Pradyut Bordoloi BJP Join Sparks Protest at Nagaon Congress Officeসাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানে জ্বলাইছে নগাঁও জিলা

নগাঁওঃ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানক কেন্দ্ৰ কৰি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Pradyut Bordoloi BJP Join)। আজি নগাঁও জিলা কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত থকা প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ, পোষ্টাৰ ফালি জ্বলাই দিয়ে। ক্ষোভিত কংগ্ৰেছ কৰ্মী সকলে প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ, প্ৰদ্যুৎ বৰদলৈ বিশ্বাসঘাটক ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তুলে।

কংগ্ৰেছ কৰ্মীসকলে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ কোনো নেতা কৰ্মীৰ সৈতে আলোচনা নকৰাকৈ বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

“নগাঁও লোকসভা সমষ্টিলৈ তেওঁক আনি কৰা পাপৰ ফল মই ভুগি আছো”- সাংসদ ৰকিবুল হুছেইন

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ তথা বিজেপি গমন সম্পৰ্কত প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ সাংসদ হুছেইনে এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংসদ হুছেইনে কয়, “হিমন্ত বিশ্ব শৰ্মাক এসময়ত নিকৃষ্ট বুলি কোৱা সেই একেজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ প্ৰতি আকৃষ্ট বুলি কৈছে। গতিকে আমি কি কম? নিৰ্বাচনী ইস্তাহাৰ ওলোৱাৰ পিছত আৰু কম।”

সাংসদ হুছেইনে কয়, “প্ৰায় ডেড় বছৰ মানৰ আগত ফুলৰ থোপাৰে তেওঁ মুখ্যমন্ত্ৰীক আদৰিছিল। যি জনৰ লগত গৈছিল তেওৱো গ’ল, এওৱো গ’ল। প্ৰদ্যুৎ বৰদলৈকে ধৰি এই সকল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আগত আমি পূৰ্বতেই কৈছিলো । কিন্তু তেওঁলোকে বিশ্বাস নকৰিলে।”

সাংসদ ৰকিবুল হুছেইনে সাংসদ প্ৰদ্যুৎ বৰদলৈক নগাঁৱলৈ অনা পাপৰ ফল ভোগ কৰি আছো বুলি মন্তব্য কৰি কয়, “কিছু সংখ্যকে কয় মইয়ে তেওঁক নগাঁও লোকসভা সমষ্টিলৈ আনিছিলো। কিন্তু এতিয়া অনুভৱ হয় তেওঁক আনি মই পাপ কৰিছিলো। এতিয়া সেই পাপৰ ফল ভুগি আছো।”

তেওঁ কয়, “একাংশ পুৰণি বিজেপি নেতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ভীষণ অসন্তুষ্ট হৈ বিজেপিৰ ভিতৰুৱা খবৰ বোৰ আমাক দি আছিল। তেওঁলোকে নিজৰ সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছে। সেই সমষ্টিৰোৰত বিজেপিয়ে এতিয়া কংগ্ৰেছৰ পৰা মানুহ নি নিৰ্বাচন খেলিব বিচাৰিছে বুলিও সাংসদ হুছেইনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

প্ৰদুৎ বৰদলৈৰ এজন কৌশলী ব্যক্তি বুলি মন্তব্য কৰি হুছেইনে কয়, ” বিগত সময়চোৱাত মুখ্যমন্ত্ৰীক অসমীয়া, ইংৰাজীত ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছৰ অতিকৈ প্ৰিয়ভাজন হোৱা মানুহজন আছিল প্ৰদ্যুৎ বৰদলৈ। এতিয়া কেনেকৈ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব পাৰে। অৱশ্যে কথাবোৰে আমাৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী সকলক মনোকষ্ট দিছে। “

