Pradyut Bordoloi Clarifies BJP Join Rumours and High Command Meeting Controversyসঁচাকৈয়ে হাইকমাণ্ডৰ বৈঠক ত্যাগ কৰিছে নেকি প্ৰদ্যুৎ বৰদলৈয়ে?

নিউজ ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগৰ পাছৰ পৰাই নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্য়ুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব বুলি ব্যাপক প্ৰচাৰ চলাইছে এটা মহলে ৯Pradyut Bordoloi BJP Join Rumour)। শেহতীয়াকৈ অসমৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ উদ্যেশ্যে দিল্লীত অনুষ্ঠিত হাইকামাণ্ডৰ বৈঠক প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰা বুলি অসমত ব্যাপকভাৱে চলিছে প্ৰচাৰ। লগতে অতি শীঘ্ৰেই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলিও এটা নিৰ্দিষ্ট মহলে প্ৰচাৰ চলাইছে।

সাংসদ প্ৰদ্যুৎ বৰদলৈক লৈ শংকিত বিজেপিৰ এটা মহলে এতিয়া আই টি চেল ব্যৱহাৰ কৰি এনে অপপ্ৰচাৰ চলোৱা বুলিও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতে বিষয়টোক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মতেও বিজেপিৰ আই টি চেলে সাংসদগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ এতিয়া অপপ্ৰচাৰত লিপ্ত হৈছে।

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমহুৰ্তত সাংসদ প্ৰদ্য়ৎ বৰদলৈ কিয় বিজেপিৰ লক্ষ্য হৈ পৰিল তাক লৈয়ো চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত। মধ্য অসমৰ উপৰিও উজনি অসমতো শক্তিশালী জনসম্পৰ্ক থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক লৈ বিজেপিৰ শীৰ্ষ মহলো চিন্তিত হৈ পৰাৰ বাবেই প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ লক্ষ্য হৈ পৰা বুলিও ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। একমাত্ৰ নিজৰ দক্ষতা আৰু বিচক্ষণতাৰ বাবেই নগাঁও লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ কৰ্মী সমৰ্থকৰ মনোবল হ্ৰাস কৰাৰ এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও চৰ্চা হৈছে ৰাজনৈতিক মহলত।

শেহতীয়াকৈ দিল্লীত হাইকমাণ্ডৰ সৈতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংঘাত হোৱা বুলি চলা প্ৰচাৰো সম্পূৰ্ণ ভূৱা বুলি স্পষ্ট কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

লগতে পঢ়কঃ কংগ্ৰেছৰ স্ক্ৰিনিং সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছ কৰ্মীৰে প্ৰাৰ্থিত্বকলৈ আলোচনা


Advertisement