Raha Assembly Political Equation: A Three-Cornered Battle Ahead in Assamৰহাত কি হ'ব কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক সমীকৰণ?

ৰহাঃ কোন হব ৬১ নং ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী? নিলম্বিত কংগ্ৰেছী বিধায়ক শশীকান্ত দাস নে যুৱ নেতা সঞ্জীৱ হাজৰিকা? বিধায়ক শশীকান্ত দাসে অগপত যোগদান কৰিব নে বিজেপিত যোগদান কৰিব? বিগত নিৰ্বাচনত আমানতৰ ধন বাজেয়াপ্ত হোৱা উৎপল বনিয়াই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিলে বিজেপি অথবা অগপ প্ৰাৰ্থীক ৰোধিব পাৰিব নে? অন্তকলহত জড়িত অগপ শিবিৰৰ বিসম্বাদী গোটে অগপ নেতা বিষ্ণুপ্ৰসাদ দাসে প্ৰাৰ্থিত্ব লাভ কৰিলে প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিব নে? ৬১ নং ৰহা বিধান সভা সমষ্টিত সম্প্ৰতি এনেবোৰ প্ৰশ্নই চৰ্চাৰ বিষয় হৈ পৰিছে (Raha Assembly political equation)। সমষ্টিটোৰ চাহৰ দোকান, চাৰিআলি সকলোতে এই প্ৰশ্নবোৰেই আলোচনাৰ বিষয় হৈছে দলীয় কৰ্মী তথা ভোটাৰৰ মাজত।

প্ৰাৰ্থিত্ব বিচাৰি অগপ- বিজেপি দুয়োটা শিবিৰে তৎপৰতাঃ

ৰহা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি শাসনাধিষ্ঠিত মিত্ৰজোট অগপ আৰু বিজেপি দুয়োটা দলে তৎপৰতা আৰম্ভ কৰিছে। কিন্তু শাসকীয় মিত্ৰজোটৰহৈ কোনটো দলে নিশ্চিতভাবে প্রার্থিত্ব পাব সেইয়া নিশ্চিত নহয় (BJP AGP Alliance Assam)।

অগপ দলৰ নেতা-কর্মীৰ মতে, যোৱাবাৰৰ দৰে এইবাৰো ৰহা সমষ্টিৰ টিকট অগপ দলে পাবই। বিজেপিৰ নেতা-কর্মীৰ মতে, অগপ নহয়, বিজেপি দলে ৰহা সমষ্টিৰ টিকট লাভ কৰি নির্বাচনত অবতীর্ণ হৈ জয়ী হ’বই। কিন্তু সময়ত কোনে টিকট পাই নির্বাচনত অবতীর্ণ হ’ব, সেই কথা এতিয়াই ক’ব নোৱাৰি। বিশেষকৈ বিজেপি-অগপ মিত্রজোঁট চৰকাৰখনে পুনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত ১২৬টা বিধানসভা সমষ্টিত আসন ভাগ-বাটোৱাৰা চূড়ান্ত কৰা নাই।

অগপতকৈ শক্তিশালী বিজেপি

ৰহা বিধানসভা সমষ্টিত বিজেপি দলৰ সাংগঠনিক ভেটি যথেষ্ট সবল। তদুপৰি শেহতীয়া পঞ্চায়ত নির্বাচনৰ ফলাফলতো বিজেপিয়ে যথেষ্টসংখ্যক পঞ্চায়ত দখল কৰি নিজৰ হাতত ৰাখিছে। সেই সূত্রে বিজেপি দলে বিধানসভাৰ নির্বাচনত বিজেপিৰ প্রার্থীক দলীয় টিকট প্রদানৰ দাবী জনাইছে।

বঢ়মপুৰ সমষ্টিয়ে আউল লগাইছে ৰহা অগপত

ৰহা সমষ্টিত অগপৰ সাংগঠনিক ভেটি বিজেপিতকৈ দুর্বল। তথাপিও অগপয়ো বিজেপিৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হ’বলৈ মন মেলিছে। জানিব পৰা মতে, অগপ-বিজেপিৰ আসন ভাগ-বাটোৱাৰাত অগপ দলে ৰহা সমষ্টিক নিজৰ তালিকাভুক্ত কৰিছে। কিন্তু শেহতীয়া খবৰ মতে, বঢ়মপুৰ বিধানসভা সমষ্টিয়ে ৰহা অগপত আউল লগাইছে। কিয়নো নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটাৰ ভিতৰত নগাঁও সদৰ আৰু বঢ়মপুৰ আৰু চামগুৰি (উপ-নির্বাচনত)ত বিজেপি আৰু কলিয়াবৰত অগপ দলৰ বাদে ধিং, ৰূপহীহাট আৰু ৰহাত কংগ্রেছ দলে জয়লাভ কৰিছিল।

