International Women’s Day History: Background and Progress of Women’s Rights Movementআন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ লেখা আন্তৰ্জাতিক নাৰী দিৱসঃ পটভূমি আৰু অগ্ৰগতি

গৌতম শৰ্মা,
সহকাৰী অধ্যাপক (ইতিহাস বিভাগ), ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ঃ

প্ৰতি বছৰে ৮ মাৰ্চত উদযাপিত আন্তৰ্জাতিক নাৰী দিৱস মহিলাসকলৰ সাফল্যৰ স্বীকৃতি আৰু লিংগ সমতাৰ প্ৰসাৰণৰ বাবে বিশ্বজুৰি উৎসৰ্গিত এটি দিন। এই বিশেষ দিনটো কেৱল উদযাপনৰেই দিন নহয়; বৰং ই হৈছে বিশ্বৰ নাৰী জাতিৰ অধিকাৰ, শ্রমিক সুৰক্ষা, ৰাজনৈতিক অংশগ্ৰহণ আৰু সামাজিক ন্যায়ৰ বাবে এক শতাব্দীৰো অধিক সময় ধৰি চলি অহা এক সংগ্ৰামৰ ফচল (International Women’s Day History)।

এই দিনটোৰ ঐতিহাসিক বিকাশ বিশ্বজুৰি নাৰীবাদী আন্দোলনৰ উত্থান আৰু সমতাৰ বাবে বিশ্বব্যাপী চলা এক অভিযানৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত। গতিকে এই আন্তৰ্জাতিক নাৰী দিৱস দিনটোৰ তাৎপৰ্যক হৃদয়ংগম কৰিবলৈ হ’লে ইয়াৰ ঐতিহাসিক পটভূমি আৰু অগ্ৰগতিৰ বিষয়ে সূক্ষ্মভাৱে অধ্যয়ন কৰাটো আজি দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত।

আন্তৰ্জাতিক নাৰী দিৱসৰ মূল শিপা ঊনবিংশ শতিকাৰ অন্তিম আৰু বিংশ শতিকাৰ আৰম্ভণিৰ শ্রমিক আন্দোলন আৰু নাৰীৰ অধিকাৰ আন্দোলনত নিহিত আছিল। সেই সময়ছোৱাত ঔদ্যোগীকৰণৰ ফলত লক্ষ লক্ষ মহিলাই কল-কাৰখানা আৰু নগৰীয়া অঞ্চলসমূহত কৰ্মক্ষেত্ৰত যোগদান কৰিছিল, য’ত তেওঁলোকে অত্যন্ত অনুন্নত পৰিস্থিতিসমূহৰ সৈতে কাম কৰিব লগা হৈছিল। যিছোৱা সময়ত মহিলা শ্রমিকসকলে সততে কম মজুৰি আৰু কোনো আইনী সুৰক্ষা নোহোৱাকৈ বহু দীঘলীয়া সময়ৰ বাবে কাম কৰিব লগা হৈছিল। যিবোৰ পৰিস্থিতিয়ে বহু গুৰুতৰ সমস্যাবোৰৰক তেওঁলোকৰ জীৱনলৈ কঢ়িয়াই আনিছিল।

এই অৱস্থাৰ প্ৰতিক্ৰিয়া স্বৰূপেই শ্রমিক আন্দোলনসমূহে এক ফলপ্ৰসূ কৰ্ম পৰিৱেশ আৰু সম-অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে। ১৯০৯ চনত আমেৰিকাৰ সমাজবাদী দলে শ্রমিক নেতা থেৰেছা মালকিয়েলৰ সক্ৰিয়তাৰ প্ৰেৰণা লৈ নিউয়ৰ্কত ফেব্ৰুৱাৰী মাহৰ শেষৰ ৰবিবাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। এই ঘটনাটোক পৰৱৰ্তী সময়ত আন্তৰ্জাতিক পৰ্যায়ত উদযাপিত নাৰী দিৱসৰ এক গুৰুত্বপূৰ্ণ পূৰ্বসূৰী হিচাপে গণ্য কৰা হৈছিল।

নাৰীৰ অধিকাৰৰ বাবে উৎসৰ্গিত এটি আন্তৰ্জাতিক দিৱস সৃষ্টি কৰাৰ ধাৰণাটো আনুষ্ঠানিকভাৱে ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী মহিলা সন্মিলনত উত্থাপন কৰা হৈছিল। এই প্ৰস্তাৱটো আগবঢ়াইছিল জাৰ্মান সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনে। তেওঁ প্ৰস্তাৱ কৰিছিল যে বিশ্বৰ প্ৰতিখন দেশৰ মহিলাসকলে প্ৰতিবছৰে এটা সাধাৰণ দিৱস উদযাপন কৰি সম-অধিকাৰৰ দাবী উত্থাপন কৰিব লাগে, যাৰ ভিতৰত ভোটাধিকাৰ আৰু ফলপ্ৰসূ কৰ্ম সম্পাদনৰ পৰিৱেশৰ দাবীসমূহো অন্তৰ্ভুক্ত থাকিব।

