The Mysterious Koina Konda Shil Legend of Morigaon, Assamমৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ কইনা কন্দা শিলৰ ৰহস্যময় কিংবদন্তিৰ আৰৰ কাহিনী

মৰিগাঁৱৰ পৰা ছাইফুল ইছলামঃ অসমৰ বুকুত লুকাই থকা বহু ঐতিহাসিক আৰু লোকবিশ্বাসেৰে ভৰা ঠাইৰ ভিতৰত অন্যতম হৈছে মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ কইনা কন্দা শিল (Koina Konda Shil Legend)। প্ৰাকৃতিক সৌন্দৰ্য্য, লোককথা আৰু ৰহস্যময় কিংবদন্তিৰ সংমিশ্ৰণেৰে কইনা কন্দা শিল আজি এক উল্লেখযোগ্য স্থান হিচাপে পৰিচিত হৈ উঠিছে।

মৰিগাঁও চহৰৰ পৰা মাত্ৰ ৬/৭ কিলোমিটাৰ নিলগত অৱস্থিত বঘৰা পাহাৰ (Baghara Pahar legend)। মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ বুকুতেই অৱস্থিত কইনা কন্দা শিল। প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মনোমোহা পৰিবেশেৰে ভৰা পৰ্যটনৰ এক অন্যতম স্থান বঘৰা পাহাৰৰ কইনা কন্দা শিল। সেউজীয়া অৰণ্য, পাহাৰৰ বুকুত বৈ যোৱা বতাহ আৰু নীৰৱ পৰিবেশে এই স্থানক আৰু অধিক আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে (Morigaon mysterious places)।

মৰিগাঁও চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ উত্তৰ পশ্চিম দিশত গলেই পোৱা যায় মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বঘৰা পাহাৰত থকা এক অভিশপ্ত শিলাখণ্ডই হৈছে কইনা কন্দা শিল। এই কইনা কন্দা শিলৰ সৈতে জড়িত হৈ আছে আজিৰ পৰা বহু পুৰণি তিৱা সকলৰ গোভা ৰাজ্যৰ ভিতৰুৱা বঘৰা ৰাজ্য আৰু মায়ং ৰাজ্যৰ বহু অলিখিত ইতিহাস (Tiwa kingdom history)।

বঘৰা পাহাৰৰ এই কইনা কন্দা শিলৰ ৰহস্য জানিবলৈ ‘দ্যা নিউজ ছৰ্চ’ ৰ সাংবাদিক গৈ উপস্থিত হৈছিল বঘৰা পাহাৰত। এই শিলাখণ্ডৰ বিষয়ে কিছু অধ্যায়ন কৰাৰ লগতে স্থানীয় কেইবাগৰাকী লোকৰ সৈতে সাক্ষাৎ কৰি মত বিনিময় কৰে। এই ৰহস্যময় শিলাখণ্ডৰ বিষয়ে বঘৰা পাহাৰৰ দাতিকাঁষৰীয়া স্থানীয় লোকে বহু কথাই অৱগত কৰে বাঘৰা পাহাৰৰ এই ৰহস্যময় কইনা কন্দা শিলৰ বিষয়ে।

কইনা কন্দা শিলৰ ৰহস্যময় ইতিহাস

স্থানীয় লোকে দ্যা নিউজ ছৰ্চক জনোৱা মতে, লোকবিশ্বাস অনুসৰি- এই ৰাজ্য সমূহত এটা সময়ত বনৰীয়া হাতীৰ আক্ৰমণ আৰু উপদ্ৰৱ চলিছিল। বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰায়ে ৰজাৰ নিৰ্দেশত প্ৰজা সকলে হাতত ধনু কাঁড় লৈ হাতী খেলিছিল। বঘৰা ৰাজ্যৰ ৰাজকুমাৰী বৃন্দাবনী আৰু মায়ং ৰাজ্যৰ ৰাজকুমাৰ ছাগ্ৰা মিছৱা উৎসৱত ভাগ লোৱাৰ পিছৰ পৰাই দুয়োৰে মাজত প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পাইছিল (Assam folk legend)। ছাগ্ৰা মিছৱা উৎসৱৰ নৃত্য গীতত নাচোনৰ লয়লাসাৰে দুয়ো যেন দুয়োকে বহু কথাই কৈ পেলাইছিল দুচকুৰ ভাষাৰে ।

