বিশেষ প্ৰতিবেদনঃ আজি বিশ্ব বন্যপ্ৰাণী দিৱস। বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনটোত ৰাজ্যৰ দুই গুৰুত্বপূৰ্ণ বব্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে নজনা বহু কথা জানাবলৈ প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন। এসময়ত বিশ্ব বিখ্যাত হৈ পৰা অভয়াৰণ্য দুখন মৃত্যুমুখলৈ গতি কৰিও পুনৰ বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত বিচৰণভূমি হৈ পৰিছে (Laokhowa Burachapori Wildlife Sanctuary Revival)।
অভয়াৰণ্য দুখন হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য।
লাওখোৱা, বুঢ়াচাপৰিৰ ইতিহাস:
বিশ্ব ঐতিহ্যৰৰ স্বীকৃতি লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় একে সময়তেই সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰিছিল লাওখোৱা অভয়াৰণ্যই। পৰবৰ্তী সময়ত বুঢ়াচাপৰিও সংৰক্ষিত বনাঞ্চল আৰু পৰৱৰ্তী সময়ত বন্যপ্ৰাণী অভয়াৰণৰ স্বীকৃতি লাভ কৰে অভয়াৰণ্য দুখনে।
৭০.০১ বৰ্গকিলোমিটাৰ মাটি কালি আৱৰি থকা লাওখোৱা আৰু ৪৪.০৬ বৰ্গকিলোমিটাৰ এলেকাৰ বুঢ়াচাপৰি অভয়াৰণ্য দুখন এটা সময়ত আছিল এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত।
তথ্য অনুসৰি ১৯০৪ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ৫ টাৰ বিপৰীতে লাওখোৱাৰ কেৱল গড়াজান এলেকাতেই ২৫ টাকৈ এশিঙীয়া গঁড়ে বিচৰণ কৰিছিল।
কিন্তু ক্ৰমান্বয়ে কাজিৰঙা বিশ্বৰ বুকুত জিলিকি উঠাৰ বিপৰীতে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন লাওলোৱা হৈ পৰিছিল। এশিঙীয়া গঁড়ৰ বাবেই বিশ্ব বিখ্যাত হৈ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন ৯০ ৰ দশকত চোৰাং চিকাৰীৰ কৱলত পৰি গঁড়শূণ্য হৈ পৰিছিল। কেৱল গঁড় শূন্যই নহয়, চোৰাং চিকাৰীৰ দৌৰাত্ম্য, অবৈধ দখলকাৰীৰ দপদপনিত প্ৰায় নিঃশেষ হৈ পৰিছিল দুয়োখন অভয়াৰণ্য। আনকি অভয়াৰণ্য দুখনৰ মূল্যৱান গছ গছনিও কাটি তহিলং কৰিছিল চোৰাং কাঠ ব্যৱসায়ীয়ে। কেইবা হাজাৰ ভূমি দখল কৰিছিল বেদখলকাৰীয়ে।
পৰৱৰ্তী সময়ত ২০১৪-১৫ চনৰ পৰা অভয়াৰণ্য দুখন পুনৰজ্জীৱিত কৰাৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে কিছু তৎপৰতা অৱলম্বন কৰিছিল যদিও হ’ব পৰা নাছিল সফল। ‘ৰাইন’ ভিছন 2020’ নামৰ এক ব্যয়বহুল প্ৰকল্প গ্ৰহণ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ গঁড় ২০১৬ চনৰ আৰম্ভণিতেই বুঢ়াচাপৰি অভয়াৰণ্যলৈ সংস্থাপিত কৰা হৈছিল যদিই দুয়োটা গঁড়ে মৃত্যুমুখত পৰে।
কিছুদিন পাছতেই অভয়াৰণ্য দুখনলৈ পুনৰ নিজেই এটা গঁড়ৰ আগমন ঘটে যদিও সেই গঁড়টোও বিজেপিৰ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত চোৰাং চিকাৰীৰ কৱলত পৰি মৃত্যুমুখত পৰে।
তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালতেই অভয়াৰণ্য দুখন বেদখলমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল পদক্ষেপ। সেই অনুসৰি-
২০১৬ চনত- দুযোখন অভযাৰণ্যৰ ২৫ টাকৈ বাসগৃহৰ লগতে ১৫ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল। একেদৰে ২০১৭ চনত ৮০ হেক্টৰ ভূমি, ২০২০ চনত ৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল।
কিন্তু ৰাজ্যত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হোৱাৰ পাছতেই দুয়োখন অভযাৰণ্যত আৰম্ভ হৈছিল বৃহৎ উচ্ছেদ অভিযান। ২০২১ চনৰ পৰা ২০২৪ চন পৰ্যন্ত লাওখোৱা আৰু বুঢ়াচাপৰি অভযাৰণ্য দুখনৰ ৬ হাজাৰৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱাৰ পাছতেই যেন দুয়োখন অভয়াৰণ্যই পুনৰ হেৰওৱা মৰ্যদা ঘূৰাই পাবলৈ সক্ষম হৈছে।
অভয়াৰণ্য দুখনৰ বেদখলকৃত ভূমি উচ্ছেদ কৰাৰ লগে লগে অভযাৰণ্য দুখনৈ আগমণ ঘটিবলৈ আৰম্ভ কৰে অসম গৌৰৱ এশিঙীয়া গঁড়ে। সম্প্ৰতি প্ৰাকৃতিকভাৱেই এশিঙীয়া গঁড়ৰ বিচৰণে অভযাৰণ্য দুখম যেন এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে। অভযাৰণ্য দুখনত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ লগে লগেই দুয়োখন অভয়াৰণ্যত এতিয়া নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।
বতৰ্মান বন্যপ্ৰাণীৰ সুৰক্ষিত বিচৰণভূমি হৈ পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য দুখন পুনৰ বিভিন্ন জীৱ জন্তুৰে ভৰপূৰ হৈ পৰিছে।
কি কি জীৱ জন্তু আছে অভয়াৰণ্য দুখনত?
বিভাগীয় সূত্ৰে জানিব পৰা মতে, বৰ্তমান লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য দুখনত
এশিঙীয়া গঁড়ৰ সংখ্যা- ৬ টাতকৈ অধিক
বাঘৰ সংখ্যা- ১৫
হাতীৰ সংখ্যা- ৩০
আৰ্দ্ধভূমিত থকা চৰাইৰ সংখ্যা- ৫৫ হাজাৰ
দল হৰিণাৰ সংখযা- ৩ জাক
ইয়াৰোপৰি, বনগাহৰি, হৰিণা, অজগৰকে ধৰি বহু বন্যপ্ৰাণীৰ বিচৰণভূমি হৈ পৰিছে অভয়াৰণ্য দুখন।
লগতে পঢ়কঃ বুলডজাৰ নহয়, পোহনীয়া হাতীৰে লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান

