নগাঁওঃ সফলতাৰ সপোন খেদি কাইটীয়া বাটেৰে যাত্ৰা ময়ুৰী শইকীয়াৰ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালত জন্মগ্ৰহণ কৰিলেও সপোন আছিল আকাশ ছোৱাৰ। বহুতৰ বাবে দৰিদ্ৰতা জীৱনৰ হেঙাৰ হলেও প্ৰকৃততে দৰিদ্ৰতাই যে, সফলতাৰ হেভাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ ময়ুৰী শইকীয়াই (APSC Success Story)।
দৰিদ্ৰতা যে কেতিয়াও সফলতাৰ পথত হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰি অসম লোকসেৱাৰ পৰীক্ষাত উজলি উঠিল নগাঁৱৰ ময়ুৰী শইকীয়াই। নগাঁও জিলাৰ জলাহ গাঁৱৰ এগৰাকী দৃঢ়প্ৰতিজ্ঞ যুৱতী ময়ুৰী শইকীয়া। সদ্যঘোষিত অসম লোকসেৱা আয়োগ (APSC) পৰীক্ষাৰ ফলাফলত অসম বিত্তীয় সেৱা (Assam Finance Service) ত ৩৪ নম্বৰ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ময়ুৰী শইকীয়া নামৰ যুৱতীগৰাকীয়ে।
নগাঁও জিলাৰ এখন সৰল কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ময়ুৰী শইকীয়াক লৈ আজি গৌৰাম্বিত জলাহ গাঁৱৰ ৰাইজ। নগাঁৱৰ জলাহ গাঁৱৰ কৃষক সুনীল শইকীয়াৰ জীয়ৰী ময়ুৰী শইকীয়া। সীমিত আয়, আৰ্থিক অনাটন আৰু বিভিন্ন প্ৰতিকূলতাৰ মাজতো তেওঁ কেতিয়াও নিজৰ লক্ষ্যৰ পৰা হোৱা নাছিল বিচলিত। উৰুখা পঁজাত বাস কৰি, বহুতো সুবিধাৰ অভাৱত দিন কটাইয়ো শিক্ষাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছিল ময়ুৰী শইকীয়া।
পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্চল নোহোৱাৰ বাবে বহু সময়ত পাঠ্যপুথি, শিক্ষাৰ সামগ্ৰী আদি সংগ্ৰহ কৰাটোও কঠিন হৈ পৰিছিল ময়ুৰীৰ বাবে। তথাপি পিতৃ-মাতৃৰ প্ৰেৰণাৰ লগতে নিজৰ দৃঢ় মানসিক শক্তিৰে সকলো বাধা অতিক্ৰম কৰি তেওঁ নিয়মীয়াকৈ অধ্যয়ন অব্যাহত ৰাখিছিল। গাঁওখনৰ সাধাৰণ পৰিৱেশৰ মাজতে ডাঙৰ সপোন দেখি, সেই সপোন পূৰণৰ লক্ষ্যৰে দিনে-ৰাতে প্ৰচেষ্টা চলাইছিল ময়ুৰীয়ে।
শেহতীয়া ফলাফল ঘোষণাৰ পাছতেই গাঁওখনত যেন অনন্দৰ বন্যা ববলৈ আৰম্ভ কৰে। ময়ুৰীয়ে অসম বিত্তীয় সেৱাত ৩৪ নম্বৰ স্থান লাভ কৰাত পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। আত্মীয়-স্বজন, গাঁওবাসী আৰু শুভাকাংক্ষী সকলে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। বহুজনৰ মতে, ময়ুৰীৰ এই সাফল্যই অঞ্চলটোৰ বহু শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব।
এই সফলতাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি ময়ুৰী শইকীয়াই কয় যে, দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ’ব নোৱাৰে যদি লক্ষ্য স্পষ্ট হয় আৰু প্ৰচেষ্টা অব্যাহত থাকে। আগন্তুক দিনত সততা, নিষ্ঠা আৰু দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰি সমাজ আৰু ৰাজ্যৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্তব্য কৰে ময়ুৰী শইকীয়াই।
পিতৃ সুনীল শইকীয়াই আৱেগিক হৈ কয় যে, ছোৱালীৰ এই সাফল্যই তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগ্ৰামক সাৰ্থক কৰি তুলিছে। সীমিত সুবিধাৰ মাজতো কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল বুলি তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষা ৰাজ্যখনৰ অন্যতম প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে পৰিচিত। এনে এক কঠিন পৰীক্ষাত উৰুখা পঁজাত বাস কৰা কৃষক পৰিয়ালৰ এগৰাকী যুৱতীৰ এই সাফল্য নিঃসন্দেহে সমাজৰ বাবে এক প্ৰেৰণাদায়ক দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে।
ময়ুৰী শইকীয়াৰ এই কৃতিত্বে পুনৰ প্ৰমাণ কৰিলে — ইচ্ছাশক্তি, অধ্যৱসায় আৰু দৃঢ় সংকল্প থাকিলে দৰিদ্ৰতাই কেতিয়াও সপোনৰ পথ ৰোধ কৰিব নোৱাৰে।
লগতে পঢ়কঃ নগাঁও জিলা প্ৰশাসনৰ কি কামৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই

