গুৱাহাটীঃ জাতিৰ মহানায়ক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত বিচাৰ প্ৰক্ৰিয়াত প্ৰদানত অস্বাভাৱিক বিলম্ব, ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্লিপ্ত মনোভাৱ আৰু উদাসীনতাক লৈ অসম জাতীয় পৰিষদে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে (Zubeen Garg Justice Delay)।
শুকুৰবাৰে সংবাদমাধ্যমলৈ প্ৰেৰণা কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা অটুট ৰখাৰ বাবে চৰকাৰে যি দ্ৰুত আৰু সময়সাপেক্ষ ব্যৱস্থা ল’ব লাগিছিল, সেয়া আজিলৈকে দেখা নগ’ল।
গোচৰটোৰ বিচাৰ ফাষ্টট্ৰেক কোৰ্টৰ জৰিয়তে দ্ৰুতগতিত চলাবলৈ অধিবক্তা আৰু পৰিয়ালৰ লোক আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলে বহুদিন ধৰি দাবী উত্থাপন কৰি আহিছে। তথাপি ৰাজ্য চৰকাৰে এই ন্যায্য দাবীক গুৰুত্ব নিদিয়া কাৰ্যই এয়াই প্ৰমাণ কৰিছে যে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ কোনোধৰণৰ আন্তৰিকতা নাই। শুকুৰবাৰৰ শুনানিৰ অন্তত চৰকাৰী অধিবক্তাই স্বীকাৰ কৰিছে যে বৰ্তমানৰ দৰে লেহেমীয়া প্ৰক্ৰিয়াত বিচাৰ চলি থাকিলে ন্যায় লাভ কৰিবলৈ ২০ বছৰৰো অধিক সময় লাগিব পাৰে। এই বক্তব্যই ৰাজ্য চৰকাৰৰ ব্যৰ্থতা আৰু জুবিন গাৰ্গৰ দৰে মহান সত্তাক কৰা উপেক্ষাক উন্মোচিত কৰিছে।’’
উল্লেখযোগ্য যে, ২৪ জানুৱাৰীত গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত জৰুৰী হস্তক্ষেপ বিচাৰিছিল। পত্ৰখনত অসমত এখন বিশেষ আদালত গঠন কৰি গোচৰটোৰ দ্ৰুত বিচাৰৰ ব্যৱস্থা কৰাৰ লগতে বিষয়টোৰ আন্তঃৰাষ্ট্ৰীয় দিশ বিবেচনা কৰি ছিংগাপুৰত উপযুক্ত কূটনৈতিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনোৱা হৈছিল। কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰাও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ পৰিয়ালটোৱে উত্থাপন কৰিছে। প্রধানমন্ত্ৰী কাৰ্যালয়ৰ এই অৱহেলাক অত্যন্ত দুখজনক আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে অসম জাতীয় পৰিষদে।
অসম জাতীয় পৰিষদে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘ফাষ্টট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত চৰকাৰৰ অনীহা কিয়? গোচৰটো যথাসম্ভৱ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ লোৱা হোৱা নাই কিয়? পৰিয়ালৰ লোকে বিশেষ আদালত গঠনৰ বাবে জনাই অহা দাবীক গুৰুত্বই দিয়া নাই কিয় মুখ্যমন্ত্ৰীয়ে? ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ অৱহেলাৰ আঁৰত কোনো প্ৰভাৱশালী শক্তিৰ প্ৰভাৱ আছে নেকি? পৰিয়ালৰ ন্যায্য আৰু সাংবিধানিক অধিকাৰক কিয় ইমান উপেক্ষা কৰা হৈছে, সেয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে।’’
গগৈ আৰু ভূঞাই লগতে কয়, ‘‘জুবিন গাৰ্গক ন্যায় প্ৰদান কোনো ৰাজনৈতিক সুবিধা-অসুবিধাৰ বিষয় নহয়, ই মৌলিক অধিকাৰ। এইক্ষেত্ৰত চৰকাৰৰ দায়িত্ব হৈছে দ্ৰুত, স্বচ্ছ আৰু ক্ষিপ্ৰ বিচাৰ নিশ্চিত কৰা। আমি অসম চৰকাৰক তৎকালীনভাৱে এখন ফাষ্টট্ৰেক/বিশেষ আদালত গঠন কৰি গোচৰটো ক্ষিপ্ৰতাৰে চলাবলৈ দাবী জনাইছোঁ। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ এক নিৰ্দিষ্ট সময়সূচী প্ৰকাশ কৰি জনসাধাৰণক অৱগত কৰোৱাৰ বাবে ন্যায়িকভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। লগতে, বিষয়টোৰ আন্তঃৰাষ্ট্ৰীয় দিশসমূহ বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰে ছিংগাপুৰত প্ৰয়োজনীয় কূটনৈতিক আৰু আইনগত পদক্ষেপ গ্ৰহণ কৰি অসমীয়া মানুহৰ আৱেগক সন্মান জনাওক। চৰকাৰে মনত ৰখা ভাল যে জুবিন গাৰ্গৰ ন্যায় দয়া বা অনুগ্ৰহৰ বিষয় নহয়, এয়া অসমীয়া মানুহৰ অধিকাৰ আৰু স্বাভিমানৰ প্রশ্ন।’’
অসম জাতীয় পৰিষদে সকীয়াই দিয়ে যে ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ এই বিলম্বতা আৰু উপেক্ষা অব্যাহত থাকিলে দলটোৱে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন গঢ়ি তুলিব। এই সংগ্ৰাম কেৱল এটা পৰিয়ালৰ ন্যায়ৰ বাবে নহয়, এয়া জাতিৰ মহানায়কৰ বাবে কৰা স্বাভিমানৰ সংগ্ৰাম। ন্যায়ৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ মানি লোৱা নহ’ব বুলিও দলটোৱে দৃঢ়তাৰে দোহাৰে।
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীলৈ এসময়ৰ বন্ধু ৰকিবুল হুছেইনৰ পোনপটীয়া প্ৰশ্ন

