Mass Protest Held in Nagaon Under the Call of Ganatantra Suraksha Manchaনগাঁৱত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত গণ অভিবৰ্তন

নগাঁওঃ গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত আজি নগাঁও শ্বহীদ ভৱনত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যৰ নাগৰিক সকলৰ গণতান্ত্ৰিক তথা নাগৰিক অধিকাৰ কাঢ়ি নিব বিচৰাৰ বিৰুদ্ধে, বিশেষকৈ ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ (এচ আৰ) ৰ নামত মুছলমান ৰাইজৰ ওপৰত হাৰাশাস্তি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মুক্ত ভাৱে জনোৱা আহ্বানৰ বিৰুদ্ধে, জীৱন-জীৱিকাৰ অধিকাৰ কাঢ়ি নিয়া অমানবীয় উচ্ছেদৰ বিৰুদ্ধে আৰু পুনৰ সংস্থাপনৰ দাবীত এক বিশাল গণ অভিবৰ্তন অনুষ্ঠিত হয় (Nagaon Mass Protest)।

এই অভিবৰ্তনত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, “বিজেপি চৰকাৰখনে আজিও সংবিধানখন সংশোধন কৰিব পৰা নাই। আজি যদি সচেতন ৰাইজ বহি থাকিলেহেতেন, তেন্তে ইচ্ছা কৰিলেই বিজেপিয়ে সংবিধানখনৰ পৰা কেতিয়াবাই ধৰ্মনিৰপেক্ষ শব্দটো উঠাই দিলেহেতেন। লগতে হিন্দু ৰাষ্ট্ৰৰ নামত আম্বানী-আদানীক দেশখন গতাই দিলেহেতেন। একমাত্ৰ প্ৰতিৰোধৰ কাৰণে কিছু পৰিমাণে হলেও নাগৰিকৰ অধিকাৰ সুৰক্ষিত হৈ আছে।”

বৰঠাকুৰে লগতে কয়, “আজি ন্যায়পালিকাতো বিজেপিয়ে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। লাহে লাহে দেশৰ সকলোবোৰ ইনষ্টিটিউচন তেওঁলোকৰ হাতলৈ নিব বিচাৰিছে। ইমানৰ পিছতো ৰাইজ হতাশ হ’ব নালাগে। ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিব পৰা আন্দোলন গঢ়িব লাগিব। কাৰণ সভ্যতাৰ ইতিহাস প্ৰতিৰোধ ইতিহাস। অন্যায়ৰ বিৰূদ্ধে প্ৰতিৰোধ গঢ়ি তোলাটো প্ৰতিজন সচেতন নাগৰিকৰ দায়িত্ব আছে।” অধিবক্তা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভয় খাবলগা কাৰণ নাই বুলি উল্লেখ কৰি কয় যে তেওঁক ক্ষমতাৰ পৰা আতৰোৱাৰ ৰাস্তা সকলোৱে মিলি লব লাগিব। এই কাম কেৱল ৰাজনৈতিক ভাবেহে সম্ভৱ।

অভিবৰ্তনৰ আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ তথা চিন্তাবিদ ড°জ্যোতিৰ্ময় জানাই বিষ্ণু ৰাভাৰ প্রতি আৰু কৃষক নেতা গোবীন চন্দ্ৰ নাথে জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত অভিৱর্তনৰ কাৰ্যসূচী আৰম্ভ হয়।

অভিৱর্তনত অংশগ্ৰহণকাৰী ৰাইজক উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় (জুৰীয়া)ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফজলুল হক মৰলে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ শপত গ্ৰহণ কৰায়। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মা, বৰালিমাৰী এম.ই.স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুচ চোভান , অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ লক্ষীধৰ দাস, আৰু অধিবক্তা তথা প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাৰ দ্বাৰা গঠিত হোৱা সভাপতি মণ্ডলী পৰিচালনাত অনুষ্ঠিত হোৱা অভিৱর্তনত সন্মানীয় অতিথিৰূপ অৱসৰপ্রাপ্ত অধ্যাপক তথা প্রাক্তন বিধায়ক সন্থাৰ সভাপতি মজিবুৰ ৰহমান আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধনে অংশগ্ৰহণ কৰে।

