Abu Nasar Wahid: The Second MLA of Rupahihat Constituencyৰূপহীহাট সমষ্টিৰ দ্বিতীয়গৰাকী বিধায়ক আবু নছৰ ৱহিদ

শৈলেন শইকীয়া

কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে অসম বিধানসভালৈ দুবাৰ নিৰ্বাচিত হোৱা আবু নচৰ ৱহিদ আছিল এজন সফল ৰাজনীতিক। ১৯২৭ চনত নগাঁও জিলাৰ জুৰীয়াৰ চামধৰাত তেওঁৰ জন্ম। পিতৃ আবুল কাচেম সৰকাৰ। স্থানীয় প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি পিছত কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা বি এ আৰু এল এল বি পাছ কৰে (Abu Nasar Wahid)।

১৯৫৮ চনত গাঁও পঞ্চায়তৰ নিৰ্বাচনত সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰা আবু নচৰ ৱহিদে কেইবাবাৰো বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে। ১৯৬২ চনত ৰূপহী হাট সমষ্টিৰপৰা আৰু ১৯৮৩ চনত ধিং সমষ্টিৰপৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি তেওঁ বিধানসভালৈ নির্বাচিত হয়। বিধায়ক হৈ থকা কালত তেওঁ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ পৰিচালনা সমিতিৰ সভাপতি আছিল। তেওঁ অসম কৃষি বিপনন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। নিখিল ভাৰত মৰাপাট নিগমৰ তেওঁ সদস্য আছিল। ৰাজনৈতিক জীৱনত আবু নচৰ ৱহিদৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি দেৱকান্ত বৰুৱা, প্রাক্তন সাংসদ বেদব্রত বৰুৱা, বিষ্ণু প্রসাদ, প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া, অসমৰ প্রাক্তন বিত্তমন্ত্রী ইদ্রিছ আলীৰ লগত ঘনিষ্ঠতা আছিল।

জুৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, শিঙিমাৰী হাইস্কুল, দ-গাঁও এই ই স্কুল, পৰমাইভেটি মাদ্ৰাছা, বগৰিগুৰি হাই মাদ্ৰাছাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্মলগ্নত তেওঁ জড়িত আছিল। এই জন ৰাজনীতিকে পিছত নিজ সন্তানৰ পঢ়াৰ সুবিধাৰ বাবে জন্ম গাঁও এৰি নগাঁও চহৰত নিগাজিকৈ থাকিবলৈ লয়।

১৯৮৮ চনৰ ১৭ এপ্ৰিলত আবু নচৰ ৱহিদৰ পৰলোকপ্ৰাপ্তি ঘটে।

লগতে পঢ়কঃ ৰূপহীহাট সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক মহম্মদ ইদ্ৰিছৰ বিষয়ে জানো আহক




Advertisement