মৰিগাঁওঃ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰি সাংসদ পদ ত্যাগ কৰাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ পৰাটো নিশ্চিত হৈ পৰে। হয়তো এক-দুইমাহৰ ভিতৰতে অনুষ্ঠিত হব নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন (Nagaon Lok Sabha By-Election)। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰা বিৰোধী শিবিৰে অদ্যপি উপনিৰ্বাচনকলৈ কোনোধৰণৰ তৎপৰতা অৱলম্বন কৰা নাই। ইয়াৰ বিপৰীতে শাসকীয় বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনকলৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে।
আজি এই উপনিৰ্বাচনৰ বাবেই নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাটত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পীযূষ হাজৰিকাই। হাজৰিকাই লাহৰীঘাট বিধানসভা সমষ্টিৰ বিজেপি কৰ্মকৰ্তা সকলৰ লগত মিলি সাংগঠনিক বিষয় আলোচনা কৰে।
বিধায়ক হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়, ” আসন্ন লোক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত লাহৰীঘাট বিধানসভা সমষ্টিত বিজেপিক শক্তিশালী কৰিবৰ বাবে সমষ্টিটোলৈ আহিছো। আমাৰ কৰ্মকৰ্তা সকল দৃঢ়হৈ আছে। সকলোৱে আশা কৰিছে এইবাৰ আমি ভাল ফলাফল লাভ কৰিম।”
জলসম্পদ মন্ত্ৰীহৈ থাকোতে লাহৰীঘাট বিধানসভা সমষ্টিত কোনেও নকৰা কাম কৰা বুলি উল্লেখ কৰি হাজৰিকাই কয়, “লাহৰীঘাটৰ ১৫ কিলোমিটাৰ মথাউৰি নথকাৰ বাবে সমষ্টিটোৰ অৱস্থা দুখজনক আছিল। মানুহৰ দুখ কুলাই পাচিয়ে নধৰা আছিল। আমি সেই মথাউৰি নিৰ্মাণ কৰিলো। তদুপৰি ৫০০ কোটি টকা ব্যয় সাপেক্ষে লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিলো। লাহৰীঘাট, ধিং, মৈৰাবাৰীৰ মথাউৰি পকীকৰণ কৰিলো। শত্ৰুৱে কব নোৱাৰে আমি কাম কৰা নাই। মন্ত্ৰীহৈ থাকোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত কংগ্ৰেছৰ দি নোহোৱা কাম আমি তিনিবছৰত কৰিছিলো। ইয়াৰ প্ৰতিদান ৰাইজৰ পৰা বিচাৰিম। এইবাৰ হয়তো সফল হম।”
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ইউ চি চি-ৰ বিৰোধিতা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক হাজৰিকাই কয়, ” তেওঁলোকৰ মতলব সদায় একেই। তেওঁলোকৰ মতলব হৈছে বিজেপিয়ে যি কৰিব সেই কামৰ ওলোটাটো কৰা। ভাল-বেয়া বিচাৰ নকৰে। গুৱাহাটীত উৰণীয়া সেঁতুৰ বাবে যানজঁট নহয়। কংগ্ৰেছে সেইটোও বিৰোধিতা কৰে। কেইদিনমানৰ পিছত লাহৰীঘাটত হ’বলগীয়া ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙৰো বিৰোধিতা কৰিব । আমাৰ ভাল কামৰো বিৰোধিতা কৰে বাবে এইবাৰ বিধানসভা নিৰ্বাচনত ৰাইজে প্ৰত্যুত্তৰ দিলে। বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ধূলিস্যাৎ হৈ গ’ল। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে নিজৰ সমষ্টিত ২২-২৩ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছে।
উচ্ছেদৰ প্ৰসংগত তেওঁ য’ত বেদখল আছে, সেই স্থানত উচ্ছেদ হব বুলি কয়।
লগতে পঢ়কঃ বিজয়ী হ’লেই মন্ত্ৰিত্ব লাভ কৰিব প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে!

