গুৱাহাটী: “Happy 24th Anniversary Goldie !!
প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..
তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰ পুত্ৰ (Zubeen Garg 24th Wedding Anniversary) ।”
২৪ সংখ্যক বিবাহ বাৰ্ষিকীত গল্ডীক এনেদৰেই শুভেচ্ছা জনালে জনতাৰ শিল্পী জুবিন গাৰ্গৰ জন্ম জন্মান্তৰৰ সংগী গৰিমা শইকীয়া গাৰ্গে (Happy 24th Anniversary Goldie)।
২০০২ চনৰ ৪ ফেব্ৰুৱাৰীৰ দিনটোতে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ বিবাহ পাশত আৱদ্ধ হৈছিল। হোমৰ জুইক সাক্ষী কৰি দুয়োজন অংগীকাৰবদ্ধ হৈছিল প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ সুখ দুখৰ সংগী হৈ থকাৰ। কায়িক ভাবে প্ৰিয় শিল্পীজন নাইকিয়া হ’লেও আজিও তেওঁৰ অৱস্থিতি অনুভৱ কৰে তেওঁৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সেয়ে জুবিন গাৰ্গৰ শাৰীৰিক অৱস্থিতি নাথাকিলে ঈশ্বৰ পুত্ৰৰ আশীৰ্বাদ বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে (Garima Saikia Garg)।
উল্লেখযোগ্য যে গীতৰ সুবাসেৰে অসমৰ শ্ৰোতা জনতাক বিগত দুটা দশকৰো অধিককাল মন্ত্ৰমুগ্ধ কৰি ৰখা অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গৰ আজি ২৪ সংখ্যক বিবাহ-বাৰ্ষিকী।
জুবিন বিহীন এই ২৪ সংখ্যক বিবাহ বাৰ্ষিকীত সময়ৰ নিষ্ঠুৰ পৰিহাসত কোনো উৎসৱ নাই—আছে মাথোঁ স্মৃতি ।
হৃদয়স্পৰ্শী প্ৰেমকথাঃ
‘অনামিকা’ৰ পৰা মুম্বাইলৈ জুবিন আৰু গৰিমাৰ সম্পৰ্ক কোনো সাধাৰণ প্ৰেমকাহিনী নাছিল (Zubeen Garg love story)। ই আছিল নীৰৱ অনুৰাগেৰে আৰম্ভ হোৱা এক দীঘল যাত্ৰা।
সেই সময়ত গৰিমা শইকীয়া মুম্বাইত আছিল। একাকী মুহূৰ্তত তেওঁ প্ৰায়ে প্ৰিয় শিল্পীসকললৈ অনুৰাগী হিচাপে চিঠি লিখিছিল। ‘অনামিকা’ এলবামৰ সুৰত মুগ্ধ হৈ তেওঁ জুবিন গাৰ্গলৈও এখন চিঠি পঠিয়ালে।
চিঠিখনেই যেন জন্ম দিলে এক অমৰ প্ৰেম গাথাৰ। জুবিনে চিঠিখনৰ কেৱল উত্তৰ দিয়াই নহয়, গৰিমাক লগ পাবলৈ মুম্বাইলৈ আহিব বুলিও প্ৰতিশ্ৰুতি দিলে। জুবিন গৰিমাৰ প্ৰেমৰ সাক্ষী হৈ আছে অসংখ্য কালজয়ী গান (Assamese singer Zubeen Garg)। এদিন এখন ৰেষ্টুৰেণ্টত গৰিমাৰ বিষণ্ণ চকু দেখি জুবিনে লিখিছিল— “তুমি চোৱা যেতিয়া দুচকু তুলি”। বিবাহৰ আগৰ অস্থায়ী বিচ্ছেদৰ বেদনাই জন্ম দিছিল ‘ৰং’ এলবামৰ শক্তিশালী গান “জ্বলি উঠা”।
গৰিমাৰ বেদনাভৰা কণ্ঠ আৰু ন্যায়ৰ সংগ্ৰামঃ
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত অসমবাসীৰ হৃদয়ত গভীৰ শূন্যতাৰ সৃষ্টি কৰি ‘ঈশ্বৰৰ সন্তান’ জুবিন গাৰ্গে চিৰবিদায় ল’লে। প্ৰায় পাঁচ মাহ ধৰি তেওঁ অবিহনে কটোৱা প্ৰতিটো মুহূৰ্ত গৰিমাৰ বাবে অসহনীয়। এই বিশেষ দিনটোত সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত তেওঁ অশ্ৰুসিক্ত হৈ নিজৰ মনোবেদনা ব্যক্ত কৰে।
তেওঁ কয়— “মোৰ বাবে আজিৰ দিনটো অতি দুৰ্ভাগ্যজনক। আজি দিনটো সম্পূৰ্ণ বেলেগ হ’লহেঁতেন। আজি আমি ২৪ বছৰ সম্পূৰ্ণ কৰিলোঁ। উপায় নাই—ঈশ্বৰে যিদৰে বিচাৰিছে তেনেদৰেই হ’ল। তেওঁ য’তেই নাথাকক, শান্তিত থাকক আৰু সদায় মোৰ লগত থাকক—এইটোয়ে মোৰ কামনা। প্ৰতিটো জন্মতে যেন একেলগে থাকোঁ—সেইটোয়ে মই বিচাৰো। সেইবাবেই মই তেওঁক শুভ বিবাহ-বাৰ্ষিকীৰ শুভেচ্ছাও জনাইছোঁ। এতিয়া মই ন্যায়ৰ এই যুঁজত ব্যস্ত। ঈশ্বৰে আশীৰ্বাদ কৰক। মানুহে আমাক সহায় কৰক, অসমবাসী আমাৰ কাষত থিয় হওক আৰু দোষীয়ে শাস্তি পাওক। ইয়াৰ বাহিৰে মই আৰু কি ভাবিব পাৰোঁ? জুবিন শাৰীৰিকভাৱে মোৰ লগত নাথাকিলেও আত্মিকভাৱে মই তেওঁক মোৰ লগতেই বিচাৰো। মই সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমি এই আইনী যুঁজত জয়ী হওঁ। তেওঁ য’তেই নাথাকক, ভালেই থাকক, শান্তিত থাকক।”
বৰ্তমান গৰিমা গাৰ্গৰ একমাত্ৰ লক্ষ্য হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায় লাভ কৰা। অসমবাসীৰ সহযোগিতা বিচাৰি তেওঁ দৃঢ়তাৰে কয়—জুবিন শাৰীৰিকভাৱে তেওঁৰ কাষত নাথাকিলেও, তেওঁৰ আশীৰ্বাদ প্ৰতিটো খোজত ছাঁ হৈ আছে।
