স্বাধীনতাৰ পূৰ্বেই দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ লোকসেৱক উপাধি লাভ কৰা হলধৰ ভূঞাৰ বিষয়ে জানো আহক

শৈলেন শইকীয়া

আজীৱন সমাজৰ নিঃস্বজনৰ প্ৰগতিৰ বাবে কাম কৰা, সমাজৰ উন্নয়নৰ বাবে দেহে-কেহে খটা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত আগভাগ লোৱা, দৰিদ্ৰৰ বন্ধু, স্বাধীনতা সংগ্রামী লোকসেৱক হলধৰ ভূঞা ১৯৩৭ আৰু ১৯৪৬ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি একেৰাহে দুবাৰ বিধায়ক নির্বাচিত হৈছিল (Loksevak Haladhar Bhuyan)। সাধাৰণ মানুহ হিচাপে জীৱন নিৰ্বাহ কৰি সমাজৰ কল্যাণৰ হকে কাম কৰাৰ হেঁপাহৰ বাবেই তেওঁ লোকপ্রিয় গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত মন্ত্ৰিত্ব গ্ৰহণৰ বাবে পোৱা আমন্ত্রণো প্রত্যাখান কৰিছিল।

১৮৯১ চনৰ ২৮ ছেপ্তেম্বৰত নগাঁও জিলাৰ কামপুৰ তেঁতেলিসৰাত হলধৰ ভূঞাই জন্ম গ্ৰহণ কৰে। পিতৃ বাবুল ভূঞা। কামপুৰ এম ভি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰি তেওঁ নগাঁও চৰকাৰী হাইস্কুলৰপৰা ১৯১৪ চনত মেট্ৰিক পাছ কৰে। তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত অধ্যায়ন কৰে। কিন্তু পৰিয়ালৰ আৰ্থিক দুৰ্যোগৰ বাবে আধাতে পঢ়া সামৰি গৃহাভিমুখ হ’বলগীয়া হয়। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ প্রথমে নগাঁও আদালতত নকল নবিচৰ কামত যোগ দিয়ে। পিছত নগাঁও চিভিল চার্জন কাৰ্যালয়ত কেৰাণীৰ চাকৰি কৰে।

১৯২১ চনত দেশজুৰি আৰম্ভ হোৱা অসহযোগ আন্দোলনত তেওঁ যোগদান কৰে। তাৰ ফলত তেওঁ চাকৰি ত্যাগ কৰিবলগীয়া হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভলন্টিয়াৰ হৈ তেওঁ যি ৰাজহুৱা জীৱনত সোমাই পৰিল, তাৰ পিছত ওৰে জীৱন তেওঁ ব্যস্ত হৈ থাকিল সামাজিক কাম-কাজক লৈ। তেওঁ আছিল নগাঁও জিলা কংগ্ৰেছৰ প্ৰথমজন সাধাৰণ সম্পাদক। হলধৰ ভূঞা আছিল এগৰাকী ব্যতিক্রমী ব্যক্তিত্বৰ লোক।

তেওঁ জীৱনত যিখিনি কৰিছিল, তাতকৈ কি কৰা নাছিল তাৰহে লেখ পাবলৈ নাই। স্বাধীনতা আন্দোলনত অংশ গ্রহণ কৰা বাবে তেওঁ কিমানবাৰ কাৰাগাৰলৈ যাবলগীয়া হৈছিল তাক সঠিককৈ হিচাপ উলিওৱাটো কঠিন।

তেওঁ নগাঁও নগৰৰ নিজ ঘৰতে স্থাপন কৰিছিল কংগ্ৰেছৰ কাৰ্যালয়। স্বাধীনতা আন্দোলনত জড়িত হৈ গাঁৱে-ভূঞে কংগ্ৰেছৰ সভাত তেওঁ বক্তৃতা দিয়েই ক্ষান্ত হোৱা নাছিল। মানুহক স্বাৱলম্বী হোৱাৰ আদৰ্শও দাঙি ধৰিছিল। সংসাৰ চলাবলৈ তেওঁ গেলামালৰ দোকানী, ঘৰুৱা শিক্ষক, জীৱন বীমাৰ এজেন্ট, বাতৰি-কাকতৰ এজেণ্ট আৰু বনৌষধিৰ চিকিৎসকো হৈছিল।