কংগ্ৰেছৰ পৰা এজনৰ পিছত আনজন নেতা গুচি যোৱাত দলটোৰ ক্ষতি হ’ব বুলি আপুনি ভাৱেনে, সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত হুছেইনে কয়, ” কংগ্ৰেছৰ পৰা বহু নেতাই গুচি গৈছে আনকি, প্ৰণৱ মুখাৰ্জী, শাৰদ পাৱাৰৰ দৰে ডাঙৰ ডাঙৰ নেতা গুচি যোৱাৰ পিছতো একাংশ লোকে ভৱাৰ দৰে কংগ্ৰেছ দল ধ্বংস হোৱা নাই। আজিও কংগ্ৰেছ দল উজ্জীৱিত হৈ আছে।”

প্ৰদুৎ বৰদলৈয়ে কংগ্ৰেছ কৰ্মী অৱহেলিত হোৱা বুলি অনা অভিযোগৰ প্ৰসংগত সাংসদ হুছেইনে কয়, “যে নগাঁৱৰ সাংসদ হৈ থকাৰ পিছত কেনেকৈ কংগ্ৰেছ কৰ্মী অৱহেলিত হ’ব পাৰে ?” আনহাতে, লাহৰিঘাটৰ কংগ্ৰেছ দলৰ দলীয় টিকটটো বৰদলৈৰ মতে হোৱা নাই কাৰণে সাংবাদিক সোধা এক প্ৰশ্নৰ উত্তৰত হুছেইনে কয় যে, ” তেওঁ কেনেকৈ ইমান ভিতৰৰ কথা জানে, কাৰণ এতিয়াওতো দলীয় প্ৰাৰ্থীৰ নাম ৰাজহুৱা হোৱা নাই।”

নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰীৰ প্ৰতিক্ৰিয়া

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগ তথা বিজেপিত যোগদান সম্পৰ্কত নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুনুমণি বৰাই সংবাদ মাধ্যমৰ আগত কয়, ” দলৰ ভিতৰত যদি কিবা ভুল হৈছে সেইয়া সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দলতে থাকি সংস্কাৰ কৰিব লাগিছিল। কিন্তু তেওঁ সেইটো নকৰিলে।

ইয়াৰ বিপৰীতে নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত দলত্যাগ কৰাৰ বাবে কৰ্মী সকল ক্ষোভিত হৈছে। এজন জ্যেষ্ঠ নেতা হিচাপে তেওঁ এনে কৰাটো উচিত হোৱা নাই। সাধাৰণ তৃণমূল কৰ্মীয়ে তথাপিও দৃঢ়হৈ আছে।” ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগৰ পূৰ্বৰ পৰিকল্পনা আছে নে নাই সেই সম্পৰ্কত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে একো নাজানো বুলি মন্তব্য কৰে ।

প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ প্ৰতিক্ৰিয়া

প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাই প্ৰদ্যুৎ বৰদলৈৰ বিজেপি দলত যোগদান সম্পৰ্কত কয়, ” ই অবধাৰিত। তেওঁ দ্বিতীয় বাৰ নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি চৰ্চা চলিছিল। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত তেওঁ যোগাযোগ কৰিছিল বুলি বাতৰি ওলাইছিল। সেই কথাই সঁচাত প্ৰমাণিত হয়।”

প্ৰাক্তন বিধায়ক ডাঃ চমুৱাই কয়, “প্ৰদ্যুৎ বৰদলৈৰ পৰিচয় কেৱল কংগ্ৰেছ নেতা হিচাপে। কংগ্ৰেছ নেতা নোহোৱা হ’লে তেওঁৰ কি পৰিচয় আছিল? কংগ্ৰেছে তেওঁক সন্মান দিলে, সাংসদ কৰিলে। কংগ্ৰেছৰ পৰাই তেওঁ মন্ত্ৰী হ’ল। গতিকে নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত তেওঁ এনে কাৰ্য কৰিব নাপায়।”

লগতে পঢ়কঃ আছিফ নাজাৰৰ প্ৰাৰ্থীত্বৰ বিৰোধীতাৰে পত্ৰ প্ৰেৰণৰ পাছত দিল্লীলৈ ৰাওনা প্ৰদ্যুৎ বৰদলৈ


Advertisement