নগাঁওঃ শিক্ষা, উদ্ভাৱন আৰু উদ্যোগীতাক একেলগে সংযুক্ত কৰাৰ লক্ষ্যৰে এক দূৰদৰ্শী পদক্ষেপ হিচাপে ৰুৱেল টেকন’লজি পাৰ্ক আৰু ইনকিউবেচন চেণ্টাৰটি (RTPIC) হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়(RTPIC Inauguration)। এই কেন্দ্ৰৰ জৰিয়তে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰিয়ালে ছাত্ৰ-ছাত্ৰীসকলৰ তেওঁলোকৰ সামগ্ৰিক উন্নতি আৰু স্বাৱলম্বী শিক্ষাত প্ৰেৰণা যোগাবলৈ যত্ন কৰিব । অনুষ্ঠানটিৰ উদ্বোধনী পৰ্বত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে তেওঁৰ মূল ভাষণত কয় যে শিক্ষা কেৱল শ্ৰেণীকক্ষৰ মাজতেই সীমাবদ্ধ হৈ থকা উচিত নহয়।
ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জীৱনত দক্ষতা আহৰণতো শিক্ষাই সহায় কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে RTPIC-এ যুৱ মনসমূহক চাকৰি সন্ধানকাৰীৰ পৰা উদ্ভাৱক আৰু চাকৰি সৃষ্টিকাৰীলৈ ৰূপান্তৰিত কৰাত সহায়ক হ’ব। বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° সন্দীপ ৰত্নয়ো অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ জ্ঞান আৰু ব্যৱহাৰৰ মাজত সংযোগ স্থাপন কৰা এক পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিক পুনৰ উচ্চাৰণ কৰে। তেওঁ কয় যে এইধৰণৰ উদ্যোগসমূহে আধুনিক শিক্ষাৰ পৰিৱৰ্তিত দাবীৰ সৈতে সম্পূৰ্ণভাৱে সংগতি ৰাখে।
অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ অনুপ্ৰেৰণামূলক মন্তব্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে। আমন্ত্ৰিত বিশিষ্ট ব্যক্তি অসম বিশ্ববিদ্যালয়, শিলচৰৰ অধ্যাপক অজিতা তিৱাৰীয়ে ভাৰসাম্য গ্ৰাম্য প্ৰযুক্তি আৰু ৰাষ্ট্ৰ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে নিজৰ অভিমত ব্যক্ত কৰে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থকা এনএলপি প্ৰেক্টিছনাৰ ট্ৰেইনাৰ আৰু স্কিলফিনিটিৰ প্ৰতিষ্ঠাপক অঞ্জন চৌধুৰীয়ে ব্যক্তিত্ব বিকাশ, দক্ষতা আহৰণ আৰু মানসিক পৰিৱৰ্তনৰ ওপৰত এক আকৰ্ষণীয় মন্তব্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অন্তৰ্নিহিত সম্ভাৱনা উদ্ঘাটন কৰিবলৈ উদ্বুদ্ধ কৰে।
লগতে উদ্যোগিক দৃষ্টিভংগী আগবঢ়াই হোজাইৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চেণ্টাৰৰ সহকাৰী প্ৰবন্ধক তপন কুমাৰ সাহাই। তেওঁ উদ্যোগীতাৰ সুযোগ আৰু চৰকাৰী সহায়ৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানটিত অসম বিশ্ববিদ্যালয়, শিলচৰৰ অধ্যাপক কৰবী দত্ত চৌধুৰী, হোজাই গাৰ্লছ কলেজৰ IQACৰ সমন্বয়ক পীয়ুষ নন্দী, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ডিন ক্ৰমে অধ্যাপক সঞ্জয় দে, অধ্যাপক কৌশিক চন্দ, অধ্যাপক ৰেজিনা আহমেদ উপস্থিত আছিল। লগতে বিশ্ববিদ্যালয়খনৰ সকলো বিভাগৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বহু সংখ্যক উৎসাহী ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰি অনুষ্ঠানটো সজীৱ কৰি তোলে।
RTPIC ৰ দৃষ্টিভংগী আৰু লক্ষ্যসমূহ স্পষ্টভাৱে উপস্থাপন কৰে কেন্দ্ৰটিৰ সঞ্চালক তথা উদ্ভিদবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ধনৱন্তৰী এল. সিংহাই। তেওঁ কয় যে RTPIC হৈছে বিশ্ববিদ্যালয়খনৰ গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বাহিৰলৈ লৈ যোৱা। এই উদ্যোগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দক্ষতাৰ প্ৰশিক্ষণ দিয়া, উদ্যোগী চিন্তাৰ বিকাশ কৰা আৰু সমাজত অৰ্থপূৰ্ণ অৱদান ৰাখিব পৰা স্বাৱলম্বী ব্যক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে। মূলতঃ এই কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক অভিজ্ঞতা আৰু বিভিন্ন উদীয়মান ক্ষেত্ৰত হাতে-কামে লাগিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰিব; আৰু গুৰুত্বপূৰ্ণভাৱে, এই অনুষ্ঠানৰ আত্মাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰন্তন শিক্ষাৰ দৰ্শনকো প্ৰতিফলিত কৰিব। য’ত শিক্ষা সৃষ্টিশীলতা, প্ৰকৃতি আৰু আত্ম-অন্বেষণৰ সৈতে সংলগ্ন হৈ থাকিব। যিহেতু প্ৰকৃত শিক্ষা হৈছে ব্যক্তিক নিজৰ ভৰসাত থিয় দিব পৰা, স্বতন্ত্ৰভাৱে চিন্তা কৰিব পৰা আৰু বৃহত্তৰ কল্যাণত অৱদান আগবঢ়াব পৰা কৰি তোলা।
RTPIC ৰ উদ্বোধনে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, যিয়ে অভিজ্ঞতাভিত্তিক শিক্ষা, উদ্যোগিতা আৰু সমাজমুখী উন্নয়নৰ দিশে এক অগ্ৰগামী পৰিৱৰ্তন সূচাইছে। এইধৰণৰ উদ্যোগে বিশ্ববিদ্যালয়খনৰ মূল্যবোধ অটুট ৰাখি দক্ষ, আত্মবিশ্বাসী আৰু স্বাৱলম্বী যুৱ প্ৰজন্ম গঢ়ি তোলাৰ পথ প্ৰসাৰ ঘটাব। অনুষ্ঠানটি সুশৃংখলভাৱে পৰিচালনা কৰে বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ড° দিপ্তী চিতলাই। উক্ত অনুষ্ঠানটিৰ সফল সামৰণিৰ বতৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ পৰা গৌতম শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰিছে।
লগতে পঢ়কঃ খিলঞ্জীয়া অসমীয়া শিখসকলৰ ২০৬ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ ব্যাপক প্ৰস্তুতি