নগাঁওঃ ভাৰতীয় নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নগাঁও নিৰ্বাচন জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ বিভিন্ন প্ৰক্ৰিয়া ইতিমধ্যেই পূৰ্ণগতিত আৰম্ভ হৈছে (Nagaon Nomination Scrutiny 2026)।
জিলাখনৰ সাতটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৫৫নং ধিং, ৫৬নং ৰূপহীহাট, ৫৭নং কলিয়াবৰ, ৫৮নং চামগুৰি, ৫৯নং বঢ়মপুৰ, ৬০নং নগাঁও-বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া কালি অন্ত পৰে।
মনোনয়ন পত্ৰ দাখিলৰ পাছতেই আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা-কক্ষত মনোনয়ন পত্ৰ পৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।
ভাৰত নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে অৰুণাচল প্ৰদেশৰ পৰা অহা সচিব তথা সাধাৰণ পৰ্যবেক্ষক আবু টায়েং, আৰু জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত এই পৰীক্ষণ কাৰ্য সম্পন্ন হয়।
আজিৰ এই কাৰ্যসূচীত মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হয়। ইয়াৰ ভিতৰত
৫৯নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বাবে জিতু গোস্বামীঃ ভাৰতীয় জনতা পাৰ্টি
ৰাজেন গোহাঁইঃ অসম জাতীয় পৰিষদ
মজিবুৰ ৰহমানঃ এ আই ইউ ডি এফ
নজৰুল ইছলামঃ নিৰ্দলীয়
ৰানুমণি তেৰাংপিঃ আম আদমী পাৰ্টি
৬০নং নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বাবেৰূপক শৰ্মাঃ বিজেপি
ডাঃ দুৰ্লভ চমুৱাঃ কংগ্ৰেছ
বৰ্ণালী শৰ্মাঃ ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া
৬১নং ৰহা (অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ বাবেশশীকান্ত দাসঃ বিজেপি
উৎপল বণিয়াঃ কংগ্ৰেছ
মুকুট দাসঃ এ আই ইউ ডি এফ
বৰুণ বিকাশ দাসঃ আম আদমী পাৰ্টি
৫৭নং কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে কেশৱ মহন্তঃ অগপ
প্ৰদীপ কুমাৰ বৰুৱাঃ ৰাইজৰ দল
জিতেন গৌড়ঃ নিৰ্দলীয়
জ্যোতিষ্কাৰঞ্জন গোস্বামীঃ নিৰ্দলীয়
৫৬নং ৰূপহীহাট বিধানসভা সমষ্টিৰ বাবে আমিনুল ইছলামঃ এ আই ইউ ডি এফ
নুৰুল হুদাঃ কংগ্ৰেছ
জাকিৰ হুছেইনঃ অগপ
আকিবুৰ ৰহমানঃ নিৰ্দলীয়
হবিবুৰ ৰহমানঃ নিৰ্দলীয়
ৱাকিবুৰ ইছলামঃ নিৰ্দলীয়
আনৰুল হকঃ নিৰ্দলীয়
মাইনুল হকঃ নিৰ্দলীয়
৫৫নং ধিং বিধানসভা সমষ্টিৰ বাবেহাইদৰ আলীঃ নিৰ্দলীয়
মতিউৰ ৰহমানঃ এ আই ইউ ডি এফ
মেহবুব মুক্তাৰঃ ৰাইজৰ দল
চিত্তৰঞ্জন নাথঃ নিৰ্দলীয়
মুকুট দেৱনাথঃ বিজেপি
হীৰকজ্যোতি বৰাঃ ৰিপাব্লিকান পাৰ্টি
জাকিৰ ইছলামঃ ৰিভলোশ্যন কমিউনিষ্ট পাৰ্টি
৫৮নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে
আব্দুল আজিজঃ এ আই ইউ ডি এফ
তাঞ্জিল হুছেইনঃ কংগ্ৰেছ
অনিল শইকীয়াঃ বিজেপি
চেলিম আহমেদঃ নিৰ্দলীয়
আয়ুব খানঃ নিৰ্দলীয়
চাবিনা য়াছমিনঃ নিৰ্দলীয়
প্ৰভাত চন্দ্ৰ ৰয়ঃ নিৰ্দলীয়
এই গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াটোৰ সময়ত ৭ সংখ্যক বিধানসভা সমষ্টিৰ বাবে মনোনীত ৰিটাৰ্নিং বিষয়াসকল, অতিৰিক্ত জিলা আয়ুক্ত , সহকাৰী আয়ুক্ত সকল ৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে আৰু তেওঁলোকৰ সমুখতে সমগ্ৰ পৰীক্ষণ কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰা হয়।
লগতে পঢ়কঃ নগাঁৱৰ ৰাজপথত বাইক চলাই যান-বাহন নিয়ন্ত্ৰণত নামিল জিলা আয়ুক্ত

