃ Nagaon Assembly Election 2026: Voting to be Held at 1868 Polling Stations in Nagaon

