নিউজ ডেস্কঃ জিভা পিছল খালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ। পশ্চিম বংগৰ পুৰুলিয়াৰ জয়পুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিবলৈ গৈ যোগী আদিত্য নাথে দেশৰ ইতিহাস সম্পৰ্কত তেওঁৰ অজ্ঞতা প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে ভাষন প্ৰসংগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিখ্যাত উক্তি স্বামী বিবেকানন্দই কোৱা বুলি প্ৰকাশ কৰে (Yogi Adityanath Misquote Controversy)।
নিৰ্বাচনী সভাখনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে কয়, “স্বামী বিবেকানন্দই কৈছিল যে মোক তোমালোকে তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম”।
এই উক্তিটো বাস্তৱিকতে স্বামী বিবেকানন্দৰ উক্তি নাছিল। এই বিখ্যাত উক্তিটো আছিল, নেতাজী সুভাষ চন্দ্ৰ বসুৰ। ১৯৪৪ চনত নেতাজীয়ে ইণ্ডিয়ান নেশ্যনেল আৰ্মী( আই এন এ)ৰ সন্মুখত বাৰ্মাত বিখ্যাত উক্তিটো কৰিছিল আৰু বৃটিছৰ বিৰুদ্ধে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল।
কিন্তু যোগী আদিত্য নাথে এই বিখ্যাত উক্তিটো স্বামী বিবেকানন্দই কোৱা বুলি উল্লেখ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই এই প্ৰসংগত Xত উল্লেখ কৰে, “হেল’ বুলডজাৰ বুদ্ধি @myogiadityanath, নিজৰ তথ্য ঠিক কৰক। নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল ‘মোক তেজ দিয়ক, মই তোমালোকক স্বাধীনতা দিম।’ স্বামী বিবেকানন্দই এই কথা কোৱা নাছিল। আপুনি ইউ পি-ত ফেণ্টা খাবলৈ উভতি যাওক আৰু বেঙ্গলক একেলগে এৰি দিয়ক। আপুনি এক ঠাট্টাৰ বিষয়,”
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে সামাজিক মাধ্যমত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ভাষনৰ ভিডিঅ’ আপলোড কৰি উল্লেখ কৰে, ” আজি জয়পুৰৰ মঞ্চত চূড়ান্ত অজ্ঞতা আৰু দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে যোগী আদিত্যনাথে। বাংলাৰ মনীষী সকলৰ সম্পর্কত যে তেওঁৰ ন্যূনতম ধাৰণাও নাই, সেইটো আজি পুনৰ প্রমাণ হ’ল!
স্বামী বিবেকানন্দৰ নামত এইটো এক ভয়ংকৰ ভুল। “Give me blood and I will give you freedom”, এই বিখ্যাত উক্তিটো স্বামী বিবেকানন্দৰ নহয়, এইটো জনতাৰ প্রতি সুভাষচন্দ্র বসুৰ ঐতিহাসিক আহ্বান আছিল।
ইতিহাসৰ ন্যূনতম জ্ঞান নাথাকিলে এনেকুৱা ভুল হব পাৰে। কিন্তু প্রশ্ন হয়, যি দলে দেশ, সংস্কৃতি আৰু মহান ব্যক্তি সকলৰ নামত ৰাজনীতি কৰে, তেওঁলোকৰ পৰা এইটো জানো প্রত্যাশিত?
এইটো কেৱল মাত্ৰ ভুল নহয়, এইটো ইচ্ছাকৃত বিকৃতি। বঙালীৰ গর্ব, দেশৰ ইতিহাস, সকলো এইধৰণে বিকৃত কৰাৰ অধিকাৰ আপনালোকক কোনে দিছে?”
লগতে পঢ়কঃ বিজয়ী হ’লেই মন্ত্ৰিত্ব লাভ কৰিব প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে!

