NDA Candidates File Rajya Sabha Nomination in Assam for Three Seatsৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মনোনয়ন দাখিল

গুৱাহাটীঃ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আজি এন ডি এ সমৰ্থিত প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ দুই জন প্ৰাৰ্থী তেৰছ গোৱালা আৰু যোগেন‌ মহনৰ লগতে ইউ পি পি এলৰ প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে (Assam Rajya Sabha Election)।

চাইকেল চলাই আহি মনোনয়ন দাখিল তেৰছ গোৱালাৰ

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেৰছ গোৱালাই চাইকেললৈ আহি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ কয়, “২০১৬ চনত প্ৰথম দৰমহাৰে চাইকেল খন ক্ৰয় কৰিছিলো। এই চাইকেলৰে ১০ বছৰ হৈছে। গতিকে আজি চাইকেল চলাই মনোনয়ন দাখিল কৰিব আহিছো। চাইকেলখনৰ লগত স্মৃতি আছে। চাইকেলে মোক বহুত প্ৰেৰণা দিছে। চাইকেলেহে দুখীয়া মানুহৰ আৰ্তনাদ কি আছে জনায়। আৰ্তজনৰ কথা জনাত চাইকেল খনে সহায় কৰিছে।” তেওঁ কয়, ৰাজ্য সভাত অসম আৰু অসমীয়াৰ কথা সজোৰে উত্থাপন কৰিম।

মাহমৰাবাসীৰ লগত সদায় থকাৰ প্ৰতিশ্ৰুতি যোগেন মহনৰ

অন্যহাতেদি মনোনয়ন দাখিলৰ পিছত মন্ত্ৰী যোগেন মহনে কয়, “ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বয়ে আমাৰ ওপৰত এক গভীৰ দায়িত্ব অৰ্পণ কৰিছে। সেই মৰ্মে আজি ৰাজ্যসভাৰ সাংসদ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। বিগত সময়চোৱাত ৰাজ্যখনৰ ৰাজনীতিৰ সৈতে একাত্মভাৱে জড়িত হৈ ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে বিভিন্ন বিভাগত আৰু এগৰাকী বিধায়ক হিচাপে মাহমৰা বিধান সভা সমষ্টিৰ ৰাইজৰ সৈতে থকাৰ সময়ছোৱাত ৰাইজৰ লগত থাকি ৰাইজৰ অভাৱ অভিযোগ সমূহ সমাধান কৰিবলৈ, নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলাই আছোঁ, এনে সময়তে দলৰ শীৰ্ষ নেতৃত্বয়ে আমাৰ ওপৰত অৰ্পণ কৰা এক গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে দলীয় নীতি নিৰ্দেশনা সন্মান সহকাৰে পালন কৰিবলৈ প্ৰস্তুত হৈছোঁ । অসমখনক ভাৰতবৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ ভূমিকা থাকিব।”

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নৱীন, গৃহ মন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

তেওঁ উল্লেখ কৰে, “ৰাইজৰ বাবে চিৰদিন ৰাইজৰ লগত থকাৰ বাবে দৃঢ় সংকল্পবদ্ধ । মাহমৰা বিধান সভা সমষ্টিবাসীৰ লগত -আছিলোঁ আছোঁ আৰু ভৱিষ্যতৰ দিনতেও থাকিম ।” উল্লেখযোগ্য মাহমৰা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা যোগেন মহনক ৰাজ্যসভাৰ প্ৰাৰ্থী কৰাত ক্ষোভিত মাহমৰাবাসীয়ে যোগেন মহন মাহমৰাৰ বিধায়কহৈ থাকিব লাগিব বুলি প্ৰতিবাদ কৰিছিল।

তৃতীয়খন আসনৰ বাবে প্ৰমোদ বড়োৰ মনোনয়ন দাখিল

ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পিছত ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে কয়, “ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে আমি তৃতীয়খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছো। আমি আশা ৰাখিছো তৃতীয়খন আসনৰ বাবে অসম বিধানসভাৰ বিধায়ক সকলৰ সমৰ্থন পাম। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বড়োলেণ্ডৰ পৰা আহি কাম কৰাৰ সুবিধা লাভ কৰিম বুলি আশা কৰিছো।” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এন ডি এৰ বিধায়ক সকলে প্ৰমোদ বড়োৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলি কৰা ঘোষণাৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত বড়োৱে কয়, ” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছো।” ইপিনে বিধানসভা নিৰ্বাচনৰ আসনকলৈ কাইলৈ বা পৰহিলৈ আলোচনা কৰিব বুলি তেওঁ মন্তব্য কৰি কয়, ” ১৫ খন আসনত আমাৰ প্ৰস্তুতি চলি আছে। সক্ৰিয়ভাৱে আমাৰ কৰ্মী সকলে কাম কৰি আছে। ৰাইজৰ আমাৰ প্ৰতি সমৰ্থন আছে।” ইপিনে ৰাজ্যসভাৰ মনোনয়ন দাখিল কৰা কাৰ্যত এ আই ইউ ডি এফ বিধায়কে সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত তেওঁ কয়, “দুখন মনোনয়ন পত্ৰ দাখিল কৰিছো। ২০ জন বিধায়কে স্বাক্ষৰ আগবঢ়াইছে। কোনে কোনে স্বাক্ষৰ কৰিছে নামবোৰ ৱাটচ এপপৰ জৰিয়তে সাংবাদিকক জনাই দিয়া হব।” বিগত ৫ বছৰীয়া ইউ পি পি এলৰ কাৰ্যকালত বড়োলেণ্ডত শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, ” পৰিষদৰ নিৰ্বাচনত ফলাফল বেয়া হ’ল বুলি আমি দিশহাৰা হোৱা ‌নাই। এতিয়াও আমি ছাত্ৰ-ছাত্ৰীৰ বাবে কাম কৰি আছো। আমি এক দৃষ্টিভংগীলৈ কাম কৰি আছো। ছাত্ৰ-ছাত্ৰী, দুখীয়া ৰাইজ, বিভিন্ন জনগোষ্ঠীৰ বাবে এজেণ্ডালৈ‌ কাম কৰি আছো।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য

ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা এন ডি এ সমৰ্থিত প্ৰাৰ্থী কেইজনক শুভেচ্ছা জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয়, “এন ডি এ মিত্ৰজোঁটৰ তিনিগৰাকী শক্তিশালী নেতা যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৱে তিনিটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁলোকে দীৰ্ঘদিন জনসেৱাৰ কামত আত্মনিয়োগ কৰি আহিছে। তিনিগৰাকীকে অভিনন্দন জনাইছো। ভাৰতীয় জনতা পাৰ্টি ইউ পি পি এল যৌথভাৱে আগন্তুক নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিম। অসমৰ উন্নয়ন ক্ষীপ্ৰতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত, মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব।”

লগতে পঢ়কঃ বুল্ড’জাৰেৰে উচ্ছেদ নহয়, মুখ্যমন্ত্ৰীলৈ পুষ্পবৃষ্টি নগাঁৱত


Advertisement