বিশেষ প্ৰতিবেদন: আধুনিক বিশ্বৰ অৰ্থনীতি যেতিয়া ডিজিটেল লেনদেন, UPI আৰু মুদ্ৰাস্ফীতিৰ জটিল অংকত ব্যস্ত, ঠিক সেই সময়তে অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ এখন বিলৰ পাৰত থমকি ৰয় সময় (Jonbeel Mela Barter System)। জাৰৰ জোনাকৰ পোহৰত জিলিকি উঠা অৰ্ধচন্দ্ৰাকৃতিৰ ‘জোনবিল’ৰ পাৰত প্ৰতিবছৰে মাঘ বিহুৰ পৰৱৰ্তী সপ্তাহত এক বিৰল পৰিৱেশৰ অৱতাৰণা হয়।ই কেৱল এখন মেলা নহয়; এক জীৱন্ত ইতিহাস, য’ত আজিও পণ্য বিনিময়ৰ জৰিয়তে মানুহে মানুহৰ সৈতে হৃদয়ৰ লেনদেন কৰে (Jonbeel Mela Assam)।
শীতৰ কুঁৱলীৰ আচ্ছাদন ফালি যেতিয়া মাঘৰ নিস্তেজ সূৰ্যটোৱে জোনবিলৰ পানীত দাপোণ চায়, তেতিয়াই যেন সাৰ পাই উঠে এক আদিম সভ্যতা। জাগীৰোডৰ জোনবিলৰ পাৰত এতিয়া কেৱল মানুহৰ ভিৰ নহয়, এয়া যেন এক পুৰণি ইতিহাসৰ স্মৃতি ৰোমন্থন। মধ্যযুগৰ পৰাই গোভা ৰজাসকলৰ পৃষ্ঠপোষকতাত চলি অহা জোনবিল মেলা হৈছে যুগ যুগ ধৰি বৈ অহা পাহাৰ আৰু ভৈয়ামৰ এক নিবিড় আত্মীয়তাৰ অমৃত লুইত স্বৰূপ (Indigenous Economy Assam)।
বিনিময় প্ৰথা: মুদ্ৰাৰ মায়া নেওচি এক অনন্য মানৱীয়তা
জোনবিল মেলাৰ অনন্য বৈশিষ্ট্যটো হৈছে ইয়াৰ ‘বিনিময় প্ৰথা’ (Barter System)। ভাৰতৰ সম্ভৱত: এইখনেই একমাত্ৰ মেলা য’ত টকা-পইচাৰ ব্যৱহাৰ নোহোৱাকৈয়ে বৃহৎ পৰিমাণৰ বাণিজ্য সম্পন্ন হয়। আজিৰ বিশ্বত য’ত প্ৰতিটো খোজতে অৰ্থৰ হিচাপ-নিকাচ চলে, জোনবিলত সেই অংক যেন একেবাৰে অৰ্থহীন। পাহাৰৰ পৰা নামি অহা তিৱা, কাৰ্বি, খাচি আৰু জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকলে (যাক ভৈয়ামবাসীয়ে শ্ৰদ্ধাৰে ‘মামা-মামী’ বুলি সম্বোধন কৰে) নিজৰ লগত লৈ আহে পাহাৰীয়া আদা, হালধি,আলু, কচু, জলকীয়া, লা-ধুনা, তিল গন্ধক, গাজটেঙা, ডালচেনি,কপাহ, জালুক, তেজপাত, আমলখি, শিলিখা ইত্যাদি (Tiwa Culture Assam)।
তাৰ বিপৰীতে ভৈয়ামৰ লোকসকলে আগবঢ়ায় ঘৰত তৈয়াৰী সান্দহ, পিঠা, চিৰা, চাউল আৰু জোনবিলৰ পৰা ধৰা কেঁচা-শুকান মাছ ইত্যাদি। এই বিনিময়ত কোনো বাণিজ্যিক দৰ-দাম নাথাকে, নাথাকে Bargaining অথবা কোনো লাভ-লোকচানৰ হিচাপ। থাকে কেৱল এক অনাবিল বিশ্বাস আৰু পুৰণি সম্পৰ্কৰ প্ৰতি সন্মান। এমুঠি হালধিৰ বিনিময়ত এমুঠি সান্দহ লৈ যোৱা সেই হাঁহিটোত যি তৃপ্তি থাকে, সি আধুনিক মলৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কেতিয়াও বিচাৰি পোৱা নাযায়। ইয়াত মুদ্ৰা নহয়, মানুহৰ শ্ৰম আৰু আন্তৰিকতাহে আচল বিনিময়ৰ মাধ্যম (Barter System in India)। আধুনিক বজাৰ ব্যৱস্থাই আমাক গ্ৰাহক কৰি তুলিছে সঁচা, কিন্তু জোনবিলৰ এই বিনিময় প্ৰথাই আজিও আমাক ‘মানুহ’ কৰি ৰাখিছে।