ইয়াৰ প্রেক্ষাপটত অগপই নিজৰ দলৰ আসন বঢ়াবলৈ বঢ়মপুৰ বিধানসভা সমষ্টিতো অগপক লাগে বুলি দাবী কৰাৰ পাছত ৰহা সমষ্টিতো বিজেপি দলে খামুচি ধৰিছে। পূর্বে ২০২১ চনত বঢ়মপুৰৰ পৰা অগপক খেদি বিজেপিয়ে সমষ্টিটো দখল কৰিছিল। সেইমতে অগপৰ জিলা সভাপতি মণিমাধৱ মহন্তই পুনৰ বঢ়মপুৰ সমষ্টি অগপলৈ ওভতাই বিচৰাত ৰহা সমষ্টি বিজেপিৰ হাতলৈ যোৱাটো এক প্রকাৰ খাটাং বুলি বিজেপিৰ একাংশ নেতা-কর্মীয়ে দৃঢ়ভাৱে কয়।

আকৌ অগপ সূত্রই দাবী কৰে দুটা দলৰ মাজত মিত্রতা হ’লে আসনৰ বুজাপৰা হয়। এই বুজাপৰাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ ভাগ হয়। বর্তমান অসমত ৯খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন আছে। মধ্য অসমত দুখন আসন আছে। এখন মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টি আৰু আনখন নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টি। জাগীৰোড বিধানসভা সমষ্টিৰ আসনখনত মন্ত্রী পীযূষ হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰাটো এশ শতাংশ নিশ্চিত।সেয়ে মিত্ৰতাৰ সূত্ৰ মতে ৰহা বিধানসভা সমষ্টিৰ আসনখন অগপ দলে পাব লাগে।

আনহাতে,বিজেপিৰ ভিতৰুৱা এক খবৰ মতে বঢ়মপুৰ সমষ্টিত বিজেপিৰ বিধায়ক জিতু গোস্বামী শক্তিশালী নেতা হোৱাৰ বাবে অগপৰ বাবেও সমষ্টিটো পোৱাত সহজ নহ’ব। ৰহা সমষ্টিটোও পূর্বৰ দৰে অগপক এৰি বিজেপিয়ে এটা সম্ভাব্য সমষ্টি হেৰুৱাব বিচৰা নাই। সেয়ে অগপৰ সম্ভাৱনাত খেলিমেলি লগাইছে বিজেপিয়ে।

অগপ শিবিৰত অন্তকন্দলঃ

ৰহা সমষ্টিৰ অগপ শিবিৰৰ অন্তকন্দলেও দলটোক বিমোৰত পেলাইছে। বিগত বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী বিষ্ণু প্ৰসাদ দাসে দলটোৰহৈ প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। কিন্তু বিগত বিধান সভা নিৰ্বাচনৰ পিচৰ পৰা দীৰ্ঘসময় ধৰি ৰহা সমষ্টিত পদাৰ্পন নকৰা বিষ্ণুপ্ৰসাদ দাসে এইবাৰ ৰহা বিধান সভা সমষ্টিৰ পৰা অগপৰ পুনৰ প্ৰাৰ্থিত্ব বিচাৰি নিৰ্বাচনৰ আগে আগে কুচকাৱাজ আৰম্ভ কৰিছে। বিষ্ণুপ্ৰসাদ দাসকলৈ অসন্তুষ্ট সমষ্টিটোৰ বহু সংখ্যক অগপ কৰ্মী। তেওঁলোকে আনকি অগপৰ কেন্দ্ৰীয় নেতৃত্বলৈ বিষ্ণুপ্ৰসাদ দাসৰ বিৰুদ্ধে অভিযোগ সম্বলিত পত্ৰও প্ৰেৰণ কৰিছে। সেয়ে প্ৰাৰ্থিত্ব বিচাৰিও দলীয় বিসম্বাদৰ বাবে বিমোৰত পৰিছে অগপ শিবিৰ।

সমষ্টিটোৰ বিজেপিৰ প্ৰৱল দাবীদাৰ যুৱ নেতা সঞ্জীৱ হাজৰিকাঃ

উল্লেখযোগ্য যে ৰহা সমষ্টিত বিজেপিৰ টিকটৰ দাবীদাৰৰ ক্ষেত্রত আগবাঢ়ি আছে বিজেপিৰ যুৱ নেতা তথা কেন্দ্রীয় সমিতিৰ সদস্য সঞ্জীৱ হাজৰিকা। বিগত ২০১৬ আৰু ২০২১ চনতো প্রবল দাবীদাৰ আছিল বিজেপিৰ যুৱ নেতা সঞ্জীৱ হাজৰিকা। অৱশ্যে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰা নাছিল। তাৰ পিচতো দলীয় সাংগঠনিক কাম কাজত তেওঁ দৃঢ়তাৰে লাগি আছিল। বহু বছৰ ধৰি দলীয় সাংগঠনিক কাম-কাজেৰে তেওঁ সমষ্টিৰ ভোটাৰৰ মাজত জনপ্ৰিয়ও হৈ উঠিছে।

