Samaguri Election 2026 Heats Up With Intense Political Activity in Samaguriচামগুৰিত গৰম নিৰ্বাচনী বতাহ

নগাঁওঃ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পুনৰ গঠিত চামগুৰি সমষ্টিৰ ৰাজনৈতিক বতাহ জাক ক্ৰমান্বয়ে উত্তপ্ত হ’বলৈ ধৰিছে (Samaguri Election 2026)। সমষ্টিটোত কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক, এ আই ইউ ডি এফে প্ৰাক্তন বিধায়ক তথা আমছুৰ অন্যতম প্ৰতিষ্ঠাপক আব্দুল আজিজক আৰু বিজেপিয়ে অনিল শইকীয়াক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছত তিনিওজন প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে ।

এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰি ভোটাৰৰ মাজত সোমাই প্ৰচাৰ আৰম্ভ কৰিছে। আজিজে গাঁৱে গাঁৱে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ সমৰ্থনত আজিৰে পৰা পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে পূৰ্বতে দলত্যাগ কৰা কিছু সংখ্যক স্থানীয় নেতাক দললৈ উভতাই অনাৰ কৌশল গ্ৰহণ কৰিছে। অৱশ্যে তাঞ্জিলৰ বিৰোধিতা কৰি প্ৰাৰ্থিত্ব বিচৰা পাঁচজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সহযোগ কৰা পৰিলক্ষিত হোৱা নাই।

ইপিনে বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াইও ইতিমধ্যে প্ৰাৰ্থিত্ব বঞ্চিত কেবাজনো নেতাৰ ক্ষোভ মৰিষণ কৰি সমৰ্থন আদায় কৰা বুলি জানিব পৰা গৈছে। গেৰুৱা দলটোৰ প্ৰাৰ্থিত্ব বঞ্চিত নাজিৰ হোছেইন, মজিবুৰ ৰহমান, বিপ্লৱ তৰফদাৰৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ অনিল শইকীয়াই সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। অগপৰ পৰা প্ৰাৰ্থিত্ব বিচৰা আঞ্জুমা বেগমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামি অনিল শইকীয়াৰ সন্মূখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি হুংকাৰ দিছিল যদিও আজি আঞ্চলিক দলটোৰ নেতৃত্বই আঞ্জুমাক বুজাই বঢ়াই ক্ষোভ প্ৰশমিত কৰে।

অন্যহাতেদি আজি সমষ্টিটোৰ কাৱৈমাৰীত অনুষ্ঠিত এখন দলীয় সভাত সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ উপস্থিতিত চামগুৰি সমষ্টিৰ অগপৰ সমষ্টি পৰিষদৰ সভাপতি, লাওখোৱা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা অগপৰ টিকট বঞ্চিত নেতা আবু বক্কৰ ছিদ্দিকে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। অগপ ত্যাগ কৰা নেতা ছিদ্দিকক সাংসদ হুছেইনে ফুলাম গামোচা পিন্ধাই কংগ্ৰেছলৈ আদৰি লয়। অগপ ত্যাগী ছিদ্দিক পূৰ্বতে কংগ্ৰেছ শাসনত থাকোতে চামগুৰি বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি পদত আছিল। তদুপৰি ২০১৯ চনত ছিদ্দিকে কংগ্ৰেছৰ টিকটত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আঞ্চলিক পঞ্চায়তৰ সভাপতি পদ দখল কৰিবলৈ সক্ষম হৈছিল।

আনপিনে চামগুৰি সমষ্টিৰ অগপৰ সাধাৰণ সম্পাদক নাৰায়ণ বৰাই ছিদ্দিকে কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আঞ্চলিক দলটোৰ জ্যেষ্ঠ নেতা বৰাই এইবুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ছিদ্দিকে টিকটৰ পৰা বঞ্চিত হৈ দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল। আমাৰ দলটোৰ শীৰ্ষ নেতৃত্বই চামগুৰি মিত্ৰ দল বিজেপিক এৰি দিছে আৰু আমি অগপ কৰ্মী সকলে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাম। কিন্তু ছিদ্দিকে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে আমি তেওঁক অগপৰ পৰা বহিষ্কাৰ কৰিছো।

সাংসদ ৰকিবুল হুছেইনে কাৱৈমাৰীৰ সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি বিজেপিৰ সমালোচনাত মুখৰ হৈ উঠে। বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ ৫০১ নম্বৰ কোঠালিৰ পৰা ভূৱা একাউণ্ট খুলি অপপ্ৰচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ তুলি সাংসদ হুছেইনে উক্ত কোঠালিত অনৈতিক কাৰ্যকলাপ চলে বুলিও মত প্ৰকাশ কৰে।

ভাৰতীয় নিৰ্বাচন আয়োগে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অভিযান চলাই নিজৰ নিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰখা উচিত বুলি দাবী জনায় সাংসদ হুছেইনে। সাংসদ হুছেইনে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত তলব নকৰা বুলি অভিযোগ তোলে। নিৰ্বাচন আয়োগে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কংগ্ৰেছ ক্ষমতালৈ আহিলেই ইয়াৰ ওপৰত গোচৰ লব বুলিও হুংকাৰ দিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবেলি বিজেপি পুনৰ ক্ষমতালৈ আহিলে পাঁচ লাখ বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলাব বুলি কৰা ঘোষণাক ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰে সাংসদ হুছেইনে। সাংসদ হুছেইনে কটাক্ষ কৰি কয় যে এইবাৰ ভোটাৰেই মুখ্যমন্ত্ৰীক ৰাজ্যৰ শাসনৰ পৰা উচ্ছেদ কৰিব।

লগতে পঢ়কঃ ২০২৬ চনৰ নিৰ্বাচনী যুঁজ হব ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কংগ্ৰেছ আৰু প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ মানি চলা কংগ্ৰেছৰ মাজৰ যুঁজঃ গৌৰৱ গগৈ


Advertisement