কোকৰাঝাৰঃ মাত্ৰ কেইটামান দিনৰ পূৰ্বে অনুষ্ঠিত ৰাজ্য সভাৰ নিৰ্বাচনত ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে এন ডি এ বিধায়কৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এন ডি এৰ পৰা ওলাই আহি অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে ইউ পি পি এল-এ (UPPL exits NDA)।
ইউ পি পি এলৰ কেন্দ্ৰীয় উপ-সভাপতি ডঃ আৰ এন সিনহাৰ সংবাদ মেল
মংগলবাৰে এই সম্পৰ্কত এখন সংবাদমেলত ইউ পি পি এলৰ কেন্দ্ৰীয় উপ-সভাপতি ডঃ আৰ এন সিনহাই কয়, ” বিজেপিৰ এটা অংগ আৰ এচ এচৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰা। তেওঁলোকে বিচাৰিছে ভাৰতবৰ্ষৰ সকলো ৰাজ্যত আৰ এচ এচ পৰিচালিত মুখ্যমন্ত্ৰী হওক। তদুপৰি বিজেপিৰ গোপন কাৰ্যসূচী হৈছে অনুসূচিত জাতি অথবা অনুসূচিত জনজাতিৰ সংৰক্ষণ উঠাই দিয়া।” ইউ পি পি এলৰ নেতাজনে লগতে কয়, তেওঁলোকৰ মূল উদ্দেশ্য হৈছে মুছলমান সকলক ক্ষতি কৰা। মিঞা মিঞা বুলি মুছলমান সকলৰ ওপৰত অত্যাচাৰ কৰি আছে। তেওঁলোকে সংবিধান সলনি কৰিব বিচাৰিছে। গতিকে জনজাতি লোকসকলক আৰু মুছলমান ধৰ্মাৱলম্বী সকলক আহ্বান জনাইছো বিজেপিৰ গোপন পৰিকল্পনা আমি যাতে ভোটৰে প্ৰতিহত কৰিব পাৰো। মুখত যদিও বিজেপিয়ে খিলঞ্জীয়াৰ পক্ষত থকা বুলি কয়, ই মিছা কথা। গতিকে আমি বি টি চিত মুছলমান আৰু জনজাতীয় লোকসকলৰ মাজত বিজেপিৰ বিৰুদ্ধে সজাগতা আৰম্ভ কৰিম।”
সিনহাই লগতে কয়, “আমি ধৰ্মনিৰপেক্ষ। গতিকে এন ডি এৰ আদৰ্শ আমাৰ লগত নিমিলে। সেয়ে আমি এন ডি এৰ পৰা ওলাই আহিছো।” প্ৰাৰ্থিত্বৰ প্ৰসংগত তেওঁ কয়, দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লব। তথাপিও আমি ২১ টা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম। কালি সাতটা সমষ্টিৰ প্ৰাৰ্থীৰনাম আমি ঘোষণা কৰিছো।
সাতটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
ইউ পি পি এলে সাতটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই কেইটা হৈছে,-১ নং গোসাঁইগাঁও সমষ্টিত অনিন্দ বসুমতাৰী, ২ নং দ’টমা (অনুসূচিত জনজাতিৰ সংৰক্ষিত) ৰাজু কুমাৰ নাৰ্জাৰী, ৩ নং কোকৰাঝাৰ ( অনুসূচিত জনজাতিৰ সংৰক্ষিত) লৰেন্স ইছলাৰী, ৪৩ নং তামুলপুৰ (অনুসূচিত জনজাতিৰ সংৰক্ষিত ) প্ৰমোদ বড়ো, ৪৫ নং ভেৰগাঁও নৗৰসৗন বড়ো, ৪৬ নং ওদালগুৰি ( অনুসূচিত জনজাতিৰ সংৰক্ষিত) দীপেন বড়ো আৰু ২০ নং বিজনী সমষ্টিত কমলসিং নাৰ্জাৰীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে কেইটামান দিন পূৰ্বে ৰাজ্য সভালৈ নিৰ্বাচিত হোৱা প্ৰমোদ বড়োৱে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোৱে তাৎপৰ্য বহন কৰিছে।
২০২০ চনত প্ৰমোদ বড়োৰ নেতৃত্বত বি টি চি পৰিষদ গঠন হোৱাৰ পাছত ইউ পি পি এল দল এন ডি এৰ সৈতে মিত্ৰতাত আছিল ৷ আনহাতে, ২০২১ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনত এন ডি এত থাকি লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ ইউ পি পি এল দলত বৰ্তমান সাতগৰাকী বিধায়ক আৰু তিনিজন সাংসদ আছে ৷