এই সন্মিলনত সত্তৰখন দেশৰ শতাধিক মহিলা উপস্থিত আছিল, যিসকলে শ্রমিক সংঘ, সমাজবাদী সংগঠন আৰু নাৰী সংগঠনসমূহক প্ৰতিনিধিত্ব কৰিছিল। ক্লাৰা জেটকিনৰ এই প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল, যাৰ দ্বাৰা নাৰী জাতিৰ অধিকাৰৰ বাবে এক আন্তৰ্জাতিক আন্দোলন আৰম্ভণিৰ এখন নব্য দুৱাৰ খোল খালে।

প্ৰথম আন্তৰ্জাতিক নাৰী দিৱস ১৯১১ চনত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু ছুইজাৰলেণ্ড আদি দেশত উদযাপন কৰা হৈছিল। এই উপলক্ষে অনুষ্ঠিত এক প্ৰতিবাদী সমাৱেশত এক মিলিয়নতকৈ অধিক মানুহে অংশগ্ৰহণ কৰি নাৰীৰ ভোটাধিকাৰ, ৰাজহুৱা পদত অধিষ্ঠিত হোৱাৰ অধিকাৰ আৰু বৈষম্যবিহীনভাৱে কাম কৰাৰ অধিকাৰৰ দাবী উত্থাপন কৰিছিল। এই আন্দোলনসমূহে বিশ্বব্যাপী নাৰী অধিকাৰৰ প্ৰশ্নটোলৈ গুৰুত্বপূৰ্ণ এটি মাইলস্তম্ভ স্থাপন কৰিছিল আৰু প্ৰমাণ কৰিছিল যে সমতাৰ বাবে সংগ্ৰামখন ইতিমধ্যে আন্তৰ্জাতিক প্ৰেক্ষাপটত সুপৰিকল্পিতভাৱেই আগবাঢ়ি গৈছে। পৰৱৰ্তী বছৰসমূহত এই আন্দোলন ইউৰোপ আৰু বিশ্বৰ আন আন অংশলৈও লাহে লাহে বিস্তৃত হৈ পৰে।

এইখিনিতে ১৯১৭ চনটোত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়। ৰাছিয়াৰ পেট্ৰোগ্ৰাডত মহিলা শ্রমিকসকলে প্ৰথম বিশ্বযুদ্ধৰ কষ্টকৰ পৰিস্থিতিৰ মাজত পাউৰুটি আৰু শান্তিৰ দাবীত আন্তৰ্জাতিক নাৰী দিৱসত তীব্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত কৰিছিল। যিটো আছিল গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত ১৯১৭ চনৰ ৮ মাৰ্চ। এই প্ৰতিবাদে পিছলৈ এক ব্যাপক জনবিদ্ৰোহৰ সৃষ্টি কৰে, যিয়ে অৱশেষত ৰুচ বিপ্লৱলৈও উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। এই ঐতিহাসিক ঘটনাৰ স্বীকৃতি স্বৰূপে ৮ মাৰ্চ তাৰিখটো স্থায়ীভাৱে আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে জড়িত হৈ পৰে।

বিংশ শতিকাৰ আৰম্ভণিৰ দশকসমূহত আন্তৰ্জাতিক নাৰী দিৱস সমাজবাদী আৰু শ্রমিক আন্দোলনসমূহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। বিশেষকৈ সমাজবাদী দেশসমূহত ইয়াক অধিক গুৰুত্ব সহকাৰে উদযাপন কৰা হৈছিল, য’ত বিস্তৃত সামাজিক সংস্কাৰৰ অংশ হিচাপে কৰ্মক্ষেত্ৰ আৰু ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণক উৎসাহিত কৰা হৈছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই উদযাপন লাহে লাহে ৰাজনৈতিক মতাদৰ্শৰ সীমা অতিক্ৰম কৰি নাৰীৰ অধিকাৰৰ এক বিশ্বজনীন মঞ্চত পৰিণত হয়। এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হৈছিল ১৯৭৫ চনত, যেতিয়া ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে আন্তৰ্জাতিক নাৰী দিৱসক স্বীকৃতি দিছিল আৰু ইয়াক আন্তৰ্জাতিক নাৰী বছৰৰ সময়ছোৱাত উদযাপন আৰম্ভ কৰিছিল। পৰৱর্তী সময়ত সংস্থাই সদস্য ৰাষ্ট্ৰসমূহক এই দিৱসটো প্ৰতিবছৰে উদযাপন কৰিবলৈ উৎসাহিত কৰিছিল, যাতে ই লিংগ সমতাৰ প্ৰতি বিশ্বজুৰি প্ৰতিশ্রুতিৰ প্ৰতীক হৈ উঠে। সেইখিনি সময়ৰ পৰাই আন্তৰ্জাতিক নাৰী দিৱস বিশ্বজুৰি উদযাপন কৰা হৈছে; য’ত শিক্ষা, ৰাজনৈতিক প্ৰতিনিধিত্ব, অৰ্থনৈতিক সক্ষমতা আৰু নাৰীৰ বিৰুদ্ধে হিংসা নিৰসনৰ দৰে বিষয়সমূহক প্ৰাধান্য দি অহা হৈছে।

