Purna Chandra Sharma: Nagaon Freedom Fighter Who Was Elected MLA Three Times Before Independenceস্বাধীনতাৰ পূৰ্বেই তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত নগাঁৱৰ পূর্ণচন্দ্ৰ শৰ্মাৰ বিষয়ে জানো আহক

শৈলেন শইকীয়া

জীৱনৰ দীর্ঘসময় নগাঁৱৰ সমাজ জীৱনৰ লগত অঙ্গাগীভাবে জড়িত স্বাধীনতা সংগ্রামী, সাংবাদিক, সমাজকর্মী, নগঞা ৰাজনীতিক পূর্ণচন্দ্ৰ শৰ্মা ১৯৩৭ আৰু ১৯৪৬ চনৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হৈ একেৰাহে পোন্ধৰ বছৰ কাল অসম বিধান সভাত সদস্য হিচাপে কটোৱাৰ উপৰি ১৯৫৬ চনৰপৰা ১৯৬১ চনলৈ অসমৰ পৰা ৰাজ্যসভাত সাংসদ হিচাপে অতিবাহিত কৰিছিল (Purna Chandra Sharma)। মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাসী পূর্ণচন্দ্র শৰ্মাৰ সমগ্ৰ জীৱনেই আছিল আদর্শস্বৰূপ । ১৯০০ চনৰ ৭অক্টোবৰত নগাঁও নগৰৰ আমোলাপট্টিত পূর্ণচন্দ্ৰ শৰ্মাই জন্ম গ্ৰহণ কৰে। পিতৃ সেই সময়ৰ নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সহায়ক বিষ্ণু চন্দ্র শর্মা।

নগাঁও চৰকাৰী হাইস্কুলৰপৰা ১৯১৭ চনত তেওঁ প্রথম বিভাগত মেট্রিক পাছ কৰে। ১৯১৯ চনত কটন কলেজৰপৰা কলা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰপৰা প্রথম হৈ আই এ পাছ কৰে। ১৯১৯ চনত তেওঁ স্নাতক ডিগ্রী আৰু ১৯২৭ চনত আইনৰ ডিগ্রী লাভ কৰে। ১৯২১ চনত পূর্ণচন্দ্ৰ শৰ্মা দেশজুৰি হোৱা অহিংস আন্দোলনত জড়িত হয়। তাৰ ফলত তেওঁ কলেজ বাদ দিবলগীয়া হয়। তেতিয়াৰেপৰা দেশে স্বাধীনতা নোপোৱালৈকে এজন অক্লান্ত স্বাধীনতা সংগ্রামী হিচাপে তেওঁ প্রত্যেকটো আন্দোলনতে অংশ গ্রহণ কৰে।

স্বাধীনতা আন্দোলনৰ বাবে ছাত্ৰসকলক সংগঠিত কৰা, গাঁৱে গাঁৱে গৈ জাতীয় কংগ্ৰেছৰ সভা কৰি মানুহক জাগ্ৰত কৰা আদি কামত তেওঁ আগৰণুৱা আছিল। স্বাধীনতা আন্দোলনৰ মাজতে ১৯২৭ চনৰ জুলাই মাহত তেওঁ নগাঁও কাছাৰীত আইনৰ ব্যৱসায় আৰম্ভ কৰে। ১৯৩০ চনৰ ‘আইন অমান্য আন্দোলন’ আৰু ১৯৪২ চনৰ ‘ভাৰত ত্যাগ আন্দোলন’ত সক্রিয় ভূমিকা গ্রহণ কৰি

তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯২৯, ১৯৩৯ আৰু ১৯৪২ চনত কাৰাবৰণ ভোগ কৰে। স্বাধীনতা আন্দোলনৰ সময়ছোৱাত তেওঁ অনেক নির্যাতন ভোগ কৰিবলগীয়া হৈছিল। নগাঁও জিলা কংগ্ৰেছৰ জন্মলগ্নত তেওঁ গুৰি ধৰিছিল। আন্দোলনৰ কালত তেওঁ নগাঁও জিলা কংগ্ৰেছৰ সহকাৰী সম্পাদক, স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক হৈ ১৯৩৩ চনত জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰে। ১৯৩৪ চনত তেওঁ লোকেল ব’ৰ্ডৰ সদস্য নির্বাচিত হয়। ১৯৩৭ চনত নগাঁও (সাধাৰণ) সমষ্টিৰপৰা জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নির্বাচিত হয়। ১৯৪৬ চনত তেওঁ নগাঁও (উত্তৰ-পূৱ) সমষ্টিৰপৰা পুনৰ বিধায়ক নির্বাচিত হয়। বিধায়ক হৈ থকা কালতে তেওঁ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ১৯৪২ চনৰ ১৩ আগষ্টত জেললৈ যাবলগীয়া হয়। ১৯৫৬ চনত তেওঁক ৰাজ্যসভাৰ সাংসদৰূপে নির্বাচিত কৰা হয়।

১৯৬২ চনত সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰি আহি তেওঁ সংবাদ সেৱাত মনোনিৱেশ কৰে। ১৯৩৪ চনতে পূর্ণ চন্দ্র শর্মাই ‘এচোচিয়েটেট প্রেছ অৱ ইণ্ডিয়া’ নামৰ প্ৰতিষ্ঠানৰ সংবাদদাতা হিচাপে যোগদান কৰি সাংবাদিকতাৰ অভিজ্ঞতা আৰ্জন কৰিছিল। ১৯৬২ চনৰ ২৬ জানুৱাৰীৰপৰা তেওঁ প্রকাশক-সম্পাদক হিচাপে নগাঁৱৰপৰা ‘গণতন্ত্র’ নামৰ এখন সাপ্তাহিক কাকতৰ প্ৰকাশ আৰম্ভ কৰে। নির্ভীকভাৱে সমাজৰ, দেশৰ, চৰকাৰৰ দোষ-ত্রুটিবোৰ আঙুলিয়াই দি বিশ্লেষণ কৰি ৰাইজৰ মাজত সচেতনতা গঢ়ি তোলাই আছিল তেওঁৰ কাকতখন প্ৰকাশৰ উদ্দেশ্য। এই কাকতখনে ৰাজ্যখনৰ লগতে বিশেষকৈ নগাঁৱৰ সমস্যাবোৰ প্ৰতিফলিত কৰিছিল। তাৰ ফলত অসমত এচাম পাঠক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল কাকতখনে।

গান্ধীবাদত বিশ্বাস ৰাখিও সমাজবাদৰ প্রতি আন্তৰিক সমর্থন আছিল এই ৰাজনীতিকজনৰ। দেশ আৰু জাতিৰ প্ৰতি থকা প্ৰেমৰ বাবেই অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰতিও আন্তৰিক সমর্থন আছিল পূৰ্ণ চন্দ্ৰ শৰ্মাৰ। ব্যক্তিগত স্বাৰ্থতকৈ সমাজৰ স্বাৰ্থক অগ্রাধিকাৰ দিয়া বাবেই এদিন কংগ্ৰেছ ত্যাগ কৰিছিল এই ৰাজনীতিকজনে। কিন্তু জীৱনৰ বিয়লি বেলালৈকে নিষ্ঠাৰে কৰি গৈছিল সমাজ সেৱা। ১৯৮৬ চনত এই গৰাকী ৰাজনীতিকৰ পৰলোক প্রাপ্তি ঘটে।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বেই অসম বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰা আমিৰ উদ্দিনৰ বিষয়ে জানো আহক


Advertisement