গুৱাহাটী: শেহতীয়া ভয়াবহ বানপানীয়ে অসমৰ বহু পৰিয়ালক গভীৰ সংকটলৈ ঠেলি দিছে। এনে সংকটময় সময়ত বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দি এক উল্লেখযোগ্য মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকি ভূঞা শৰ্মাই।

সমাজকৰ্মী তথা উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাই সোমবাৰে ঘোষণা কৰা অনুসৰি‘ককাদেউতা’ নাতি আৰু ‘হাতী-২’ ছবিৰ উপাৰ্জনৰ ধনেৰে বানাক্ৰান্ত লোকসকলৰ সাহায্যৰ বাবে ১ কোটি টকা আগবঢ়োৱা হ’ব। এই সাহায্যৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহক জৰুৰী সহায় আগবঢ়োৱা হ’ব।

ইয়াৰ উপৰিও, বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৫০খন বিদ্যালয়ক ২ লাখ টকাকৈ, অৰ্থাৎ মুঠ ১ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰা হৈছে। এই অনুদান বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি মেৰামতি, শিক্ষাৰ পৰিৱেশ পুনৰ স্বাভাৱিক কৰা আৰু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহত ব্যয় কৰা হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত প্ৰাইটিষ্ট এণ্টাৰটেইনমেণ্টৰ চি এম ডি ৰিণিকী ভূঞা শৰ্মাই কয়,  "আমি সকলোৱে আজি কিছুদিনৰ পৰা দেখি আছো খবৰ পাই আছো যে অসমত এটা ভয়াৱহ বানৰ পৰিস্থিতি এটা আৰম্ভ হৈছে আৰু এই সংকটৰ সময়ত আমি দেখা পাইছো যে উজনি অসমৰ বহু কেইখনমান জিলা সংকটজনক অৱস্থাত পৰিছে।  প্ৰাইডইষ্ট এণ্টাৰটেইনমেণ্টে সদায় ৰাইজৰ কাষত আমি থিয় হবলৈ প্ৰয়াস কৰি আহি আছো আৰু ভৱিষ্যতেও প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে এই প্ৰয়াস সদায় অব্যাহত ৰাখিব । আমি প্ৰাইড ইষ্টৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াস এটা বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াম বুলি ভাবিছো।  শেহতীয়াকে আমাৰ অসমীয়া বোলছবি ককাদেউতা নাতি আৰু হাতীখন আমি ৰিলিজ দিছো,  আৰু সেই ছবিখনৰ পৰা যিখিনি আমি উপাৰ্জন কৰিছোঁ সেই উপাৰ্জনৰ পৰা এক কোটি টকা আমি এইবাৰ বানাক্ৰান্ত ৰাইজলৈকে আগবঢ়াম বুলি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে আমি জিলা প্ৰসাশনৰ সৈতে আলোচনা আৰম্ভ কৰিছো।  যি যিখিনি বিদ্যালয় বেছিকে ক্ষতিগ্ৰস্ত হৈছে তেনে ৫০ খন বিদ্যালয়লৈ দুই লাখ টকাকে আমি অনুদান আগবঢ়াম বুলি আমি এটা প্ৰচেষ্টা হাতত লৈছো।”

ৰিণিকি ভূঞা শৰ্মাৰ এই ঘোষণাক ৰাজ্যজুৰি ব্যাপক প্ৰশংসা লাভ কৰিছে। বহুতে এই পদক্ষেপক সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰিছে। সংবাদ জগতৰ লগতে ব্যৱসায়, মনোৰঞ্জন জগতৰ সৈতে জড়িত হৈয়ো সমাজৰ দুঃসময়ত সহায়ৰ হাত আগবঢ়োৱাৰ এই প্ৰয়াসে বহু লোকক অনুপ্ৰাণিত কৰিছে।

অসমত শেহতীয়া বানে বহু জিলা, হাজাৰ হাজাৰ পৰিয়াল, শিক্ষা প্ৰতিষ্ঠান আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি সাধন কৰিছে। এনে পৰিস্থিতিত চৰকাৰৰ লগতে বিভিন্ন ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন আৰু প্ৰতিষ্ঠানেও আগবাঢ়ি আহি সাহায্য আগবঢ়াইছে। সেই ধাৰাবাহিকতাত ৰিণিকি ভূঞা শৰ্মাৰ এই আৰ্থিক সহায়ৰ ঘোষণা বানাক্ৰান্ত লোকসকলৰ বাবে কিছু হলেও আশাৰ বতৰা কঢ়িয়াই আনিছে।

মানৱীয় মূল্যবোধ আৰু সামাজিক দায়িত্ববোধৰ পৰিচয় দিয়া এই পদক্ষেপে বানাক্ৰান্ত লোকসকলৰ পুনৰ সংস্থাপনৰ পথত এক গুৰুত্বপূৰ্ণ সহায়ক শক্তি হিচাপে কাম কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।