গুৱাহাটীঃ সমাজত আজিৰ দিনত এক গুৰুতৰ স্বাস্থ্য সমস্যাৰ ৰূপ লৈছে কৰ্কট ৰোগে। চিকিৎসাৰ ব্যয়বহুলতা, মানসিক চাপ আৰু সচেতনতাৰ অভাৱৰ বাবে বহু ৰোগী আৰু তেওঁলোকৰ পৰিয়াল আৰ্থিক আৰু সামাজিক সংকটত পৰিবলগীয়া হয় (Deepashikha Foundation)। এনে জটিল পৰিস্থিতিত মানৱসেৱাক মুখ্য লক্ষ্য হিচাপে লৈ কৰ্কট ৰোগীসকলৰ কাষত দৃঢ়ভাৱে থিয় দি আহিছে দ্বীপ শিখা ফাউণ্ডেচন।
দুখীয়া দৰিদ্ৰ ৰোগীক সহায়ৰ হাত আগবঢ়াই অহা বাবে দ্বীপশিখা ফাউণ্ডেচনে অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে (Cancer Patient Support Assam)।
স্বাধীনতা দিৱস ২০২৫ আৰু গণতন্ত্ৰ দিৱস ২০২৬ উপলক্ষে ঘোষণা কৰা অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সন্মান (সোণ আৰু ৰূপৰ পদক) প্ৰদান উপলক্ষে ২০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ইটানগৰৰ লোক ভবন (পূৰ্বতে ৰাজভৱন)ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে প্ৰদান কৰিব এই সন্মান (Arunachal Pradesh State Award)।
অৰুণাচল চৰকাৰৰ Political Department-এ জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা অনুসৰি,উক্ত অনুষ্ঠানত মৰণোত্তৰভাৱে গ’ল্ড মেডেলৰে সন্মানিত কৰা হ’ব ইটানগৰৰ হুইচল-ব্ল’ৱাৰ স্বৰ্গীয় গ্যামাৰ পাডাঙক। আনহাতে, চিলভাৰ মেডেল লাভ কৰিব “দীপশিখা ট্ৰাষ্ট” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই (NGO) (Silver Medal Arunachal Pradesh)।
উল্লেখযোগ্য যে, অৰুণাচল চৰকাৰে বিভিন্ন ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংস্থাসমূহক প্ৰতি বছৰে ৰাজ্যিক সন্মানেৰে সন্মানিত কৰি আহিছে। আগন্তুক এই অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হ’ব।
দ্বীপশিখা ফাউণ্ডেচনঃ
দ্বীপশিখা ফাউণ্ডেচনে কৰ্কট ৰোগৰ দুখ-কষ্টৰ মাজতো বহু ৰোগীৰ জীৱনলৈ আশা আৰু পোহৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দ্বীপ শিখা ফাউণ্ডেচনে কেঞ্চাৰ ৰোগীসকলৰ চিকিৎসা সহায়, ঔষধ-পাতি যোগান, ৰক্তদান শিবিৰ আয়োজন আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সহযোগিতা আগবঢ়াই আহিছে । বিশেষকৈ গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ ৰোগীসকলক চিকিৎসালয়লৈ লৈ যোৱা, পৰামৰ্শ প্ৰদান কৰা আৰু চিকিৎসা প্ৰক্ৰিয়াত সহায় কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ ভূমিকা উল্লেখযোগ্য।
প্ৰতিষ্ঠা আৰু ইতিহাসঃ
