নগাঁওঃ অন্তিম বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইয়ে (Rajan Gohain statement Assam)। বৃহস্পতিবাৰে নগাঁৱত সাংবাদিকৰ আগত গোহাঁইয়ে কয়, ” জীৱনৰ শেষ সময়ত এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছো। পূৰ্বৰ ৰাজনৈতিক জীৱনত যিখিনি কৰিব পৰা নাছিলো সেই খিনি কৰিব পাৰো নেকি তাৰে এটা প্ৰয়াস কৰিব বিচাৰিছো।
বঢ়মপুৰ বিধানসভা সমষ্টিত বিজেপিৰ শক্তিশালী ভেটি থকাৰ কথা উনুকিয়াই দিওতে গোহাঁইয়ে কয়, মইটো এসময়ত বিজেপিত আছিলো। সেই ভেটি যিয়ে নিৰ্মাণ কৰা। মই বনোৱা ভেটিৰ ওপৰতে অসমৰ বিজেপিৰ ৰাজনীতি চলি আছে। মই বনোৱা ভেটিটো বাহিৰৰ পৰা অহা মানুহে গ্ৰাস কৰি বিকৃত দিশত নিছে। সেয়ে মইও ওলাই আহিবলগীয়া হ’ল।”
তেওঁ পুৰণি সতীৰ্থ সকলক আহ্বান জনাই কয় যে, যিসকলে ভাবিছে ৰাজেন গোহাঁইয়ে শুদ্ধ কাম কৰিছে তেওঁলোকে আমাক সহযোগ কৰক। এখন নতুন অসম নিৰ্মাণ কৰোতে য’ত ঘৃণা নাই। য’ত সকলো জাতি-জনগোষ্ঠী সমান। বিভাজনে আমাক কেতিয়াও শক্তিশালী নকৰে। দুৰ্বল কৰিব। বিভাজন বিহীন সমাজ সৃষ্টি কৰি সকলো আগবাঢ়ি যাওক।”
মিঞাক তুচ্ছ তাচ্ছিল্য কৰি হিন্দুৰ মন জয় কৰিব নোৱাৰি বুলি মন্তব্য কৰি তেওঁ কয়, মিঞা সকল এজনৰ দৃষ্টিত ঘৃণাৰ সামগ্ৰী হ’ব পাৰে। কিন্তু মিঞা সকলো মানুহ। তেওঁলোকৰো জাতি প্ৰেম আছে। আমি যদি ঘৃণা আৰু বিভাজনকামী এখন সমাজ চলি থাকিবলৈ দিলে আমাৰ ভৱিষ্যত অন্ধকাৰ।
কাৰ্বি আংলং আৰু বড়ো ভূমিত সংঘটিত সংঘাতৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ” কোনে এই সংঘাত লগাই আছে। কোনে ইজনে সিজনক ঘৃণা কৰিবলৈ শিকাইছে। ইজনে সিজনক হত্যা কৰাৰ মানসিকতা গঢ় দিছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, যিজন ৰজাৰ কোনো মানৱতাই নাই তেওঁ কেনেধৰণৰ ৰজা। এজন ৰিক্সাচালকক কম পইচা দিবলৈ দি নিজৰ নিকৃষ্ট মনৰ পৰিচয় দিছে। এটা ডাঙৰ সাংবিধানিক পদত থকা ব্যক্তিজনৰ মন বিশাল আৰু উদাৰ হ’ব লাগিছিল। বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিলে বিজেপিয়ে প্ৰতিদ্বন্দ্বী হ’ব বুলি গোহাঁইয়ে মন্তব্য কৰে।
আঞ্চলিকতাবাদকলৈ আশাবাদী বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোহাঁয়ে। গোহাঁইয়ে অগপই আঞ্চলিকতাবাদী দল হিচাপে নিজৰ স্থিতি ৰাখিব নোৱাৰাটো তেওঁলোকৰ ভুল বুলি কয়।
লগতে পঢ়কঃ ৰহাত কি হ’ব কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক সমীকৰণ?