স্বাধীনতা আন্দোলনৰ সময়ত হলধৰ ভূঞাৰ ঘৰখন কংগ্ৰেছী নেতা-ভলন্টিয়াৰৰ ভাত-ঘৰ আছিল। ১৯৩৭ আৰু ১৯৪৬ চনৰ নির্বাচনত নগাঁও পশ্চিম সমষ্টিৰপৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ একেৰাহে দুবাৰ অসম বিধানসভালৈ নির্বাচিত হয়। বিধায়ক হৈ থাকোতে ১৯৪৮ চনত কংগ্ৰেছ বিধায়িনী দলৰ সম্পাদক আছিল। পিছত তেওঁ কংগ্রেছ ত্যাগ কৰে আৰু ১৯৫২ চনত প্রজা ছ’চিয়েলিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক শাখাৰ সভাপতি নির্বাচিত হয়। সেই সময়ত অসমৰ বৰেণ্য ৰাজনীতিকসকলৰ লগত অতি ঘনিষ্ঠ আছিল হলধৰ ভূঞা। তেওঁৰ সামাজিক কাম-কাজৰ পৰিসীমা কেৱল নগাঁও জিলাতে আবদ্ধ নাছিল। সমগ্র অসম তথা উত্তৰ-পূৰ্বাঞ্চল আছিল তেওঁৰ সামাজিক কর্মক্ষেত্র। ১৯২৯ চনত নগাঁৱত জন্ম লাভ কৰা, বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ তেওঁ আছিল প্রতিষ্ঠাতা। ১৯৩০-ৰ পৰা ১৯৩৩ চনলৈকে এই অনুষ্ঠানটোৰ তেওঁ আছিল সভাপতি। কিশোৰ কালৰেপৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ প্ৰতি অনুৰক্ত হোৱা হলধৰ ভূঞাই ১৯৫০ চনত নগাঁৱত স্থাপন কৰে শ্ৰীমন্ত শঙ্কৰ মিশ্যন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান। যিটো অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চকু চিকিৎসালয় আৰু প্ৰথমখন অন্ধ বিদ্যালয়ৰ লগতে যক্ষ্মাৰোগৰ চিকিৎসালয় স্থাপন কৰি সমাজৰ আৰ্তজনলৈ সেৱা আগবঢ়ায়।

গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী অসম পশু চিকিৎসা মহাবিদ্যালয় স্থাপনতো তেওঁৰ উল্লেখনীয় অৱদান আছিল। ১৯৬৪ চনত ৰাজনৈতিক নির্যাতিত মঞ্চই এই ৰাজনীতিক জনক ‘লোকসেৱক’ উপাধি প্রদান কৰে। সাধাৰণভাৱে জীৱন-যাপন কৰা সমাজপ্রাণ, দক্ষ ৰাজনীতিক, সৰ্বগুণী, বিৰল অসমীয়া লোকসেৱক হলধৰ ভূঞাৰ ১৯৬৮ চনৰ ২৮ মাৰ্চত জীৱনাৱসান ঘটে।

লোকসেৱকৰ জীৱনৰ অমৃত কথা

হলধৰ ভূঞাই মেট্ৰিক পাছ কৰাৰ পিছত গুৱাহাটীৰ কটন মহাবিদ্যালয়ত নাম ভর্তি কৰে। কটনৰ একে হোষ্টেলত তেওঁ বাস কৰিছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, নাট্যাচার্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ভবেন দাস আদি ছাত্ৰসকলৰ স’তে। হোষ্টেলত তেওঁলোকে এখন নকল বিশ্ববিদ্যালয় পাতি লৈছিল আনন্দ কৰিবৰ বাবে। তাৰ ভাইচ চেঞ্চেলৰ হৈছিল কৃষ্ণকান্ত সন্দিকৈ আৰু কন্ট্ৰ’লাৰ হৈছিল হলধৰ ভূঞা। নিশা আহাৰ গ্ৰহণৰ পিছত সদায় নকল বিশ্ববিদ্যালয়ৰ চিনেটৰ অধিৱেশন বহে। কৃষ্ণকান্ত সন্দিকৈয়ে ভাষণ দিয়ে আৰু বাকীবোৰে শুনে।