২০০৪ চনত মানৱসেৱাৰ উদ্দেশ্যে মুম্বাইত আই এ আছ বিষয়া তথা বৰ্তমানৰ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰিছিল দ্বীপশিখা ফাউণ্ডেচনে। মুম্বাই অসম ভৱনৰ দায়িত্বত থকা সময়তে মানৱদৰদী আই এ এছ বিষয়া দেৱাশীষ শৰ্মাই দূৰ-দূৰণিৰ ঠাইৰ পৰা মুম্বাইলৈ চিকিৎসাৰ বাবে যোৱা কৰ্কট ৰোগীসকলক সহায় কৰাৰ উদ্দেশ্যেই গঠন কৰিছিল দ্বীপশিখা ফাউণ্ডেচ।
পৰৱৰ্তী সময়ত ইয়াৰ কাম অসমলৈকে বিস্তাৰিত কৰি গুৱাহাটীত ইয়াৰ প্ৰধান কাৰ্যালয় স্থাপন কৰা হয়। অসমত বিশেষকৈ গ্ৰাম্য অঞ্চলত অতি সক্ৰিয় এই দ্বীপশিখা ফাউণ্ডেচন। সম্প্ৰতি দৰিদ্ৰ কৰ্কট ৰোগীৰ বাবে সাৰথি হৈ পৰিছে এই দ্বীপশিখা ফাউণ্ডেচন।
মূখ্য কাম আৰু সেৱাসমূহঃ
দ্বীপশিখা ফাউণ্ডেচনে মুখ্যত কৰ্কট ৰোগৰ সজাগতা (Cancer Awareness): গ্ৰাম্য অঞ্চলত সজাগতা শিবিৰ, সভা, শিক্ষামূলক অনুষ্ঠানৰ জৰিয়তে কৰ্কট ৰোগৰ প্ৰতিৰোধ, লক্ষণ, প্ৰাৰম্ভিক চিনাক্তকৰণৰ বিষয়ে সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰি আহিছে।
স্ক্ৰীনিং কেম্প: বিশেষকৈ জৰায়ু আৰু স্তন কৰ্কট (breast cancer) আদিৰ বাবে বিনামূলীয়া অথৱা কম খৰচত স্ক্ৰীনিং কৰি আহিছে।
আৱাসৰ সুবিধা: চিকিৎসাৰ বাবে গুৱাহাটী বা অন্য ঠাইলৈ যোৱা ৰোগী আৰু পৰিয়ালৰ বাবে বিনামূলীয়া অথৱা ৰেহাই মূল্যত থকাৰ ব্যৱস্থাও কৰি আহিছে।
শিশু কৰ্কট ৰোগী আৰু পৰিয়ালৰ বাবে গুৱাহাটীৰ ছয়মাইলত বিশেষ আৱাসৰ ব্যৱস্থাও কৰিছে দ্বীপশিখা ফাউণ্ডেচনে। জানিব পৰা মতে, ২০১৮ চনৰ পৰা এই সেৱা আৰম্ভ কৰা হৈছে।
পৰিবহণ আৰু এম্বুলেন্স: ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা-অনাৰ সুবিধাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে দ্বীপশিখা ফাউণ্ডেচনে। ইয়াৰোপৰি চিকিৎসাৰ খৰচ, ঔষধ আদিত আৰ্থিক সহায়ো আগবঢ়াই আহিছে সংস্থাটোৱে।
আনকি ৰক্তদানৰ ব্যৱস্থা, কাউন্সেলিং (ৰোগী আৰু পৰিয়ালক মানসিক সমৰ্থন), কেমোথেৰাপী, ইমিউনোথেৰাপী আদিৰ সময়তো সহায়ৰ হাত আগবঢ়াই আহিছে দ্বীপশিখা ফাউণ্ডেচনে।
উল্লেখযোগ্য যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ যথেষ্ট বেছি। চিকিৎসাৰ বাবে বেছিভাগ লোকে গুৱাহাটী, মুম্বাই বা অন্য ঠাইলৈ যাবলগীয়া হয়। এনে সময়ত দ্বীপশিখাই আৱাস, খাদ্য, পৰিবহণ, মানসিক সমৰ্থন প্ৰদান কৰি ৰোগীৰ পৰিয়ালক বহু পৰিমাণে দি আহিছে। ই বিশেষকৈ গ্ৰাম্য, দৰিদ্ৰ আৰু শিশু ৰোগীৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সংস্থাই হাজাৰ হাজাৰ ৰোগীৰ বাবে সঁচাকৈয়ে জ্বলাই ৰাখিছে “আশাৰ শিখা”।
লগতে পঢ়কঃ দুষ্টচক্ৰৰ টাৰ্গেটত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