প্ৰেম কাহিনীৰ বিষয়টো জনাজাত হৈ পৰাত বঘৰা ৰাজ্যৰ ৰজা দেৱসিংহ আৰু মায়ং ৰাজ্যৰ ৰজা জ্যোতি সিংহই আলচ কৰি বহাগ মাহতে বিয়াৰ দিন ঠিক কৰিছিল। দুয়োখন ৰাজ্যৰ ৰাজ পৰিয়ালৰ মাজত অনুষ্ঠিত হব লগা বিয়াখনক লৈ প্ৰজা সকলৰ মাজত আনন্দই নধৰা হৈছিল। বিয়া হ’ল, কন্যা দান হ’ল। দৰা কন্যা সহ বৰযাত্ৰী সকল দৰাৰ ঘৰলৈ অহাৰ সময়ত বাটতে প্ৰচণ্ড বৰষুণ, ধুমুহা আৰম্ভ হ’ল। বৰযাত্ৰী সকল উপায়ন্তৰ হৈ দৰা কন্যা সহ শিলৰ গুহাত সোমাই আশ্ৰয় লয়।

লগে লগে আৰম্ভ হয় ভুমিকম্পৰ জোকাৰনি। পাহাৰৰ শিল বাগৰি আহি এসময়ত গুহাৰ ভিতৰত আশ্ৰয় লৈ থকা দৰা কন্যা সহ বৰযাত্ৰী সকলক হেচা মাৰি ধৰিছিল। বঘৰা পাহাৰৰ পৰা ভুমিকম্পৰ জোকাৰনিত বাগৰি অহা বৃহৎ বৃহৎ শিলাখণ্ডই চেপি ধৰাত দৰা কন্যা সহ সকলোবোৰ লোক জীৱন্তে গুহাৰ ভিতৰতে সমাধিস্থ হৈছিল।

দুয়োখন ৰাজ্যত কান্দোনৰ ৰোল উঠিছিল। পাহাৰৰ ওচৰতে বসবাস কৰা স্থানীয় লোক সকলে তেতিয়াৰ পৰাই প্ৰতি শনিবাৰ আৰু মংগলবাৰে নিশাৰ নিস্তব্ধতাত বঘৰা পাহাৰৰ সেই শিলাখণ্ডৰ পৰা ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ কৰুণ বিননি নিজম ৰাতি শুনিবলৈ পাইছিল। ফলত স্থানীয় বাসিন্দা সকলে ঠাই খনক অভিশপ্ত অলৌকিক ঠাইৰূপে জ্ঞান কৰি নাম দিছিল কইনা কন্দা শিল।

ৰহস্যৰে ভৰা বঘৰা পাহাৰৰ কইনা কন্দা শিল

এটা সময়ত নতুনকৈ বিয়াত বহিবলগীয়া কইনাই বিয়াৰ আগদিনা খন গৈ এই শিলাখণ্ডৰ ওচৰত তামোল-পাণ যাচি সেৱা জনাই আহিছিল। এই পৰম্পৰাৰ বহু দিন চলি আহিছিল যদিও পিছত হঠাৎ এই পৰম্পৰা নোহোৱা হৈ পৰে।

এই শিলাখণ্ডত আছে বহু কেইটা বিশেষ আকৃতিৰ শিল ইয়াৰ ভিতৰত অন্যতম হ’ল কইনা শিল, হাতী শিল, দবা শিল, দোলা শিল আৰু কাহ শিল। এয়াই হৈছে বঘৰা পাহাৰৰ কইনা কন্দা শিলৰ ৰহস্যময় কিংবদন্তিৰ আৰৰ কাহিনী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন দেশৰ পৰাও বহু পৰ্যটকসকলে এই কইনা কন্দা শিলৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে শিলাখণ্ডৰ বিষয়ে জীনিবলৈ আগ্ৰহী।

ৰহস্যৰে ভৰা বঘৰা পাহাৰৰ কইনা কন্দা শিল

প্ৰাকৃতিক সৌন্দৰ্য্য আৰু লোকবিশ্বাসেৰে সমৃদ্ধ কইনা কন্দা শিল আজিও অসমৰ এক বিস্ময়কৰ ঐতিহাসিক স্থান হিচাপে নিজৰ অস্থিত্ব বজাই ৰাখিছে।

লগতে পঢ়কঃ শ্বলংকিৰিৰ উদ্যোগত কইনা কন্দা শিলত নাট মহোৎসৱ


Advertisement