শৈলেন শইকীয়া

বৃটিছৰ শাসনকালতেই বিধায়ক হিচাপে নিৰ্বাচিত হোৱা এগৰাকী বিশিষ্ট তথা সমাজকৰ্মী ব্যক্তি আছিল ওচমান আলি সদাগৰ (Osman Ali Sadagar)। ১৯৩৭ চনত সেই সময়ৰ নগাঁও মহমেদান সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ওচমান আলি সদাগৰ।
কুৰি শতিকাৰ আৰম্ভণিতে বা তাৰো বহু বছৰ আগতে অবিভক্ত ভাৰতবৰ্ষৰ পূর্ববঙ্গৰপৰা যিসকল মুচলমান লোক অসমলৈ আহি অসমীয়া ভাষা গ্রহণ কৰি অসমীয়া সমাজৰ লগত বিলীন হৈ গ’ল সেই সকলৰ পথ প্ৰদৰ্শক স্বৰূপ এগৰাকী ব্যক্তি আছিল নগাঁৱৰ আলিটাঙনি নিবাসী হাজী ওচমান আলি সদাগৰ। ১৯৩৭ চনত অনুষ্ঠিত অসম বিধান পৰিষদৰ নিৰ্বাচনত তেওঁ নির্দলীয় প্রার্থী ৰূপে নগাঁৱৰপৰা প্রতিদন্দ্বিতা কৰি বিধায়ক নির্বাচিত হৈছিল। ঊনবিংশ শতিকাত পূর্ববংগৰ পৰা নগাঁৱলৈ অহা এই গৰাকী সমাজপ্রাণ ব্যক্তিয়ে ইছলাম ধৰ্মৰ লোকে বসবাস কৰা আলিটাঙনিত কুৰিশতিকাৰ আৰম্ভণিতে অসমীয়া মাধ্যমৰ বিদ্যালয় নিজ মাটিত স্থাপন কৰিছিল। বিধায়ক হৈ থকা অৱস্থাতো অসমৰ স্বাৰ্থৰক্ষাৰ বাবে তেওঁ কাম কৰিছিল।
১৮৫৬ চনত পূর্ববংগৰ মৈমন সিং জিলাৰ ৰামেৰ কান্দিত ওচমান আলি সদাগৰে জন্ম গ্ৰহণ কৰে। যুৱ বয়সত কৃষিভূমিৰ সন্ধানত অসমলৈ আহি ১৮৮৫ চনৰপৰা তেওঁ নগাঁও জিলাৰ আলিটাঙনিত বসতি কৰিবলৈ লয়। নিজে নিৰক্ষৰ হ’লেও শিক্ষাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই সেই সময়ত পূর্ববংগীয় মূলৰ মুছলমান লোকে বসবাস কৰা আলিটাঙনিত ১৯০২ চনত তেওঁ অসমীয়া মাধ্যমৰ মোক্তাব বিদ্যালয় স্থাপন কৰে। ১৯১০ চনত তেওঁৰ চেষ্টাত এই শিক্ষানুষ্ঠানখন আলিটাঙনি মোক্তাব হিচাপে স্বীকৃত হয়। সেই স্থানতে ১৯২৪ চনত তেওঁ মজলীয়া বিদ্যালয় আৰু ১৯৩৭ চনত ওচমানীয়া হাইস্কুল স্থাপন কৰে।
১৯২১ চনত ওচমান আলি সদাগৰ নগাঁও লোকেল ব’ৰ্ডৰ সদস্য নির্বাচিত হয়। কিন্তু কংগ্ৰেছৰ সপক্ষে মাত মতাৰ বাবে বৃটিছে তেওঁৰ সদস্যপদ বাতিল কৰে।
ওচমান আলি সদাগৰৰ অসমীয়া ভাষা-প্ৰীতিৰ এক উদাহৰণ হ’ল ১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ সময়ত অনুষ্ঠানটোলৈ দহ টকাৰ বৰঙনি আগবঢ়োৱাটো। তেওঁ আলিটাঙনিত স্থাপন কৰা বিদ্যালয়ত অসমীয়া শিক্ষা দিবৰ বাবে বৰদোৱাৰ পৰা এগৰাকী শিক্ষিত লোকক আমন্ত্ৰণ কৰি আনিছিল। ১৯৩৭ চনত বিধায়ক নির্বাচিত হোৱাৰ পিছত তেওঁ অসম বিধান পৰিষদত এটা পাঁচজনীয়া মুচলমান বিধায়কৰ গোট সৃষ্টি কৰি ভোট দানেৰে কংগ্ৰেছৰ বসন্ত দাসক অধ্যক্ষ নির্বাচনত সহায় কৰে।
ওচমান আলি সদাগৰ অনেক সামাজিক উন্নয়নমূলক কামত জড়িত হৈ আছিল। তেওঁৰ সামাজিক দায়িত্ববোধৰ এক নিদর্শন হ’ল- এবাৰ নগাঁও কাৰাগাৰত কাৰাবন্দী সকলৰ খাদ্যৰ নাটনি হোৱাত প্ৰশাসনৰ অনুৰোধ মর্মে তেওঁ এশ মোন ধান কাৰাগাৰ কৰ্তৃপক্ষক প্ৰদান কৰে। তেওঁ নিজ এলেকাত ধন ব্যয় কৰি ৰাস্তা-পদূলিও নিৰ্মাণ কৰি দিছিল ৰাইজৰ সুবিধাৰ বাবে। তেওঁৰ সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে চৰকাৰে নগাঁও জিলাৰ জুৰীয়া মৌজাক ভাগ কৰি আলিটাঙনি মৌজা সৃষ্টি কৰি নতুন মৌজাৰ পৰিচালনাৰ দায়িত্ব প্রদান কৰে। ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত এক অভিৱৰ্তনত তেওঁ নতুনকৈ সংস্থাপিত হোৱা মুচলমান লোকসকলক চুবুৰীয়া বুলি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
ওচমান আলি সদাগৰ আছিল দূৰদৃষ্টি সম্পন্ন, সৰ্বদা সমাজৰ হিতৰ বাবে চিন্তা কৰা, আকর্ষণীয় ব্যক্তিত্বৰ আদৰ্শৱান লোক। ১৯৪৮ চনত অসমীয়া ভাষাপ্রেমী ৰাজনীতিকজনৰ দেহাৱসান ঘটে।
লগতে পঢ়কঃ ৰূপহীহাট সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক মহম্মদ ইদ্ৰিছৰ বিষয়ে জানো আহক

