নগাঁও : চলিত বৰ্ষৰ বানে একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে উজনি অসমত। খাদ্য, আশ্ৰয়ৰ অভাৱত ককবোকাইছে উজনি অসমৰ বানাক্ৰান্তই। এনে অৱস্থাত উজনি অসমৰ বানাক্ৰান্তক চৰকাৰে কৰা সহায়ৰ উপৰিও সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন দল অনুষ্ঠান, প্ৰতিষ্ঠানে। উজনি অসমৰ বানাক্ৰান্তক সহায়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে।
উজনি অসমৰ প্ৰলয়ঙ্কাৰী বানপানীৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহ প্ৰতি নগাঁও জিলা প্ৰশাসনেও সহায়ৰ হাত আগবঢ়াইছে । এই আজি উদ্দেশ্যৰে জিলা প্ৰশাসনে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰে ভৰা ১,৩৪০ টা টোপোলা শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ ক্ৰমে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পুঁজিৰে অতিকৈ ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে নগাঁও জিলাৰ পৰা আগন্তুক দিনসমূহত সাহায্য সামগ্ৰীৰ ৫০,০০০ তকৈও অধিক টোপোলা বিতৰণৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
এই বৃহৎ ব্যৱস্থাৰ অংশস্বৰূপে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগতে জিলা প্ৰশাসনৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত প্ৰথম পৰ্যায়ত ১,৩৪০ টা সাহায্য পেকেট শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰা হৈছে।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বৰ্তমান চলি থকা সাহায্য প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তুলিবলৈ অতিৰিক্ত সাহায্যৰ সম্ভাৰো প্ৰস্তুত কৰা হৈছে, যিসমূহ অতি সোনকালে শিৱসাগৰ জিলাখনলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ জনোৱা মতে, নগাঁও জিলাৰ বানাক্ৰান্ত কামপুৰ, চামগুৰি আৰু সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহতো সাহায্য সামগ্ৰী বিতৰণৰ কাম পূৰ্ণোদ্যমে চলি আছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই নিজে বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি বানাক্ৰান্তৰ খবৰ ৰখাৰ ওপৰিও সাহায্য প্ৰদানতো দৃষ্টি ৰাখিছে।