Time for Change Yatra Assam Congress Begins in Nagaon with Gurujana’s Blessingsগুৰুজনাৰ আশীষ লৈ নগাঁৱত কংগ্ৰেছৰ ‘ সময় পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ

নগাঁওঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা ‘সময় পৰিবৰ্তনৰ’ নামৰ কাৰ্য্যসূচী হাতত লৈ শুক্ৰবাৰে নগাঁৱত হয় উপস্থিত টিম গৌৰৱ গগৈ (Time for Change Yatra Assam Congress)। বৃহস্পতিবাৰে নিশাই নগাঁৱৰ বাইপাছৰ এখন হোটেলত উপস্থিত হৈ শুক্ৰবাৰে পুৱাই গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ দলটো ৰাওনা হয় গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ। বটদ্ৰৱাত গুৰুজনাৰ আশীষ লৈ দলটোৱে নগাঁৱত আৰম্ভ কৰে ‘সময় পৰিবৰ্তনৰ নামৰ কাৰ্য্যসূচী।

শুক্ৰবাৰে নগাঁৱত কংগ্ৰেছৰ ‘সময় পৰিবৰ্তনৰ’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ তথা জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ এই কাৰ্য্যসূচী নিৰ্বাচনকেন্দ্ৰিক নহয় বুলি মন্তব্য কৰে। কংগ্ৰেছৰ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “অসমত আৰম্ভ হোৱা বিভাজনকামী ৰাজনীতি, সাম্প্ৰদায়িক বিহবভাষ্প বিয়পোৱা ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই অপশক্তিৰ বিৰুদ্ধে গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আগুৱাই গুৰুজনাৰ বৰ অসমক সুৰক্ষিত কৰি ৰাখিব লাগিব।”

“জাতি বচাওক, মাটি বচাওক, সময় পৰিবৰ্তনৰ” শীৰ্ষক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এই সংকল্প যাত্ৰা শুক্ৰবাৰে নগাঁও টাউনৰ মাজমজিয়াৰে উলিওৱা হয়। কংগ্ৰেছৰ এই যাত্ৰাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, তত্বাৱধায়ক জীতেন্দ্ৰ সিং, মনোজ চৌহান, বন্ধু তিৰ্কী, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইন বিৰোধী দলপতি দেবব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, বিধায়কা শিৱামণি বৰা, বিধায়ক নুৰুল হুদা, আছিফ নাজাৰ, নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰুণুমণি বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক এমদাদুল্লা আহমেদ, মুখপাত্ৰ বিৰিঞ্চি বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, পল্লৱী শইকীয়া সহ বহুকেইগৰাকী নেতা।

গুৰুজনাৰ পূণ্যভূমি বৰদোৱা থানত সেৱা কৰি প্ৰদেশ কংগ্ৰেছ দলটোৱে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰে।

লগতে পঢ়কঃ মই বনোৱা ভেটিত ৰাজত্ব কৰিছে বিজেপিয়েঃ মন্তব্য প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহঁইৰ


Advertisement