জিলাখনৰ কেবা শতাধিক ৰাইজ উপস্থিত থকা সভাত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা নিবন্ধকাৰ প্রণৱজ্যোতি ডেকা কয় যে, সাম্প্ৰতিক সময়ত অসমৰ ঐক্য আৰু সম্প্ৰীতিৰ পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিনষ্ট কৰিছে। তেওঁ লোকে ইয়াৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। লগতে কয় যে, আম্বানী – আদানিৰ দৰে এমুঠি মান বৃহৎ পুঁজিপতিৰ স্বাৰ্থত আজি অসমত মিঞা ভাবধাৰা সৃষ্টি কৰা হৈছে ।

অভিৱর্তনে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত বৈধ ভোটাৰ সকলক মূখ্যমন্ত্ৰীৰ প্রত্যক্ষ উচতনিত হাৰাশাস্তি কৰা কার্য ভাৰতৰ সংবিধানৰ ১৪ আৰু ৩২৬ ৰ প্ৰত্যক্ষ লঙ্ঘন হৈছে বুলি মত পোষণ কৰে। সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি, ২০০৫ আৰু ২০২৫ চনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত থকা কোনো জীৱিত তথা বৈধ ভোটাৰৰ নাম কৰ্তন কৰিব নোৱাৰিব আৰু ইতিমধ্যে উচ্ছেদিত সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব বুলি চৰকাৰক সকীয়াই দিয়ে। অন্যথা ইয়াৰ প্ৰতিবাদত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে আইনৰ সহায় লোৱা, আগতীয়া সংস্থাপন-পুনৰ সংস্থাপন আৰু জীৱন জীৱিকা, শিক্ষা আৰু স্বাস্থ্যৰ বিকল্প ব্যৱস্থা নকৰাকৈ কৰা যিকোনো উচ্ছেদ অবৈধ আৰু অমানৱীয় বুলি প্রস্তাব গ্ৰহণ কৰে ।

আনহাতে, ইতিমধ্যে উচ্ছেদিত লোক সকলৰ পুনৰ সংস্থাপন নোহোৱা পৰ্যন্ত চৰকাৰী সাহায্য শিবিৰ স্থাপন কৰাটো সংবিধানগত দায়িত্ব ন্যস্ত বুলি অভিবর্তনে দাবী জনা। বান – গৰাখহনীয়া আৰু গোষ্ঠীগত সংঘৰ্ষত ভূমিহীন হোৱা লোক সকলক ভূমি প্ৰদান কৰা, কৰ্প’ৰেটৰ স্বাৰ্থত গ্ৰহণ কৰা “ভূমি বেংক নীতি” বাতিল কৰা লগতে ১৯৫২ চনৰ পৰা ২০২৫ চনলৈ ব্ৰহ্মপুত্ৰসহ অন্যান্য নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়াল সমূহক ক’ত সংস্থাপন দিলে তাৰ শ্বেত্ৰপত্ৰ প্ৰকাশ কৰা, অসমৰ নিৰ্দিষ্ট পৰিস্থিতিত বন আইন সংশোধন কৰা, মূল্যবৃদ্ধি ৰোধ তথা নিয়ন্ত্ৰণ কৰা, ভিক্টৰ দাসকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত বিনা বিচাৰে দীৰ্ঘদিন ধৰি আটক হৈ থকা সকলো ৰাজনৈতিক বন্দীক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰো দাবী জনোৱা হয়।

অভিৱৰ্তনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা, বিদ্বেষ আৰু মেৰুবিভাজনৰ প্ৰচাৰ চলাই সংবিধানৰ ১৪ ,১৫ আৰু ২১১ ৰ অনুচ্ছেদৰ গুৰুত্ব উলঙ্ঘন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি নগাঁও জিলাৰ গণ্যমান্য জ্যেষ্ঠ নাগৰিক সকলৰ স্বাক্ষৰ সংগ্ৰহ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অভিৱৰ্তনে সংবিধান – গণতন্ত্ৰ নাগৰিক অধিকাৰ আৰু সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে এক গণ সমাবেশ আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অভিৱৰ্তনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই। সভাখনৰ শেষৰ ভাগত সদৌ অসম জন সাংস্কৃতিক পৰিষদৰ সাংস্কৃতিক কৰ্মী তথা কুঁজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৃদুপৱন বৰাৰ পৰিচালনাত গীত পৰিৱেশন কৰা হয়।

লগতে পঢ়কঃ এচ আই আৰ আহিলে অসমত মিঞা ভোট চাৰি ৫ লাখ কাটিব লাগিবঃ মুখ্যমন্ত্ৰী


Advertisement