Abhi Neel Murder Case Verdict Nears: Final Hearing to Conclude in Nagaon Courtচূড়ান্ত পৰ্য্যায়ত অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

নিউজ ডেস্কঃ সমগ্ৰ ৰাজ্য কপোৱা কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া উপনীত হৈছে প্ৰায় চূড়ান্ত পৰ্য্যায়ত (Abhi Neel Murder Case Verdict)। নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি থকা গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে।

নগাঁও আদালতত ৫৩/১৮ নস্বৰত পঞ্জীয়ন হোৱা ৰাজ্য কপোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্যগ্ৰহণ, অভিযুক্তৰ ভাষ্যগ্ৰহণ আদি প্ৰক্ৰিয়া ইতিমধ্যেই সমাপ্ত হেৱা বুলি জানিবলৈ দিছে অভি নীলৰ পৰিয়ালৰ লোকে। গোচৰটোৰ মুঠ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হোৱাৰ লগতে অভিযুক্তৰো ভাষ্য গ্ৰহণ সম্পূৰ্ণ হৈছে। এতিয়া কেৱল দুই পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়াহে বাকী।

দুই পক্ষৰ অধিবক্তাৰ যুক্ৰি দৰ্শোৱা প্ৰক্ৰিয়াৰ বাবে নগাঁও আদলতে ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীৰ দিন ধাৰ্য কৰিছে। সেই অনুসৰি আজিৰ পৰা নগাঁও আদালতত আৰম্ভ হ’ব অসমবাসীয়ে অপেক্ষা কৰি থকা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়ৰ প্ৰায় অন্তিম পৰ্যায়ৰ শুনানি। অৰ্থাৎ দুই পক্ষৰ অধিবক্তাৰ শুনানি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই চূড়ান্ত ৰায়দানৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ৰাজ্য কপোৱা অভি নীল হত্যাকাণ্ডৰ ৪৮ জনকৈ অভিযুক্তক সেই সময়তেই গ্ৰেপ্তাৰ কৰি আজি পৰ্যন্ত বন্দী কৰি ৰখা হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। কিন্তু ইয়াৰে ৩ জনক জুভিনাইল ঘোষণা হোৱাত ৪৫ জনৰ বিৰুদ্ধেহে যুক্তি প্ৰদৰ্শন হ’ব বুলিও জানিব পৰা গৈছে।

অভি নীল হত্যাকাণ্ডৰ বিৱৰণ

চন ২০১৮ । তাৰিখ অভিশপ্ত ৮ জুন। পাহাৰীয়া কাৰ্বি ভূমিৰ সেউজীয়া প্ৰাক্ৰতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ দুই প্ৰতিভাসম্পন্ন যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাস। সন্ধিয়া উভতি অহাৰ পথত অভিজিৎ, নিলোৎপলৰ ক’লা ৰঙৰ স্কৰপিঅ বাহনখনত ডাইনী জাতীয় (শিশু অপহৰণকাৰী) থকা বুলি একাংশই ভুৱা প্ৰচাৰ চলোৱাৰ লগে লগেই আধাবাটত বাহনখন ৰখাই উদণ্ড লোকৰ এটা দলে অভিজিৎ, নিলোৎপলৰ ওপৰত নিৰ্মম আক্ৰমণ আৰম্ভ কৰে। যুৱক দুজনে প্ৰাণৰ মমতাত নিজৰ পৰিচয় দি প্ৰাণ ভিক্ষা খুজিও ৰেহাই নাপালে লোককেইজনৰ পৰা। ঘটনাস্থলীতে লোককেইজনৰ আক্ৰমণত পাৰণ হেৰুৱাইছি অভিজিৎ, নিলোৎপলে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসতে নহয় সূদুৰ ৰাছিয়াতো সাব্যস্ত হৈছিল প্ৰতিবাদ। সকলোৱে একেমুখে অভি নীল হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল। ঘটনা সংঘটিত হোৱাৰ সাত বছৰ পাছত এতিয়া চূড়ান্ত ৰায়দানৰ দিশে আগবাঢ়িছে গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া।

গোচৰৰ বিবৰণ

২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যা কৰিছিল । অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা ছ’চিয়েল মেডিয়াত বিয়পি পৰাৰ পিছত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ দেখিবলৈ পোৱাৰ লগতে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছিল। উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল অসমবাসী ৰাইজে।

পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰ গোচৰ ৰুজু কৰি তদন্তৰ গতিত ক্ষীপ্ৰতা প্ৰদান কৰি ৪৮ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰে তনিজন জুভিনাইল হোৱাত তেওঁক যোৰহাটস্থিত শিশু কাৰাগাৰত প্ৰেৰণ কৰা হৈছিল। তেওঁৰ বিচৰা প্ৰক্ৰিয়া জুভিনাইল জাষ্টিচ ফ’ৰামত চলে পৰৱৰ্তী সময়ত ৮০০ পৃষ্ঠা জোৰা এক অভিযোগনামা অতি কম দিনৰ ভিতৰত ডকমকা আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষীয়ে ডিফু আদালতত দাখিল কৰে।
ইপিনে, অভি-নীলৰ পিতৃ-মাতৃয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালৰত পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক লেখ আবেদনৰ ভিত্তিততেই ২০১৮ চনৰ ৪ চেপ্তেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰে।

উল্লেখযোগ্য যে, ৰাজ্য কপোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত পক্ষৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সানস শৰণীয়াই যুক্তি প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ Witch Hunting Assam – ভয়ংকৰ: ডাইনী সন্দেহত দম্পতিক জ্বলাই হত্যা


Advertisement