ঐতিহাসিক পটভূমি:
জোনবিল মেলাৰ ইতিহাস ১৫শ শতিকাতকৈও অধিক পুৰণি। গোভা ৰজাসকলৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই মেলাৰ জন্মৰ কাহিনী একালৰ গোভা ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক স্থিতিৰ সৈতে জড়িত।
জোনবিল নামাকৰণৰ আঁৰৰ হেৰাই যোৱা লোকগাথা :
জোনবিল মেলাৰ নামাকৰণক লৈ বিভিন্ন কাহিনী প্ৰচলিত আছে।
ৰজাৰ নয়ন জুৰোৱা জোনৰ প্ৰতিবিম্বৰ কাহিনী:
এটা অতি জনপ্ৰিয় লোককথা অনুসৰি, অতীতৰ গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাই (বহুতৰ মতে ৰজা পণ্টেশ্বৰে ) এদিন শুক্লপক্ষৰ এক মনোমোহা জোনাক নিশা ৰাণীৰ সৈতে বিহাৰ কৰি ঘূৰি আহি আছিল। তেনেতে তেওঁলোকৰ চকু পৰিল এক বিশাল জলাশয়ৰ ওপৰত। বিলৰ ফটফটীয়া পানীত পূৰ্ণিমাৰ জোনটোৰ এক অপূৰ্ব প্ৰতিবিম্ব জিলিকি উঠিছিল। সেই দৃশ্য দেখি ৰজা-ৰাণী ইমানেই বিমুগ্ধ হ’ল যে ৰজাই মুহূৰ্ততে বিলখনৰ নাম ৰাখিলে ‘জোনৰ বিল’ অৰ্থাৎ ‘জোনবিল’।
তিৱা ভাষাৰ ‘ছনাই পিল’ৰ পৰা জোনবিল:
ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰাও ইয়াৰ এক আমোদজনক ব্যাখ্যা পোৱা যায়। তিৱা ভাষাত ‘জোন’ক কোৱা হয় ‘ছনাই’ আৰু বিল বা জলাশয়ক কোৱা হয় ‘পিল’। লোকবিশ্বাস অনুসৰি, ৰজাই বিলখন দেখি অভিভূত হৈ নিজৰ ভাষাত কৈছিল— “হেবে ছনাই পিল হঙদ” (অৰ্থাৎ: এইখন জোনৰ দৰে বিল)। এই ‘ছনাই পিল’ শব্দটোৱেই কালক্ৰমত অপভ্ৰংশ হৈ ‘জনাই পিল’ আৰু শেষত অসমীয়াৰ মুখত ‘জোনবিল’ হিচাপে পৰিচিত হ’ল।
ভৌগোলিক আকৃতি আৰু কাঁচি জোন:
আন এক ধাৰণা অনুসৰি, প্ৰাকৃতিকভাৱে বিলখনৰ ভৌগোলিক আকৃতি আকাশৰ কাঁচি জোনটোৰ দৰে। অৰ্ধচন্দ্ৰাকৃতিৰ এই জলাশয়টোৰ গঠনৰ বাবেও ইয়াৰ নাম জোনবিল হোৱা বুলি বহুতে ক’ব খোজে।
ৰজা জোন সিঙৰ স্মৃতি:
কিছুসংখ্যক গৱেষকৰ মতে, তিৱাসকলৰ এগৰাকী প্ৰতাপী ৰজা জোন সিংৰ ৰাজ-অভিষেক এই বিলৰ পাৰতেই অতি জাকজমকতাৰে অনুষ্ঠিত হৈছিল। সেই বিশেষ ঐতিহাসিক ঘটনাটোক স্মৰণীয় কৰি ৰাখিবলৈ ৰজাৰ নামেৰেই বিলখনৰ নাম জোনবিল আৰু মেলাখনৰ নাম জোনবিল মেলা হয়।
লাংবৰ-হিলালীৰ প্ৰেম আৰু ৰাজ্যাভিষেক:
আন এক আখ্যান অনুসৰি, তিৱা কোঁৱৰ লাংবৰ আৰু জয়ন্তীয়া কুঁৱৰী হিলালীৰ মিলনৰ পাছত জয়ন্তীয়া ৰজাই তেওঁলোকক গোভা নদীৰ পাৰত ৰাজ্য পাতি দিছিল। মাঘ বিহুৰ সাতদিনৰ পাছত লাংবৰৰ অভিষেক এই বিলৰ পাৰতে হৈছিল। সেই শুভ ক্ষণৰ পৰাই এই বিলৰ পাৰত মেলাৰ আৰু নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়।
আহোম যুগৰ গুৰুত্ব:
আহোম ৰাজত্বকালত এই মেলাই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। পাহাৰীয়া ৰাজ্যসমূহৰ সৈতে আহোম স্বৰ্গদেউসকলৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু সীমান্তৰ বাণিজ্যিক তথা ৰাজনৈতিক পৰিস্থিতি আলোচনা কৰিবলৈ এই মেলাখনক এক ‘মিলন ভূমি’ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
গোভা ৰজাৰ ‘ন-খোৱা’ উৎসৱ:
আন এক মত অনুসৰি, জোনবিল মেলা আছিল গোভা ৰজাৰ ‘নােৱান’ বা ন-খোৱা উৎসৱৰ এক ৰাজহুৱা ৰূপ। খেতি চপোৱাৰ পিছত পাহাৰ-ভৈয়ামৰ সকলোৱে মিলি ভোজভাত খোৱাৰ যি পৰম্পৰা, সিয়েই কালক্ৰমত এক বিৰাট মেলাৰ ৰূপ লয়।
আজিৰ জোনবিল মেলা কেৱল এক পুৰণি স্মৃতি নহয়, বৰঞ্চ ই এনে এক ইতিহাসৰ ধাৰক য’ত আজিও এজন ৰজাই নিজৰ প্ৰজাক আপোন কৰি লয় আৰু য’ত জোনৰ পোহৰে আজিও মানুহৰ মাজৰ বিভেদৰ আন্ধাৰ দূৰ কৰে। বৰ্তমানৰ গণতান্ত্ৰিক ব্যৱস্থাত ৰজাসকলৰ প্ৰশাসনিক ক্ষমতা নাথাকিলেও, জোনবিল মেলাৰ দিনকেইটাত আজিও গোভা দেওৰজাৰ আধিপত্য আৰু পৰম্পৰা অটুট থাকে। তেওঁ আজিও নিজৰ পৰিষদবৰ্গৰ সৈতে মেলাত উপস্থিত হৈ প্ৰতীকী ৰূপত ‘কৰ’ সংগ্ৰহ কৰে, যিয়ে এক হেৰাই যোৱা ৰাজকীয় মৰ্যাদাৰ সোঁৱৰণি জগাই তোলে।
পাহাৰ-ভৈয়ামৰ মিলনস্থলী:
জোনবিল মেলা কেৱল বস্তু আদান-প্ৰদানৰ কেন্দ্ৰ নহয়, ই হ’ল পাহাৰ আৰু ভৈয়ামৰ মাজত গঢ়ি উঠা এক সাংস্কৃতিক সেতু। মেলাৰ আগত এক অগ্নিপূজা সম্পন্ন কৰা হয় আৰু তাৰ পিছত বিলত সমূহীয়া মাছমৰা পৰ্ব আৰম্ভ হয়। ৰজা, পাৰিষদবৰ্গ আৰু বিশিষ্ট ব্যক্তি সকলে ‘ৰজা মাছ’ ধৰাৰ পিছত বিলখন সৰ্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়।
জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই মাছ মৰাত ভাগ লব পাৰে। ইয়াৰ উপৰিও বিভিন্ন খেল ধেমালি যেনে কুকুৰা যুঁজ, জনজাতীয় নৃত্য – গীত আদিৰো আয়োজন কৰা হয়। পাহাৰৰ পৰা অহা লোকসকলে বিলৰ পাৰত খেৰৰ অস্থায়ী পঁজা সাজি বাস কৰে। এই পঁজাসমূহত ৰাতিটোৰ বাবে পাহাৰীয়া আৰু ভৈয়ামীয়া লোকৰ মাজত চলে সুখ-দুখৰ কথা আৰু জনগোষ্ঠীয় গীত-মাতৰ চৰ্চা। মেলাৰ শেষত, এই অস্থায়ী পঁজাসমূহ জ্বলাই দি তেওঁলোকে পুনৰ পাহাৰলৈ উভতি যায়— অনাগত বছৰটোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।
তিৱাসকলৰ বাবে জোনবিল মেলাৰ তাৎপৰ্য:
জোনবিল মেলা কেৱল এক বাণিজ্যিক সমাৱেশ নহয়, ই হ’ল তিৱা জনজাতিৰ সামাজিক আৰু আধ্যাত্মিক জীৱনৰ মেৰুদণ্ডস্বৰূপ। লোক-সংস্কৃতিৰ পৰম্পৰা অনুসৰি, জোনবিল মেলা আৰু ফাগুন মাহত অনুষ্ঠিত হোৱা তিৱাসকলৰ অন্যতম লোক-উৎসৱ ‘ছগ্ৰা পূজা’ পৰস্পৰে পৰস্পৰৰ পৰিপূৰক। অতীতত ছগ্ৰা পূজা অবিহনে জোনবিল মেলা আৰু জোনবিল মেলা অবিহনে ছগ্ৰা পূজাৰ আয়োজন সম্ভৱ নাছিল।
এই আত্মিক সম্পৰ্কৰ এক চানেকি পোৱা যায় তিৱাসকলৰ পৱিত্ৰ ‘ন’বাৰ’ অৰ্থাৎ বৰঘৰৰ ৰীতি-নীতিত। মেলাৰ বিনিময় হাটৰ পৰাই সংগ্ৰহ কৰি অনা কেঁচা মাছ ফালি শুকুৱাই ৰখা মাছৰ চেনা, চিৰা আৰু তামোল-পাণ আদি পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা হয়। পৰৱৰ্তী সময়ত ছগ্ৰা উৎসৱৰ ক্ষণত বৰঘৰৰ ‘খুন্দাকাং’ (লাইখুঁটা)ৰ গুৰিত প্ৰতিটো কুলৰ দেৱ-দেৱীৰ নামত আৰু নুকতিত জাফাখ’ৰ কাষত মৃত পূৰ্বপুৰুষসকলৰ স্মৃতিত জেলামালি বা দেউৰীয়ে এই দ্ৰব্যসমূহৰেই পূজাপাঠ সম্পন্ন কৰে।
ৰাজকীয় উত্তৰাধিকাৰ:
বৰ্তমান গোভা ৰাজ্যৰ ৰজা দীপছিং দেওৰজা এই ঐতিহাসিক ধাৰাবাহিকতাৰ প্ৰতীক। মাত্ৰ সাত বছৰ বয়সতে ৰাজ-অভিষেকৰ জৰিয়তে দায়িত্বভাৰ গ্ৰহণ কৰা ৰজাজনৰ উপস্থিতি আৰু তেওঁৰ পৰম্পৰাগত ৰাজদৰবাৰে মেলাখনলৈ এক ঐতিহাসিক গাম্ভীৰ্য কঢ়িয়াই আনে।
আধুনিকতাৰ প্ৰত্যাহ্বান আৰু ঐতিহ্যৰ সংৰক্ষণ:
বৰ্তমান সময়ত গোলকীয় অৰ্থনীতিৰ প্ৰভাৱ জোনবিলত পৰা নাই বুলি ক’ব নোৱাৰি। মেলাৰ এটা অংশত এতিয়া মুদ্ৰাৰে কেনা-বেচা হোৱা আধুনিক বজাৰো বহে। তথাপিও, মেলাখনৰ আত্মা আজিও সেই মুদ্ৰাবিহীন বিনিময় প্ৰথাৰ মাজতেই আৱদ্ধ। ইতিমধ্যেই ৰাজ্য চৰকাৰে তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰাৰ পৰম্পৰা আৰম্ভ কৰিছে, যিয়ে এই ঐতিহাসিক প্ৰথাটোক চৰকাৰী স্বীকৃতি দিছে।
জোনবিল মেলাই আমাক মনে মনে এক গম্ভীৰ প্ৰশ্ন কৰি যায়— আধুনিকতাই আমাক কি দিলে আৰু কি কাঢ়ি নিলে? আমি টকাৰে সকলো কিনিব পৰা হ’লোঁ সঁচা, কিন্তু সেই বিশ্বাসটো হেৰুৱালোঁ নেকি যিটো জোনবিলত আজিও জীৱন্ত? জোনবিল এক বিৰল উদাহৰণ, য’ত পৰম্পৰাই অৰ্থনীতিৰ নিয়ম সলায় আৰু একতাই ভূগোলৰ সীমা নেওচে। জোনবিল মেলা অসমৰ এক অমূল্য সম্পদ। ই আমাক সোঁৱৰাই দিয়ে যে সভ্যতাৰ বিৱৰ্তনৰ নামত আমি যি যান্ত্ৰিকতা আকোৱালি লৈছোঁ, তাৰ বাহিৰতো এখন পৃথিৱী আছে য’ত আজিও বিশ্বাসৰ বিনিময়ত বস্তু পোৱা যায়।এয়া কেৱল অসমৰ সংস্কৃতি নহয়, এয়া সমগ্ৰ বিশ্বৰে এক বিৰল ঐতিহ্য, যাক আমি আমাৰ অস্তিত্বৰ স্বাৰ্থতেই জীয়াই ৰখা উচিত।
লগতে পঢ়কঃ Jonbeel Mela Barter System: ঐতিহাসিক বিনিময় প্ৰথাৰে উজলি উঠিল জোনবিলৰ পাৰ

