Opposition Alliance Reviews Nagaon Strong Room Security Ahead of Countingনগাঁৱত ষ্ট্ৰং ৰুমৰ বুজ ললে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে

নগাঁওঃ নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলে আজি ষ্ট্ৰং ৰুমত সকলো নিৰ্বাচনী নিয়ম মানি বিৰোধী মিত্ৰজোঁটৰ এজেণ্ট সকলৰ বুজ লয় (Nagaon Strong Room) । নিৰ্বাচনৰ সময়ত যাতে দায়িত্বশীল কৰ্তৃপক্ষ নিৰপেক্ষহৈ থাকে তাৰ বুজ লবলৈ এই ব্যৱস্থা কৰা হৈছে। এনেদৰে বুজ লোৱাৰ পিছত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সাংসদ ৰকিবুল হুছেইনে ।

সংবাদ মেলত হুছেইনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, ” আমি এনেদৰে থাকো যদিও বিজেপিৰো একাংশ ভাল মানুহৰ লগত আমাৰ সম্পৰ্ক আছে। তেনে বিজেপিৰ লোকে আমাক ঘৰুৱা ভাবে কোৱা মতে মুখ্যমন্ত্ৰী টি ভিত ওলালে ল’ৰা-ছোৱালী লগতলৈ তেওঁলোকে টি ভি নাচায়। টি ভি বন্ধ কৰি দিয়ে। কিয়নো উশৃংখল কথা শিকিব বুলি আশংকাত ভুগে। কোনেও নিজৰ সন্তানক বেয়া কথা শিকাব নুখুজে। তেওঁৰ মাত কথা ইমান উশৃংখল হৈ পৰিছে যে ই প্ৰমাণ কৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদী গ’ল।”

সাংসদ হুছেইনে লগতে কয়, “বিজেপিৰ জয় জয় ময় ময় অৱস্থাতে নগাঁও জিলাত বিজেপিৰ অৱস্থা বেয়া আছিল। এইবাৰ মানুহে নীৰৱে ভোট দিছে। তলত সোঁত আছে। এনেকুৱা মানুহে ভোট দিছে যিবোৰ মানুহে জীৱনত কংগ্ৰেছক ভোট দিয়া নাই। সেই সকল লোকে কৈছে আমি বিজেপিতে থাকিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰিবলৈ আমি এইবাৰ কংগ্ৰেছক ভোট দিছো। এইবোৰ কথা তেওঁ গম পাইছে। সেয়ে তেওৰ মাত কথা সলনি হৈছে।”

চৰকাৰ গঠন হ’লে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা হব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ ৰকিবুল হুছেইনে কয়, “বদৰুদ্দিন আজমলে বিগত লোকসভা নিৰ্বাচনত ১০ লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে। তেওঁক ৰাইজে প্ৰত্যাখ্যান কৰিছে। সেয়ে মই ব্যক্তিগত ভাবে এ আই ইউ ডি এফক কোনো কাৰণতে বিৰোধী মিত্ৰজোঁটে লগত লোৱাটো নিবিচাৰো। বদৰুদ্দিন আজমলে ইতিমধ্যেই ৰাজনৈতিক সৈন্যাস লৈছিল। এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে তেওঁক সহায় কৰিবলৈ আহিছে। তদুপৰি সহায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু আছাদুদ্দিন ওৱেছীক মাতি আনিছে। এইয়া তেওঁলোকৰ মিতিৰালি।”

এক্সিট পুলৰ জৰিয়তে বিজেপি চৰকাৰ হব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুগত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি বিষয়া সকলক হেঁচা দিব বুলি মন্তব্য কৰি সাংসদ হুছেইনে কয়, “কংগ্ৰেছৰ চৰকাৰ হব বুলি হিমন্ত বিশ্ব শৰ্মা হতাশাগ্ৰস্ত হৈছে। বিজেপি নেতৃত্বও হতাশাগ্ৰস্ত হৈছে। সেয়ে তেওঁলোকে ইজনে সিজনক উদ্দেশ্যি চিপাৰাং মৰা, গাড্ডাৰ আদি শব্দ কৈছে । শৃংখলাবদ্ধ বুলি জাহিৰ কৰা এটা দলত এনে শব্দ জানো শোভা পায় ?

ইপিনে, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “চাৰি মে’ ভোট গণনাৰ প্ৰাকমুহূৰ্তত আমাৰ দলীয় কৰ্মী-সমৰ্থক সকলক হতাশাগ্ৰস্ত কৰাৰ চেষ্টা চলিব। গতিকে এক্সিট পুলত বিশ্বাস নকৰিব। কেইজনমান সাংবাদিকে সাংবাদিকতা বাদ দি বিজেপিক ৰক্ষণাবেক্ষণত লাগি গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই থৰকাচুটি হেৰুৱাইছে। এইবাৰ তেওঁৰ গাদীচ্যুত হব। ৪ মে’ৰ ৰাতিপুৱাৰ পৰা ভোট গণনা শেষ কৰি প্ৰমাণ পত্ৰ লোৱালৈকে সকলোৱে মনোবল বৃদ্ধি কৰি ৰাখিব লাগিব। বিজেপিৰ ষড়যন্ত্ৰত বিচলিত নহৈ মনোবল বৃদ্ধি কৰি ৰাখিব লাগিব।”

লগতে পঢ়কঃ নগাঁৱৰ ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন মুখ্য নিৰ্বাচনী বিষয়াৰ


Advertisement