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ পটভূমি আৰু অগ্ৰগতিৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন অংশত নাৰীবাদী আন্দোলনসমূহেও বিকাশ লাভ কৰিছিল। লিংগ সমতাৰ সংগ্ৰাম বুলি ব্যাপকভাৱে সংজ্ঞায়িত নাৰীবাদৰ বিকাশ বিশ্বত কেইবাটাও ঢৌত হৈছিল। উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিত উদ্ভৱ হোৱা প্ৰথম ঢৌত নাৰীবাদ বিশেষকৈ আইনী অধিকাৰৰ ওপৰত কেন্দ্ৰীভূত আছিল; বিশেষকৈ নাৰীৰ ভোটাধিকাৰ বিষয়ক লৈ। এইখিনি সময়ত ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ নেতা-কৰ্মীসকলে মহিলাসকলক ভোটাধিকাৰ আৰু ৰাজনৈতিক জীৱনত অংশগ্ৰহণৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত অভিযানৰ আয়োজন কৰিছিল। নাৰীবাদৰ দ্বিতীয় ঢৌ ১৯৬০ আৰু ১৯৭০ চনৰ ভিতৰত উদয় হৈছিল আৰু ইয়াৰ জৰিয়তে কৰ্মক্ষেত্ৰত বৈষম্য, প্ৰজনন অধিকাৰ আৰু সামাজিক সমতাৰ দৰে বিস্তৃত বিষয়সমূহক সমাধান কৰা হৈছিল। এই পৰ্যায়ৰ আন্দোলনে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে লিংগ বৈষম্য সামাজিক সংগঠন আৰু সাংস্কৃতিক মনোভাৱত গভীৰভাৱে নিহিত। তৃতীয় আৰু পৰৱৰ্তী নাৰীবাদী আন্দোলনৰ ঢৌসমূহে পৃথক পৃথক পটভূমি আৰু সমাজৰ পৰা অহা মহিলাসকলৰ প্ৰতিনিধিত্বক, বৈচিত্ৰ্যতাক আৰু আন্তঃসংযোগীয় সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিছিল।

অন্যহাতেদি, ভাৰতত নাৰীবাদী আন্দোলনৰ বিকাশৰ এটা বিশেষ ঐতিহাসিক প্ৰেক্ষাপট আছে। যিটো প্ৰেক্ষাপট উনবিংশ শতিকাত ভাৰতত আৰম্ভ হোৱা নৱজাগৰণ, সামাজিক সংস্কাৰ আৰু উপনিবেশবাদৰ বিৰুদ্ধে ভাৰতীয় লোকসকলে আৰম্ভ কৰা জাতীয়তাবাদী সংগ্ৰামখনৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত। উনবিংশ শতিকাত ভাৰতবৰ্ষৰ কেইবাজনো সমাজ সংস্কাৰকে সমাজত মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিয়ে সতীদাহ প্ৰথাৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু মহিলা শিক্ষা সম্প্ৰসাৰণলৈ সমৰ্থন আগবঢ়াইছিল। একেদৰে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰেও বিধৱা পুনৰ্বিবাহৰ সপক্ষে প্ৰচাৰ চলাইছিল আৰু মহিলা শিক্ষাৰ উন্নয়নত গুৰুত্ব দিছিল। এই সংস্কাৰকসমূহৰ সংস্কাৰমূলক আন্দোলনসমূহেই ভাৰতত পৰৱৰ্তী নাৰী অধিকাৰ আন্দোলনৰ আধাৰ প্ৰস্তুত কৰিছিল। পৰৱৰ্তী কালত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণে নাৰীবাদী আন্দোলনক আৰু অধিক শক্তিশালী কৰি তুলিছিল। সৰোজিনী নাইডু, কস্তূৰবা গান্ধী, এনি বেছাণ্টৰ দৰে নেতৃবৃন্দই ৰাজনৈতিক অভিযান আৰু গণ আন্দোলনসমূহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে প্ৰমাণ কৰিছিল যে মহিলাসকলেও নেতৃত্ব প্ৰদৰ্শন আৰু ৰাজহুৱা কৰ্মত সম্পৃক্ত হোৱাৰ পাৰদৰ্শিতা আছে।

