ইনডৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

নগাঁওঃ ৰাজ্যসভাৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয়, নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নতুনকৈ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ আহি শুকুৰবাৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰসংগত প্ৰশ্নৰ সন্মুখীন হয় কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা (Zubeen Garg Justice)।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই নগাঁৱত উপস্থিতহৈ ইণ্ডোৰ ষ্টেডিয়ামখন উদ্বোধন কৰে । নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ(গৰু ফিল্ড)ত এখন বিকল্প খেলপথাৰ হিচাপে নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। তদুপলক্ষে অনুষ্ঠিত অনুষ্ঠানতে এগৰাকী মহিলাই কেন্দ্ৰীয় মন্ত্ৰীজনক জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত প্ৰশ্ন কৰে। মহিলা গৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, “মুখ্যমন্ত্ৰীৰ পৰা আপুনালৈকে, সাংবাদিকৰ পৰা দৰ্শকলৈকে সকলোৱে বিচাৰিছো জুবিন গাৰ্গৰ ন্যায়। ন্যায় এতিয়া কাৰ্যপালিকাই নিদিয়ে, ন্যায় দিব ন্যায়পালিকাই। জুবিন গাৰ্গে ন্যায় পাওঁক সেয়া আমিও বিচাৰো।”

কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ, লুৰিণজ্যোতি গগৈক কটাক্ষ কৰি কয়, “আজিৰ তাৰিখত অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে লিলি হোটেলত কি কবিতা লিখিছে, গৌৰৱ গগৈৰ ওচৰত কিমান বেঁকা হৈ নিজৰ আসনৰ বাবে অখিল গগৈয়ে আঁঠু লৈ তৈলমৰ্দন কৰিছে এইসমূহ আলোচনা কৰাতকৈ, বেদখলমুক্ত, বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰ, অৰুণোদয় আঁচনি আদি সন্দৰ্ভতহে আলোচনা কৰিব লাগে।”

কংগ্ৰেছৰ চৰকাৰ দিনত কাজিৰঙাত গঁড় হত্যা হোৱা বুলিও উল্লেখ কৰি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিদিনেই গঁড় হত্যা হোৱা কাজিৰঙাত এতিয়া এটাও গঁড় হত্যা হোৱা নাই। এই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰশ্ন কৰিব লাগে। গৌৰৱ গগৈয়ে বিকাশৰ যাত্ৰাত বাধা দিয়াৰ ব্যৰ্থ চেষ্টা কৰি আছে।”

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভতো কটাক্ষ কৰে মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। সংখ্যালঘু সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীজনে কয়,”এইখন চৰকাৰৰ দিনতেই সংখ্যালঘুসকল আটাইতকৈ সুৰক্ষিত। কংগ্ৰেছ চৰকাৰৰ দিনতেই নেলী হত্যাকাণ্ড, বি টি এডিৰ গোষ্ঠী সংঘৰ্ষ হৈছিল। তেওঁলোকৰ দিনতেই বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বিগত দহ বছৰে কতো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই।”

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে আজি নগাঁৱত স্থানীয় বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে। উল্লেখযোগ্য যে- যি সমূহ খেল নগাঁও ক্ৰীড়া সংস্থাই খেলুৱৈ সকলক সংস্থাৰ নুৰুল আমিন খেলপথাৰৰ ইনডৰ ষ্টেডিয়ামত খেলিব দিব পৰা নাই,তেনে খেল সমূহ নতুনকৈ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়ামখনত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক ৰূপত শৰ্মাই।

লগতে পঢ়কঃ বগা চাহাবৰ শাসনকালতে বিধায়ক নিৰ্বাচিত হোৱা ওচমান আলি সদাগৰৰ বিষয়ে জানো আহক


Advertisement