গুৱাহাটীঃ লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ডাঃ আছিফ নাজাৰক প্ৰক্ষেপ কৰাৰ বিৰোধিতা কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা এখন পত্ৰই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Pradyut Bordoloi Asif Nazar)। পত্ৰখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই পত্ৰখনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ২০২৫ চনৰ ২৭ এপ্ৰিলত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা এজন অভিযুক্তক ডাঃ আছিফ নাজাৰে সম্বৰ্ধনা জনাইছিল। এই অভিযুক্তজনৰ নাম হৈছে এমদাদুল। এমদাদুলৰ বিৰুদ্ধে আৰক্ষীয়ে সেই সময়ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰিছিল। এমদাদুল জেলৰ পৰা ওলাই অহাৰ পিছত ডাঃ আছিফ নাজাৰে এমদাদুলক সম্বৰ্ধনা জনাইছিল। তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত এখন সভাতো সম্বৰ্ধনা জনাইছিল বুলিও পত্ৰখনত বৰদলৈয়ে অভিযোগ উত্থাপন কৰিছে।
পত্ৰখনত সাংসদ বৰদলৈয়ে উল্লেখ কৰা মতে সেয়ে তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে লাহৰিঘাট সমষ্টিৰ পৰা ডাঃ আছিফ নজৰৰ পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰি বিষয়টো স্ক্ৰিনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীৰ আগত উত্থাপন কৰিছিল। কিন্তু স্ক্ৰিনিং কমিটীৰ এজন সদস্য আৰু উত্তৰ প্ৰদেশৰ এজন সাংসদ ইমৰাণ মাচুদে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ আগত ডাঃ আছিফ নাজাৰৰ বিৰুদ্ধে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অনা সকলো অভিযোগ সমূহ মিছা বুলি কৈছিল।
নতুন দিল্লীত যোৱা ১৩ মাৰ্চত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব— মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কে চি বেনুগোপাল, প্ৰিয়ংকা গান্ধী আদি উপস্থিত আছিল।
সাংসদ বৰদলৈয়ে পত্ৰখনত উল্লেখ কৰে যে, তেওঁ বৈঠকত উপস্থিত নথকাৰ পাছতো, কংগ্ৰেছৰ সম্পূৰ্ণ নেতৃত্বৰ আগত তেওঁৰ যি অপমান কৰা হ’ল, সেই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কোনো মন্তব্য নকৰি সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰে। তদুপৰি গগৈয়ে সাংসদ বৰদলৈয়ে পূৰ্বতে তেওঁৰ ওচৰত দাখিল কৰা তথ্যসমূহো বৈঠকত উপস্থাপনো নকৰিলে।
মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু অসমৰ প্ৰতিক্ৰিয়াশীল নেতৃত্বৰ বিৰুদ্ধে যুঁজ চলোৱাৰ সময়ত তেওঁৰ পক্ষত অৱস্থান গ্ৰহণ কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙক আহ্বান জনাইছে।
দেওবাৰে পত্ৰ প্ৰেৰণৰ পাছত সোমবাৰে পুৱাই দিল্লীলৈ উৰা মাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ।
লগতে পঢ়কঃ অখিল-গৌৰৱৰ বুজাবুজি! বিৰোধী ৰাজনীতিত নতুন সমীকৰণ !

