ধিং: প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌ, পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস হোৱাকে ধৰি একাধিক কাৰণত এতিয়া নগাঁও বটদ্ৰৱা সমষ্টি এৰি সংখ্যালঘু অধ্যুষিত ধিং সমষ্টিৰ পৰা বিধায়িকা হোৱাৰ সপোন দেখিছে বৰ্তমানৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰাই (Shibamoni Bora Dhing Constituency Controversy)। বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰে বিপুল ভোটত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা শিবামনি বৰাই আগন্তক নিৰ্বাচনত অৱতীৰ্ণ নহয় নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা।
ইতিমধ্যেই কংগ্ৰেছ দলত সম্পন্ন হোৱা প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ আৱেদনৰ অন্তিম তাৰিখলৈকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰাই নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা আৱেদন কৰাৰ বিপৰীতে সংখ্যালঘু অধ্যুষিত ধিং বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিহে আবেদন কৰিছে। কেৱল আবেদন কৰাই নহয়, ধিং সমষ্টিৰ নিৰ্দিষ্ট কিছু এলেকাত কুচকাৱাজ আৰম্ভ কৰিছে শিবামনি বৰাই। কিন্তু একে সময়তে সমষ্টিটোৰ তৃণমূল পৰ্য্যায়ত বিধায়িকা শিবামনি বৰাৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা আৰম্ভ হৈছে।
বিগত প্ৰায় পাঁচটা বছৰ নিৰ্দিষ্ট কেইজন লোকক গুৰুত্ব দিয়াৰ বিপৰীতে বিগত নিৰ্বাচনত শিবামনি বৰাৰ বাবে দিন ৰাতি একাকাৰ কৰা বহু নিষ্ঠাবান কৰ্মীক গুৰুত্ব প্ৰদান নকৰা, সাধাৰণ লোকৰ সৈতে সম্পৰ্ক ৰক্ষা নকৰাৰ দৰে একাধিক অভিযোগে জনপ্ৰিয়তা হ্ৰাস কৰা বিধায়িকা শিবামনি বৰাই এতিয়া সপোন দেখিছে ধিং সমষ্টিৰ পৰা বিধায়িকা হোৱাৰ।

অৱশ্যে সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ পাছত পূৰ্বৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ কিছু গাঁও পঞ্চায়ত ধিং সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন কিছু গাঁও পঞ্চায়ত পূৰ্বৰ নগাঁও সদৰ সমষ্টিৰ সৈতে অন্তৰ্ভুক্ত হৈ গঠন হৈছে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি। পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ সংখ্যলাঘু গাঁও পঞ্চয়তকেইখন ধিং সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে সংখ্যাগুৰু গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে নগাঁও বটদ্ৰৱা সমষ্টিত।
কিন্তু নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হবলৈ সাহস গোটাব নোৱাৰা বিধায়িকা শিবামনি বৰাই সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হবলৈ চলোৱা কুচকাৱাজক লৈ ৰাজনৈতিক মহলত উত্থাপন হৈছে আন বহু প্ৰশ্নৰো।
বছৰদিয়েক পূৰ্বে বিধায়িকা শিবামনি বৰা বিজেপি দলত যোগদান কৰিব বুলিও ব্যাপকভাৱে চর্চা হৈছিল সংবাদ মাধ্যমৰ লগতে ৰাজনৈতিক মহলত। ইপিনে, বিজেপিৰ একাংশ নেকা কৰ্মীয়ে বিৰোধী কংগ্ৰেছ দলক সংখ্যালঘুৰ দল বুলি প্ৰতিষ্ঠা কৰি উজনি অসমৰ ভোট আদায়ৰ চেষ্টা প্ৰায়েই কৰি আহিছে। এনে ক্ষেত্ৰত শিবামনি বৰাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰে সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছৰ পিঠিত সংখ্যালঘুৰ চাইনবর্ড অধিক শক্তিশালী কৰিব বিচাৰিছে নেকি? এনে প্ৰশ্নও এতিয়া উত্থাপন হৈছে বিধায়িকা শিবামনি বৰাই ধিং সমষ্টিৰ প্ৰাৰ্থীত্ব বিচৰাক লৈ। শিবামনি বৰাই সংখ্যালঘু ধিং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিলে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে নতুন ৰাজনৈতিক অস্ত্ৰ লাভ কৰিব বুলিও শংকা কৰিছে ধিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ তৃণমূল কৰ্মী, সমৰ্থকে।
শিবামনি বৰাক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিগত ২০০৬ চনৰ পৰা এ আই ইউ ডি এফ দলৰ দখলত থকা ধিং বিধানসভা সমষ্টিটোত পুনৰ এ আই ইউ ডি এফৰ ভাগ্য ফুলিব বুলিও দ্য নিউজ ছৰ্চৰ সাংবাদিকৰ সন্মুখত মত পোষণ কৰিছে সমষ্টিটোৰ বহুকেইজন তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছৰ কৰ্মীৰ লগতে সমৰ্থকেও।
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীলৈ এসময়ৰ বন্ধু ৰকিবুল হুছেইনৰ পোনপটীয়া প্ৰশ্ন
