নগাঁও: ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি ৰহা টোলগেটত অঞ্চলটোৰ স্থায়ী বাসিন্দা সকলৰ মাছুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এক ৰাজহুৱা জাননী যোগে এই কথা ঘোষণা কৰি কৈছে যে, সোনাপুৰ টোলগেটৰ আৰ্হিত ৰহাবাসীকো টোলকৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে। সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টোল গেটৰ সাত কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দা সকলৰ ব্যক্তিগত যানবাহনক টোলকৰৰ পৰা ৰেহাই দিয়া হ'ব।
অৱশ্যে এই সুবিধা লাভ কৰিবৰ বাবে উক্ত অঞ্চলৰ বাসিন্দা সকলে এখন টোলপাছ বনাই ল'ব লাগিব। তাৰ বাবে তেওঁলোকে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু গাড়ীৰ পঞ্জীয়ন পত্ৰখনৰ প্ৰতিলিপিসহ টোলগেট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব। ইয়াৰ বাবে টোলগেট কৰ্তৃপক্ষক আৱশ্যকীয় নিৰ্দেশনা দিয়া হৈছে।
উল্লেখযোগ্য যে, দুদিন পূৰ্বে ৰহা অঞ্চলৰ একাংশ লোকে টোলগেটখনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে জিলা আয়ুক্তই উক্ত স্থানত উপস্থিত হৈ ৰাইজক এই সম্পৰ্কত আশ্বাস প্ৰদান কৰিছিল। সেই মৰ্মে জিলা আয়ুক্ত গৰাকীয়ে জাননী প্ৰকাশ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।