১৯৪৭ চনত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেশত বলবত হোৱা সংবিধানে আইনৰ আগত পুৰুষ নাৰীৰ সমতা নিশ্চিত আৰু লিংগৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰিছে। ইয়াৰ পিছৰ দশকবোৰত মহিলা সংগঠন আৰু কৰ্মীসকলে শিক্ষা, নিয়োগৰ অধিকাৰ, ঘৰুৱা হিংসা, ৰাজনৈতিক প্ৰতিনিধিত্ব আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাৰীবাদী আন্দোলনখন চলাই নিছিল। ১৯৭০ আৰু ১৯৮০ চনৰ ভিতৰত ভাৰতত নাৰীবাদী আন্দোলনে নতুন গতি লাভ কৰিছিল, যিখিনি সময়ত বহুকেইটা ঐতিহাসিক অভিযানে নাৰীৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে আইনী সংস্কাৰৰ দাবী জনাইছিল। সি যি কি নহওক, আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপনে বিশ্বজুৰি মহিলাসকলে আহৰণ কৰা কৃতিত্ব আৰু অবিৰত প্ৰত্যাহ্বান দুয়োটাৰেই সোঁৱৰণী হিচাপে কাম কৰিছে। শিক্ষা, ৰাজনৈতিক অংশগ্ৰহণ আৰু অৰ্থনৈতিক ক্ষমতায়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সত্বেও বহু মহিলা এতিয়াও অসমতা, বৈষম্য আৰু হিংসাৰ সন্মুখীন হৈ আহিছে। গতিকে এই দিৱস উদযাপনে চৰকাৰ, সংগঠন আৰু সাধাৰণ নাগৰিকসকলক অধিক ন্যায়সংগত আৰু অন্তৰ্ভুক্তিমূলক এখন সমাজ গঢ়ি তোলাৰ বাবে তেওঁলোকৰ প্ৰতিশ্রুতিসমূহক পুনৰ জীৱন্ত কৰিবলৈ উৎসাহিত কৰিব।

আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক বিকাশে সমতা আৰু ন্যায়ৰ বাবে এক শতবছৰীয়া সংগ্ৰামক প্ৰতিনিধিত্ব কৰি আহিছে। শ্রমিক প্ৰতিবাদ আৰু সমাজবাদী সন্মিলনৰ পৰা আৰম্ভ কৰি সংযুক্ত ৰাষ্ট্ৰসমূহৰ দ্বাৰা বিশ্বব্যাপী স্বীকৃতি লাভলৈকে, এই আন্দোলন বিশ্বজুৰি নাৰীৰ ক্ষমতায়নৰ প্ৰতীক হিচাপে বিকাশ লাভ কৰিছে। একে সময়তে ভাৰতৰ দৰে দেশসমূহত নাৰীবাদৰ বিকাশে প্ৰদৰ্শন কৰে যে লিংগ সমতাৰ বাবে সংগ্ৰামবোৰ সদায় স্থানীয় সামাজিক আৰু সাংস্কৃতিক বাস্তৱতাৰ দ্বাৰা গঢ় লয়। উল্লেখনীয় কথাটো হ’ল যে এখন ন্যায়সংগত সমাজৰ লক্ষ্য হৈছে পুৰুষে নাৰীৰ ওপৰত জয়লাভ কৰা বা নাৰীয়ে পুৰুষৰ ওপৰত জয়লাভ কৰা নহয়। প্ৰকৃত জয় নিহিত হৈ আছে দুয়ো লিংগৰ মাজত পাৰস্পৰিক সন্মান, সহানুভূতি আৰু সহযোগিতাত। পুৰুষ আৰু নাৰী দুয়োৰে মৰ্যাদা, সুৰক্ষা আৰু মংগল সুনিশ্চিত হ’লেহে মানৱ সমাজে প্ৰকৃততে সুষম আৰু মানৱীয় ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰিব।

লেখকৰ ফোন: ৯৯৫৪০-০০২০০

লগতে পঢ়কঃ কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়োৱা দ্বীপ শিখা ফাউণ্ডেচনলৈ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সন্মান


Advertisement