বঢ়মপুৰ: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এসময়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা ৰাজেন গোহাঁইয়ে অসম জাতীয় পৰিষদত যোগদান কৰি দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব লোৱাৰ পিচত বঢ়মপুৰ বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চিত হৈছে।কিন্তু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইক সমষ্টিটো কোনো পধ্যেই এৰি নিদিয়ে বুলি টঙালি বান্ধিছে কংগ্ৰেছৰ এটা শিবিৰে।
একাংশ কংগ্ৰেছীৰ মতে বিগত নিৰ্বাচনত কংগ্ৰেছী প্ৰাৰ্থীজন মাত্ৰ কেইটামান ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল।গতিকে সমষ্টিটোত কংগ্ৰেছৰ এক শক্তিশালী ভেটি আছে।সেয়ে সমষ্টিটোত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়া উচিত।উল্লেখযোগ্য যে এসময়ৰ অগপৰ দুৰ্গৰূপে খ্যাত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দীঘলীয়া সময় ধৰি প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ বিধান সভা সমষ্টিটো এইবাৰ বিজেপিৰ জিতু গোস্বামীয়ে প্ৰতিনিধিত্ব কৰি আছে।সমষ্টিটো উদ্ধাৰ কৰাৰ বাবে বিৰোধীয়ে ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে।
সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত বঢ়মপুৰ সমষ্টিত নতুনকৈ পূৰ্বৰ চামগুৰি সমষ্টিৰ বহু অঞ্চল অন্তৰ্ভূক্ত হোৱাৰ পিছতেই এতিয়া বঢ়মপুৰক লৈ বিৰোধী শিবিৰ আশাবাদী । বঢ়মপুৰ সমষ্টিত বিগত তিনিটা দশক অগপৰ দখলত থকাৰ পিছত ২০২১ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে জয়লাভ কৰিছিল। বৰ্তমানেও সমষ্টিটোত বিজেপিৰ স্থিতি শক্তিশালী হোৱাৰ বিপৰীতে সদ্যবিজেপি ত্যাগী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক সাৰথি কৰি এইবাৰ বঢ়মপুৰ দখলৰ পৰিকল্পনা কৰিছে আঞ্চলিক দল অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাইয়ে অগপৰ অসন্তুষ্ট কৰ্মী সকলক লৈ বঢ়মপুৰত স্থিতি শক্তিশালী কৰিব বুলিও চৰ্চা চলিছে।
অন্যহাতেদি পূৰ্বতে থকা পিতৃৰ শক্তিশালী স্থিতিক সাৰথি কৰিলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপেও আগন্তুক বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে।অৱশ্যে তেওঁ কোন দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে এতিয়াও নিশ্চিত হোৱা নাই।ইয়াৰ বিপৰীতে জানিবপৰামতে, বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাই এইবাৰ বঢ়মপুৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভক লৈ প্ৰবল আত্মবিশ্বাসী। বিভিন্ন সভাই-সমিতিয়ে তেঁওৰ প্ৰাৰ্থিত্ব নিশ্চিত বুলিও তৃণমূল কৰ্মীক তেঁও আশ্বাস প্ৰদান কৰিছে। বিগত ২০১১, ২০১৬ আৰু ২০২১ চনত কংগ্ৰেছৰ হৈ শক্তিশালী প্ৰত্যাহ্বান আগবঢ়োৱা সুৰেশ বৰাই ২০২৩ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতেই বঢ়মপুৰ কংগ্ৰেছৰ গুৰি-বঠা চম্ভালিছিল ৰঞ্জিত বৰাই। ইয়াৰোপৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰো অতিশয় ঘণিষ্ঠ ৰূপে পৰিচিত ৰঞ্জিত বৰাই বঢ়মপুৰ কোনো কাৰণতে অসম জাতীয় পৰিষদক এৰি দিয়াৰ পক্ষপাতী নহয়।
একেদৰে বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আন এগৰাকী সবল দাবীদাৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক মুখপাত্ৰ বিৰিঞ্চি বৰা। বাকপটু আৰু সামাজিক মাধ্যমত সৰৱ বিৰিঞ্চি বৰাই বাওপন্থী শিবিৰ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছতেই বঢ়মপুৰৰ অনাগত নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে ব্যাপক চৰ্চা চলিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘণিষ্ঠ ৰূপে চৰ্চিত বিৰিঞ্চি বৰাৰ প্ৰাৰ্থিত্ব লাভক লৈয়ো তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক চৰ্চা চলিছে। এনে অৱস্থাত বঢ়মপুৰৰ তৃণমূল কৰ্মী সকলে কোনো কাৰণতে বঢ়মপুৰ সমষ্টি এৰি দিয়াক লৈ পক্ষপাতী নহয়।এনে কাৰণত বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ বিৰোধী ঐক্যত সংঘাত সৃষ্টিৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: নগাঁও জিলাত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰ
