নগাঁওঃ সমগ্ৰ পৃথিৱীতে প্ৰায় শতাধিক প্ৰজাতিৰ কাছ আৰু কচ্ছপ বিলুপ্ত হোৱাৰ উপক্ৰম ঘটাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত এলেকা (KNPTR)ৰ ভিতৰত সাতটা প্ৰজাতিৰ মুঠ ৯৪৫টা শুদ্ধ পানীত কাছ থকাৰ তথ্য পোহৰলৈ আহিছে (Kaziranga Turtle Survey) ।
উল্লেখযোগ্য যে, বিশুদ্ধ পানীৰ কাছ আৰু কচ্ছপৰ ওপৰত বিশেষ গুৰুত্ব দি জলচৰ সৰীসৃপৰ পঞ্চম বাৰ্ষিক সমীক্ষাখন ১৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত এলেকা কৰ্তৃপক্ষই ভাৰতীয় কাছ সংৰক্ষণ কাৰ্যসূচী (ITCP)ৰ সহযোগত সম্পন্ন কৰে (Freshwater turtles India)।
সেই অনুযায়ী নাওঁৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত এলেকাৰ মাজেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰ নদীৰ ১৭৪ কিলোমিটাৰ দীঘলীয়া অংশত সমীক্ষা চলোৱা লৈছিল। সমীক্ষাত নথিভুক্ত হোৱা ৯৪৫ টকা কাছ তথা কচ্ছপৰ ভিতৰত ৮৭৬টা কঠিন খোলাযুক্ত ((Hard shell) আৰু ৬৯টা কোমল খোলাযুক্ত (soft shell) কাছ নথিভুক্ত কৰা হয়। সমীক্ষাৰ সময়ছোৱাত কঠিন খোলাৰ কাছৰ ৫৫টা আৰু কোমল খোলাৰ কাছৰ ১৩টা দেখা পোৱা যায় বুলি অভয়াৰণ্য খনৰ বিষয়াৰ সূত্ৰে প্ৰকাশ। ইয়াৰ ভিতৰত চাৰিটা বিপন্ন প্ৰজাতিৰ কৰা বৰকাছ (Black soft shell turtle) অন্তৰ্ভুক্ত (Black soft shell turtle Assam) ।
উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ উপত্যকাতেই সীমাবদ্ধ অতি বিপন্ন (Critically Endangered) ক’লা বৰকাছ (Black soft shell turtle) বাসস্থান নাইকিয়া হোৱা, চিকাৰ আৰু অত্যাধিক ব্যৱহাৰৰ দৰে ভাবুকিৰ সন্মুখীন হৈ আহিছে। তথাপি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ জিলাৰ নাগশংকৰ মন্দিৰত চলি থকা সংৰক্ষণমূলক প্ৰচেষ্টাই এই প্ৰজাতিৰ বাবে নতুন আশাৰ সৃষ্টি কৰিছে (Kaziranga National Park turtles)।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকলৰ মতে ব্ৰহ্মপুত্ৰ নদীয়ে এই অঞ্চলৰ এক বিশেষ জীৱবৈচিত্ৰ্যৰ ৰূপ ধাৰণ কৰিছে । ফলত বিশুদ্ধ পানীৰ ‘টাৰ্টল প্ৰায়’ৰিটি এলেকা হিচাপে স্বীকৃতি দিয়া হৈছে। কেৱল কাজিৰঙা অঞ্চলতেই ভাৰতত লিপিবদ্ধ ৩২টা মিঠা পানীৰ কাছ আৰু কচ্ছপ প্ৰজাতিৰ ভিতৰত ১৭টা প্ৰজাতিৰ বাসস্থান আছে (Brahmaputra turtle survey)।
কাছ আৰু কচ্ছপৰ পাৰ্থক্য
কাছ আৰু কচ্ছপৰ মাজত পাৰ্থক্য আছে। কচ্ছপ আৰু স্থলকচ্ছপ বা কাছ দুয়োটাই কঠিন আৰু সুৰক্ষামূলক খোলা থকা সৰীসৃপ। কিন্তু বাসস্থান, দেহগঠন আৰু জীৱনধাৰাৰ ক্ষেত্ৰত দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কচ্ছপ সাধাৰণতে পানীত বা আধা-পানীত বাস কৰা জীৱ। আৰু সাঁতুৰিবলৈ সুবিধাজনকভাৱে ইহঁতৰ খোল সৰু আৰু মসৃণ হয় লগতে পাখিৰ দৰে বা জালযুক্ত ভৰি থাকে। কচ্ছপৰ খাদ্যাভ্যাস প্ৰজাতিভেদে বেলেগ বেলেগ হয়, য’ত উদ্ভিদজাত খাদ্যৰ লগতে অন্যান্য খাদ্যো অন্তৰ্ভুক্ত থাকে। ইয়াৰ বিপৰীতে স্থলকচ্ছপ বা কাছ সাধাৰণতে মাটিত বাস কৰা জীৱ। ইহঁতৰ খোল গম্বুজ আকৃতিৰ আৰু ডাঠ হয়। ভৰি শক্তিশালী, খুঁটিৰ দৰে হয়। যাৰ সহায়ত মাটিত ধীৰে ধীৰে চলাচল কৰে। ইহঁত সাঁতুৰিবলৈ উপযোগী নহয় আৰু মূলতঃ স্থলভাগত জীৱন
চৰাইৰ সম্পৰ্কেও সমীক্ষাত প্ৰকাশ
সমীক্ষাটোত অৱশ্যে ৯২টা বিভিন্ন প্ৰজাতিৰ চৰাইৰ তথ্য সংগ্ৰহ কৰা হয় । তদুপৰি কাজিৰঙাৰ প্ৰসিদ্ধ ‘বিগ ফাইভ’ বৃহৎ জীৱ—বাঘ, এটা খড়্গযুক্ত গঁড়, হাতী, দলহৰিণ, হৰিণ আৰু বনৰীয়া ম’হো দেখা পোৱা যায়। সমীক্ষাটোৱে প্ৰজাতিৰ বৈচিত্ৰ্য, বাসস্থানৰ গুণগত মান আৰু মানৱীয় হস্তক্ষেপৰ স্তৰৰ ওপৰত ভিত্তি কৰি পাঁচটা সংৰক্ষণ যোগ্য বাসস্থান চিনাক্ত কৰে।
উল্লেখযোগ্য যে বন্যপ্ৰাণী বিভাগ আৰু TSA Foundation India–ৰ সহযোগত কাজিৰঙাৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে প্ৰকল্প আৰম্ভ হোৱাৰ পৰাই ৬০০ টাৰো অধিক কচ্ছপক পুনৰ বনভূমিত এৰি দিছে। সাম্প্রতিকভাৱে ২২০টাৰো অধিক শিশুকচ্ছপ শিলডুবি আৰু ৰৌমাৰি বিলৰ দৰে উপযুক্ত জলভূমিত মুকলি কৰি দিয়া হৈছে।
লগতে পঢ়কঃAssam Records Zero Rhino Poaching in 2025; Kaziranga Marks Two Years Poaching-Free

