Nagaon Batadrava Constituency 2026: Who Will Be Congress and BJP Candidates?নগাঁও-বটদ্ৰৱা সমষ্টিত কোন হব কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থী

নগাঁওঃ মধ্য অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে নগাঁও-বটদ্ৰৱা সমষ্টি। এসময়ত নগাঁও সদৰ সমষ্টিত হিচাপে পৰিচিত এই সমষ্টিটো পুনৰ্নিদ্ধাৰণৰ পিছত নগাঁও-বটদ্ৰৱা সমষ্টি নাম পায় (Nagaon Batadrava Constituency 2026)। এই সমষ্টিটোৰ পৰা পূৰ্বতে কংগ্ৰেছ,অগপ, চি পি আই আদি বিভিন্ন দলৰ প্ৰাৰ্থী জয়ী হৈছিল।

মৰ্যাদা সম্পন্ন এই সমষ্টিটোৰ পৰা প্ৰথিতযশা সাহিত্যিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দেৱকান্ত বৰুৱাৰ দৰে ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি মহেন্দ্ৰ নাথ হাজৰিকা, ফনী বৰা, মতিৰাম বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মুকুট শৰ্মা আদিৰ দৰে ব্যক্তিয়েও নগাঁও সদৰ সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল। ১৯৫৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দেৱকান্ত বৰুৱা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এই সমষ্টিটোৰ পৰা নিৰ্বাচিতহৈ বিধায়ক হৈছিল। ১৯৯৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছিল।

১৯৯৬ চনত অগপ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা নগাঁও সদৰ সমষ্টিৰ পৰা বিজয়ী হয়। ইয়াৰ পৰৱৰ্তী দুটা বিধানসভা নিৰ্বাচন তথা ২০০১ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজয়ী হৈছিল। অৱশ্যে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ দুৰ্লভ চমুৱা বিজয়ী হয়। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে সমষ্টিটো বিজেপিৰ দখলত আছে। ২০১৬ আৰু ২০২১ সমষ্টিটোৰ পৰা বিজয়ী হৈছিল বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা। তেতিয়া পৰা তেওঁ সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কোন হব বিজেপি প্ৰাৰ্থী

সমাগত বিধানসভা নিৰ্বাচনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কোন হয় অদ্যপি পৰিস্ফুট হোৱা নাই। কেইবাজনো প্ৰাৰ্থীৰ নাম চৰ্চালৈ অহাৰ লগতে কেইবাজনেও কুচ কাৱাজ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত বিগত দুটা কাৰ্যকাল বিজয়ী হোৱা বিধায়ক ৰূপক শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাউন্সিলৰ সদস্য ব্ৰজেন কাকতি, নগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অভিজিৎ নাথৰ লগতে আন দুজনৰ নামো চৰ্চিত হৈছে। ইয়াৰ ভিতৰত প্ৰাৰ্থিত্বৰ সবল দাবীদাৰ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক ৰূপক শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাউন্সিলৰ সদস্য ব্ৰজেন কাকতি।

উল্লেখযোগ্য যে বিধায়ক ৰূপক শৰ্মাই বিগত দুটা কাৰ্যকালত নগাঁও সদৰ সমষ্টিৰ উন্নয়নৰ বাবে বিভিন্ন কাম সফলতাৰে সম্পন্ন কৰিছে। তেওঁৰ তদাৰকতে নগাঁও চহৰত কেইবাখনো পকী দলং নিৰ্মাণ হৈছে। মৰিকলঙত শ্ৰদ্ধাঞ্জলি উদ্যান স্থাপন হৈছে । নগাওঁ কলঙৰ পাৰৰ ৱাকিং জ’ন নিৰ্মাণ হৈছে । তেওঁৰ তৎপৰতাতে নগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে। কলঙৰ পাৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিত উদ্যান নিৰ্মাণ হৈছে। ভূপেন হাজৰিকা কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে। শেহতীয়াকৈ নগাঁও চহৰত চিটি বাছ সেৱা আৰম্ভ হোৱাটোও বিধায়ক ৰূপক শৰ্মাৰ সফলতাৰ উদাহৰণ।

ইপিনে প্ৰাৰ্থিত্বৰ দাবীদাৰ আনজন ব্যক্তি ব্ৰজেন কাকতি ২০১৪ চনৰ ৭ ডিচেম্বৰত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হয়। তেওঁৰ কাৰ্যকালতে ২০১৬ চনত বটদ্ৰৱা থানৰ ১৫০ বিঘা ভূমি বেদখলমুক্ত হৈছিল। এই ক্ষেত্ৰত কাকতিৰ প্ৰচেষ্টা উল্লেখযোগ্য। কাকতিয়ে এক ইতিবাচক চিন্তাৰে বটদ্ৰৱা থান আৰু দৌল মন্দিৰত দৰ্শন কৰা সকলে অসমৰ জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল। তেতিয়াৰ পৰা সেই পৰম্পৰা বৰ্তমানলৈকে চলি আছে। তদুপৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কাকতিৰ নিৰ্বাচনী কৌশলৰ বাবেই আঙুৰলতা ডেকা বিজয়ী হৈছিল। তেওঁ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বো আছিল। একেদৰে তেওঁ তেজদান আঁচনিৰো সভাপতি ৰ দায়িত্ব ত আছে। কাকতি ১৯৮০ চনৰ পৰা আৰ এচ এচৰ লগত জড়িত। স্বাভাৱিকতে সেয়ে বিধায়ক ৰূপক শৰ্মাৰ লগতে বিজেপি নেতা ব্ৰজেন কাকতিও নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ সবল দাবীদাৰ হৈ পৰিছে। অৱশ্যে কোনে প্ৰাৰ্থিত্ব লাভ কৰে দলৰ শীৰ্ষ মহলেহে ইয়াক নিৰ্বাচিত কৰিব।