অগপ নে বিজেপিত যোগদান কৰিব বিধায়ক শশীকান্ত দাসেঃ

বর্তমানৰ বিধায়ক শশীকান্ত দাসো বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। অৱশ্যে তেওঁ বৰ্তমানলৈকে বিজেপিত যোগদান কৰা নাই । বিধায়ক শশীকান্ত দাসেও বিজেপিৰ এগৰাকী কর্মকর্তা হিচাপে সমষ্টিটোত কাম কৰি আছে। আনপিনেদি আকৌ শশীকান্ত দাসে অগপত যোগদান কৰি অগপ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা কৰিব বুলিও চৰ্চিত হৈছে। বৰ্তমানলৈকে বিধায়কজনৰ স্থায়ী ঠিকনা নোহোৱাত বিধায়ক শশীকান্ত দাস আৰু তেওঁৰ সমৰ্থক সকল বিমোৰত পৰিছে।

আমানতৰ ধন বাজেয়াপ্ত হোৱা উৎপল বনিয়াই বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বঃ

ৰহা সমষ্টিটোত কংগ্রেছ দলেও তৎপৰতা আৰম্ভ কৰিছে। ২০২১ চনত কংগ্রেছ দলৰ পৰাই জয়লাভ কৰি বিধায়ক শশীকান্ত দাসে বিজেপি শিবিৰক সমর্থন দিয়াৰ পাছৰ পৰাই সমষ্টিটোত নাৱিকবিহীন নাঁৱৰ দৰে অৱস্থা হৈ পৰিছে দলটো। শেহতীয়াকৈ ব্যৱসায়ী উৎপল বণিয়াই কংগ্রেছ দলত যোগদান কৰি জিলা কংগ্রেছৰ সম্পাদক পদত নিযুক্তি হোৱাৰ পিছত দলটোৰ হৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। কিন্তু বিগত বিধান সভা নিৰ্বাচনত শোচনীয়ভাবে পৰাজিত আৰু প্ৰাৰ্থিত্বৰ স্বাৰ্থতেই অসম জাতীয় পৰিষদৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা বুলি বনিয়াৰ বিৰুদ্ধে সমষ্টিটোত চৰ্চা আৰম্ভ হৈছে। সমষ্টিটোৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে বনিয়াক আস্থাত লব পৰা নাই।

তেওঁলোকৰ মতে বিগত বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিচত কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে দলীয় কৰ্মী সকলক অভিভাৱক বিহীন কৰি বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিলে। সেয়ে কেৱল মাত্ৰ প্ৰাৰ্থিত্ব লাভৰ আশাতেই কংগ্ৰেছত যোগদান কৰা উৎপল বনিয়াইও যদি বিজয়ী হয় বিজেপিৰ পক্ষতে অৱস্থান কৰাৰ সম্ভাৱনা নথকা নহয়। তদুপৰি বিগত বিধানসভা নিৰ্বাচনত উৎপল বনিয়াই মাত্ৰ ৫৬১৬ টা ভোটহে লাভ কৰিছিল। তেওঁৰ আমানত ধন পৰ্যন্ত বাজেয়াপ্ত হৈছিল। গতিকে তেনে এজন দুৰ্বল প্ৰাৰ্থীয়ে বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাবে অৱতীৰ্ণ হব পাৰিব জানো বুলিও প্ৰশ্ন উঠিছে।

অন্যহাতেদি, কংগ্ৰেছ দলৰ পৰা বর্তমানলৈকে উৎপল বণিয়াৰ উপৰিও জ্যোতি প্রসাদ শইকীয়া, অসীম কুমাৰ দাস, মুকুট ভূঞা আৰু সুৰজিৎ দাসে দলীয় টিকটৰ বাবে ৰাজীৱ ভৱনত আবেদন কৰি দাবীদাৰ বুলি নিজকে জাহিৰ কৰিছে।

ইতিহাস ভংগ হবনে ৰহাত?

মন কৰিবলগীয়া যে ১৯৯৬ চনত বিধায়ক গহীন দাসৰ বাহিৰে ৰহা সমষ্টিত এটা দল আৰু এজন বিধায়কে দ্বিতীয়বাৰলৈ সমষ্টি আৰু বিধায়কৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নাই। পাছে এনে ইতিহাস কোনোবাই ভংগ কৰিব পাৰিবনে? নে, ইতিহাসেই পুনৰ নিজৰ বুকুতে ইতিহাস লিখিব, সেয়া সময়তহে স্পষ্ট হ’ব। সময়ত অগপ দলক ৰহা সমষ্টিটো এৰি দিলে অগপৰ কেন্দ্রীয় উপ-সভাপতি বিষ্ণু দাস নে বর্তমানৰ ৰহাৰ বিধায়ক শশীকান্ত দাস অগপৰ প্রার্থী হ’ব তাকলৈও জল্পনা কল্পনা চলিছে।

সেইদৰে বিজেপি দলক ৰহা সমষ্টিটো এৰি দিলে বিজেপিৰ প্রার্থী সঞ্জীৱ হাজৰিকা নে শশীকান্ত দাস হ’ব সেই কথাও কোনেও কব নোৱাৰে।

লগতে পঢ়কঃ জটিল হৈ পৰিছে বিৰোধীৰ মিত্ৰতা


Advertisement