১৯৫২ চনত হলধৰ ভূঞা প্রজা ছ’চিয়েলিষ্ট পার্টিৰ্টৰ অসম ৰাজ্যিক শাখাৰ সভাপতি হয়। ১৯৫৩ চনত দলৰ ৰাজ্যিক অধিৱেশনত সভাপতিৰ অভিভাষণত তেওঁ কৈছিল, ‘১৯৪৭ -ৰ আগষ্ট মাহত দ্বি-খণ্ডিত ভাৰতে স্বৰাজ লাভ কৰে আৰু কংগ্ৰেছ পাৰ্টিৰ হাতলৈ শাসন ক্ষমতা আহে। কিন্তু কংগ্ৰেছৰ ৰাজত্বত লোকে কি পালে কি দেখিলে? অত্যন্ত পৰিতাপেৰে ক’বলগীয়া হৈছে, মহাত্মা গান্ধীৰ পৰিকল্পিত সত্য-অহিংসাৰ ভেটিত প্রতিষ্ঠিত ৰাম ৰাজ্যৰ ঠাইত কংগ্ৰেছ গবর্ণমেন্টৰ অন্যায়, অবিচাৰ, ব্যভিচাৰ, দুর্নীতিৰ প্রকোপত প্ৰজাৰ হাঁহাঁকাৰ লাগিল। স্বয়ং গান্ধীজীয়ে কংগ্রেছ ভাঙি দি ‘লোকসেৱক সংঘ’ স্থাপন কৰিবলৈ উপদেশ দিছিল- কিন্তু শুনে কোনে?’

লোকসেৱক হলধৰ ভূঞাৰ সম্পৰ্কত বিশিষ্ট মুক্তিযোদ্ধা কংগ্রেছ নেতা বিজয় চন্দ্ৰ ভাগৱতীয়ে উল্লেখ কৰিছিল- ‘স্বাধীনতা যুদ্ধৰ কালৰ দৰে স্বাধীনতাৰ পৰৱৰ্তী সময়তো উৎপাদন প্রণালী আৰু ৰাজনৈতিক যুদ্ধ প্ৰণালীৰ প্ৰতি আদৰ্শগত নিষ্ঠা ৰখা তাকৰীয়া সংখ্যক যি সকল নেতা আৰু কৰ্মীয়ে কাম কৰিছিল তাৰ ভিতৰত লোকসেৱক হলধৰ ভূঞা আছিল অন্যতম। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন পর্যায়ত আৰু স্বাধীনতাৰ পিছৰ সময়তো তেওঁ সংগঠন আৰু পৰিচালনা ক্ষমতা প্রতিপন্ন কৰিছিল।

অসম বিধান সভাত (১৯৩৭) সেই সময়ত চৰকাৰে থলুৱা কৃষকৰ ভূমিৰ সুৰক্ষাৰ বাবে প্ৰয়োগ কৰা লাইন প্রথা বাতিল কৰিবৰ বাবে মুচলিম লীগৰ বিধায়ক এজনে উত্থাপন কৰা প্ৰস্তাৱৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছিল। বিধায়ক হলধৰ ভূঞাই বিতৰ্কত অংশলৈ সেই প্ৰস্তাৱৰ বিৰোধিতা কৰি দিয়া বক্তৃতাত উল্লেখ কৰিছিল এনেদৰে ‘ৰামায়ণৰ উদাহৰণ দি কওঁ এই ‘লাইন চিষ্টেম’ নতুন নহয়। বনত থকা কালত লক্ষ্মণে সীতাক এটা লাইন দি তাৰপৰা বাহিৰলৈ যাবলৈ হাক দিছিল। এইটো এটা ‘লাইন অৱ অনাৰ’ হে মাথোন আছিল। মৈমনসিংহিয়া আৰু অসমীয়াৰ মাজত যি লাইন আছে সেয়াও ‘লাইন অৱ অনাৰ’ হে মাথোন। (আসাম গ্রেজেটত প্রকাশিত)।

লগতে পঢ়কঃ বগা চাহাবৰ শাসনকালতে বিধায়ক নিৰ্বাচিত হোৱা ওচমান আলি সদাগৰৰ বিষয়ে জানো আহক


Advertisement