কোন হব কংগ্ৰেছৰ প্ৰাৰ্থী

নগাওঁ-বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে এন এছ ইউ আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মৃনাল হাজৰিকাৰ নাম। তেওঁ প্ৰায় ৯ বছৰ ধৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰো সাধাৰণ সম্পাদক হিচাপে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। বিভিন্ন বিষয়ত সততে সৰৱ মৃনাল হাজৰিকাই প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ লগতে নগাঁও বটদ্ৰৱা সমষ্টিৰ চহৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈকে কুচ কাৱাজ আৰম্ভ কৰিছে। অৱশ্যে তেওঁ বিজেপি প্ৰাৰ্থী বিধায়ক ৰূপক শৰ্মাই কিমান প্ৰত্যাহ্বান জনাব পাৰিব তাকলৈও একাংশই সন্দেহ প্ৰকাশ কৰিছে। ইপিনে প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে কুচকাৱাজ চলাইছে। প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও সেই সময়ত কংগ্ৰেছ নেতৃত্বই তেওঁৰ স্থানত শান্তনু শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। তেতিয়াৰ পৰা চমুৱা ৰাজনৈতিক ক্ষেত্ৰখনত কিছু পৰিমাণে নিষ্ক্ৰিয় হৈ আছিল। অৱশ্যে নগাঁও নেহৰুবালিত ভাওনা সমাৰোহ অনুষ্ঠিত কৰাৰ নেতৃত্ব বহনকে ধৰি বিভিন্ন সামাজিক কামত তেওঁ জড়িত আছিল। শেহতীয়াকৈ ডাঃ দুৰ্লভ চমুৱাইও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ লগতেকুচকাৱাজ চলাইছে। কংগ্ৰেছ দলেও কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে অদ্যপি নিশ্চিত হোৱা নাই।

ভাগ্য নিৰ্ণয় কৰিব ১ লাখ ৯৭ হাজাৰ ২৮৪ জন ভোটাৰে

উল্লেখযোগ্য ১ লাখ ৯৭ হাজাৰ ২৮৪ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীজনৰ ভাগ্য । বিশেষ পুনৰীক্ষণৰ পিছত তালিকাভুক্ত হোৱা এই সকল ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৯৫ হাজাৰ ৩৪৮ জন আৰু মহিলা মহিলা ভোটাৰ হৈছে ১ লাখ ১ হাজাৰ ৯৩০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ৬ গৰাকী। সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত সমষ্টিটোত মুঠ পঞ্চায়তৰ সংখ্যা ১৪টা আৰু ৱাৰ্ড ২৬টা। সমষ্টিটোত বঢ়মপুৰ সমষ্টিৰ উৰিয়াগাওঁ, শিঙিয়া পুটনি, তেলিয়া পহুকটা ,ভোটাই পাথৰি, কাটনী, বেঙেনা আটি, ছোটহয়বৰ আৰু মাজৰআটি পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। তদুপৰি
বটদ্ৰৱা সমষ্টিৰ পৰা মাজজাজৰি, দৰঙিয়াল, আইভেটি, ৰাইডংগীয়া আৰু বটদ্ৰৱা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। অন্যহাতেদি পূৰ্বৰ নগাঁও সদৰ
সমষ্টিৰ পৰা বৰ্তমানৰ চামগুৰি সমষ্টি লৈ যোৱা পঞ্চায়ত কেইখন হৈছে ক্ৰমে ভকত গাওঁ,বৰভেটি , হেৰাপতি,কেন্দুগুৰি আৰু লাওগাওঁ। ৰহা সমষ্টি লৈ যোৱা পঞ্চায়ত কেইখন হৈছে ক্ৰমে বেবেজীয়া ,তুলসী দেউৰী, ডাকৰ ঘাট আৰু দক্ষিণপাট ।

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত নগাঁও-বটদ্ৰৱা সমষ্টিত হিন্দু ভোটাৰৰ সংখ্যা অধিক হৈছে। অৱশ্যে কোনো প্ৰাৰ্থিত্ব লাভ কৰে, কোন বিজয়ী হয় সেইয়া অনাগত সময়েহে নিৰ্ণয় কৰিব।

লগতে পঢ়কঃ নগাঁও বটদ্ৰৱাত সাহস গোটাব নোৱাৰা শিবামনি বৰাৰ লক্ষ্য কিয় সংখ্যালঘু অধ্যুষিত ধিং?


Advertisement