গুৱাহাটীঃ দেশৰ ১০খন ৰাজ্যৰ প্ৰায় ৩৭ খন খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত অসমৰ ৩ খন আসন আছে (Rajya Sabha Election 2026)। উল্লেখযোগ্য যে অসমৰ এই তিনিখন আসনত প্ৰতিনিধিত্ব কৰি আছে ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা আৰু অজিত ভূঞাই। অসমৰ ৰাজ্যসভাৰ আসন সমূহৰ নিৰ্বাচন অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব।
বুধবাৰে (১৮ ফেব্ৰুৱাৰী)ত ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ সূচীৰ বিষয়ে ঘোষণা কৰে। সেই ঘোষণা অনুযায়ী অসমৰ লগতে মুঠ ১০খন ৰাজ্যত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে ২০২৬ চনৰ এপ্ৰিল মাহত কাৰ্যকাল সমাপ্ত হ’বলগীয়া সদস্যসকলৰ খালী হ’বলগীয়া ৩৭খন আসন পূৰণ কৰা হ’ব।
কোন কোন ৰাজ্যত খালী হব ৰাজ্যসভাৰ আসনঃ
ভাৰতীয় নিৰ্বাচনী আয়োগে সদৰী কৰা মতে ১০ খন ৰাজ্যত ৰাজ্যসভাৰ আসন খালী হব। সেই ১০ খন ৰাজ্য হৈছে- মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, পশ্চিম বংগ, অসম, বিহাৰ, চট্টিচগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানা। এই ৰাজ্যসমূহত ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছতে এই আসনসমূহত নতুন সদস্য নিৰ্বাচিত কৰা হব।
অসমত ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৬ মাৰ্চতঃ
অসমত এইবাৰ ৰাজ্যসভাৰ তিনিখন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। কাৰ্যকাল সমাপ্ত হ’বলগীয়া সদস্যসকল হৈছে—ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞা। অহা ১৬ মাৰ্চত এই তিনিখন আসনৰ বাবে ভোটগ্ৰহণ হব। পুৱা ৯ বজাৰ পৰা ভোট গ্ৰহণ বিয়লি ৪ বজালৈকে হব।
ভোটগণনা সেইদিনাই বিয়লি ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব। সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া ২০ মাৰ্চৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য ধৰা হৈছে।
নিৰ্বাচনী সূচী (Timeline):
নিৰ্বাচন সূচী অনুযায়ী ২৬ ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হব। অহা ৫ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ৬ মাৰ্চত মনোনয়ন পৰীক্ষা হব।
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হব ৯ মাৰ্চ।
ভোটগ্ৰহণ: ১৬ মাৰ্চ (পুৱা ৯:০০ – বিয়লি ৪:০০)
ভোটগণনা: ১৬ মাৰ্চ (বিয়লি ৫:০০ বজাৰ পৰা)
নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে ভোটপত্ৰত পছন্দৰ চিহ্ন দিয়াৰ বাবে কেৱল ৰিটাৰ্নিং বিষয়াই যোগান ধৰা নিৰ্দিষ্ট মানদণ্ডৰ একত্ৰিত বেগুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব লাগিব। আন কোনো ধৰণৰ পেন ব্যৱহাৰ অনুমোদন নহ’ব বুলি আয়োগে স্পষ্ট কৰিছে।
লগতে পঢ়কঃ নগাঁও জিলা প্ৰশাসনৰ কি কামৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই

