Zubeen Garg Assamese Music: The Soulful Magic of Love and Melodyঅমৃত সংস্কৃত-কণ্ঠ জুবিন গাৰ্গ

ৰঞ্জন বেজবৰুৱা

১)

“মুগ্ধ হিয়া মোৰ কোনে চুই যায়…
বুকুতে অগনি জ্বলাই”

জুবিন গাৰ্গৰ শ্ৰেষ্ঠ গীতখিনি বোধহয় প্ৰেমৰ গীত। তেওঁ প্ৰেমৰ বেদনা কণ্ঠেৰে আঁকিছিল প্ৰাণস্পৰ্শীকৈ (Zubeen Garg Assamese Music)। আনকি ভগ্নী জংকিৰ কৰুণ মৃত্যুত ভগ্ন হৃদয়ৰ ‘মুগ্ধ হিয়াৰ’ আৰ্তিও প্ৰকৃততে প্ৰেমৰে। সেয়া প্ৰগাঢ় ভগ্নীপ্ৰেম!

নিজকে যি বুলিয়ে ঘোষণা নকৰক- জুবিন গাৰ্গ সিদ্ধহস্ত প্ৰেমৰ বৈভৱ ৰচনাত। মিলন-বিৰহ, শূন্যতা-পূৰ্ণতা, মান-অভিমানৰ বিচিত্ৰ চিত্ৰণ জুবিনৰ গীতত । কেতিয়াবা নিজৰ ৰচনাৰে, কেতিয়াবা আনৰ ৰচনাৰে। আচলতে জুবিনে এখন প্ৰেমময় পৃথিৱীৰ সপোন দেখিছিল।

এইখিনিতে কবি কালিদাসৰ ৰচনালৈ মনত পৰি যাব। যি সকলো ডাঙৰ কথা ‘প্ৰেমৰ ৰসেৰে জীপাল কৰি’ কয়। আমাৰ ভূপেন হাজৰিকাৰ নিচিনাকৈ। তেওঁলোক সঙ্গীতৰ কালিদাস!

‘জুবিন প্ৰেমৰ গায়ক’- কথাটো কিন্তু কোনোমতেই পাতল বা তুচ্ছাৰ্থক নহয়। আমাৰ ঊৰ্দু গজলবোৰতো আচলতে প্ৰেমেই প্ৰধান। বিচিত্ৰ জীৱনপ্ৰেম। জুবিনকো দিয়া ‘প্ৰেমৰ গীতিকাৰ’ পৰিচয়টো গহীন। দিগন্তলৈ পাখি মেলি দিয়ে তেওঁৰ ‘প্ৰীতিৰ সুৱাসে’।

অসমীয়া সঙ্গীতত ‘চকু মেলা সাৰ পোৱা’ৰ দৰে অপূৰ্ব মাতৃপ্ৰেমৰ গীত হয়তো এটিও সাম্প্ৰতিক সময়ত নোলাব। বাৰে বাৰে শুনো। চেতনাৰ ভিন্ন প্ৰান্তলৈ লৈ যায়। ‘এই মায়াৰ ধৰা’ৰ দৰেই।

হয়তো কবি গণেশ গগৈ, চন্দ্ৰকুমাৰ আগৰৱালা, দেৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ ৰোমাণ্টিকতাৰ মাজতে তেওঁৰ বিশেষ অৱস্থান। অন্য এক সৰস, যাদুকৰী প্ৰকাশ জুবিনৰ গীতত।

তেওঁ ‘গানৰ হীৰুদা’। প্ৰেম আৰু ৰ’দালিৰ কবি, গীতিকাৰ হীৰেন ভট্টাচাৰ্যৰ গাত সুৰকাৰ জনো যোগ হোৱা হ’লে যি হ’ল হয়!

হয় নে নহয় আপোনাসৱে বিচাৰ কৰিব। আমি ভাৱিছোঁহে। নহ’লেও নাই। তেনেই ব্যক্তিগত বা বিষয়ীনিষ্ঠ কথা এইবোৰ। প্ৰেমৰ মাজত অনুভূত ভয়ানক শূন্যতা, সীমাহীন একাকীত্ব নৈ:সঙ্গ্য আৰু বিচ্ছিন্নতাবোধক তেওঁ আঁকিব পাৰিছিল অতি সূক্ষ্মভাৱে আৰু হেলাৰঙে।

২)

ইংৰাজ ৰোমাণ্টিক কবি হেৰিকে লিখিছিল-

“Fair daffodils, we weep to see
You haste away so soon,
As yet the early-rising sun
Has not attained his noon.”

অথৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰকৃতি’ত…

” উৰি ফুৰা বেজাৰৰ
হৃদয় ৰাগিনী তাৰ,
বৰষি যে সিও গুচি গ’ল;
ক’ৰ কোন কিবা হ’ল
চিন স্মৃতি পমি গ’ল
প্ৰকৃতি যে তেনেকৈয়ে ৰ’ল।”

ৰসৰাজ লক্ষ্মীনাথৰ- “সখি হে, কি ক’ম দুখৰে কথা’ গীতটিৰ কথা নক’লোৱেই বা। নগঞা গীতিকাৰ মলিন বৰা ‘ইমান ধুনীয়া মুকুতাৰ মালা’লৈকো মনত পৰিব।

জুবিনৰ প্ৰায়ভাগ গীততে ফুটি উঠা গভীৰ ৰোমাণ্টিক বেদনাই তেওঁৰ গীতক চূফী সঙ্গীতৰ আধ্যাত্মিকতালৈ উন্নীত কৰিছে। জীৱনৰ ‘অচিৰত্ব’ৰ কোমল প্ৰকাশ তেওঁৰ বিভিন্ন গীত। এয়া পাশ্চাত্য-সাহিত্যৰ অৱদান।

জুবিন যেন অসমীয়া প্ৰেমৰ গীতৰ পাবলো পিকাছো। ‘ব্লু পিৰিয়দ’ৰ পিকাছো। কিছু Expressionism…। Impressionismৰ আগলি বতৰা। মনত ‘ব্লুজ’, প্ৰাণত ভূপালী। বনগীত, লোকগীত আৰু কত কি!

শ্ৰোতাক অনুভূতিৰ বিশেষ স্তৰলৈ লৈ যায় জুবিনৰ কণ্ঠ‌ই। অনুপম শব্দৰে। সঙ্গীত তাৰ ৱাহক। কণ্ঠ সংবাহক। তেওঁৰ বেছি গীত আমি নাজানো। জনাকেইটা গুণগুণাওঁ মাত্ৰ। আমাৰ পৰা বেছি বিচাৰি লাভ নাই। লিখিবলৈ ল’লেই বিমোৰত পৰোঁ।

আমি ভূপেন হাজৰিকাৰ গানৰ পৰিমণ্ডলত ডাঙৰ হোৱা প্ৰজন্ম। উপজিয়েই ভূপেন হাজৰিকাৰ গীত। আমাৰ সংবেদনশীলতা ভিন্ন। জুবিনক সঠিক চৰ্চা কৰিব লাগিব প্ৰতিভাৱান নতুনসকলে। তেওঁলোক উঠি পৰি লাগক। মাথোঁ পাতল আবেগেৰে নহ’ব।

৩)

জুবিন এক ‘সংস্কৃত কণ্ঠ। ‘সংস্কৃত’ শব্দটো শুনি পোনতেই বৰ আচহুৱা লাগিব পাৰে। কিন্তু সংস্কৃত মানে কেৱল প্ৰাচীন ভাষাবিশেষ নহয়‌। ইয়াৰ অৰ্থ- সংস্কাৰিত পৰিশুদ্ধ, পৰিশীলিত। ওপজোতেই গঢ় লৈ অহা এক সাৱলীল কণ্ঠ জুবিন গাৰ্গৰ। ‘Sanskrita’ means- polished, refined, flawless- culturally and aesthetically..।

ইফালে গানত ‘ধ্বনি’ক বা ‘শব্দোচ্চাৰণক গুৰুত্ব দিয়া অসমত মাত্ৰ দুই চাৰিজন শিল্পী আছে- তাৰে মুখ্য দুজন ভূপেনদা আৰু আনজন জুবিন গাৰ্গ। দুয়ো উচ্চাৰণত উত্তীৰ্ণ।

বহুতৰে ‘গলা ভাল, সাংঘাতিক ‘কাজ’ আৰু dynamics…। কণ্ঠত অমৃত, কিন্তু শব্দৰ উচ্চাৰণ বেয়া। মানে- অস্পষ্ট আৰু অশুদ্ধ। সুৰৰ লগতে উচ্চাৰণতো ফাঁকি দিয়ে বহুতে। নিশ্চয় বেয়া কথা।

কিন্তু আধুনিক সুগম সঙ্গীতে সঙ্গীত-নান্দনিকতাৰ বহু কথাই দাবী কৰে। তাৰ মাজতে এটা বিশেষ হ’ল- pronunciation। আচলতে শব্দৰ সঠিক, সুষম, সাঙ্গীতিক উচ্চাৰণতে গীতটোৰ আচল সৌন্দৰ্য লুকাই থাকে। আৰু অনেক কথা আছে। এইবোৰ কথা ভালদৰে জানিছিল ‘গীতিকোঁৱৰ’ জুবিনে। তেওঁৰ গান সাধাৰণজনৰ পৰা পণ্ডিতজনলৈকে ভাল পোৱাৰ অন্যতম কাৰণ বোধহয় তেওঁৰ সুৰ আৰু ধ্বনিৰ শুদ্ধ স্থাপন আৰু প্ৰকাশ। ইংৰাজীত যাক কোৱা হয় সঠিক articulation।

৪)

জুবিন আছিল সুৰ-সঙ্গীত-কণ্ঠ-গায়কীৰ ৰজা। অসমীয়া আধুনিক সঙ্গীতৰ ইতিহাসলৈ এই তেওঁৰ অমূল্য অৱদান। প্ৰতিভা আৰু প্ৰযুক্তি, পৰিৱেশন আৰু সম্প্ৰচাৰণৰ অপূৰ্ব সমন্বয়ৰ নাম জুবিন গাৰ্গ। মুম্বাইত এ আৰ ৰহমানে যেনেকৈ বাহিৰৰ যন্ত্ৰ-প্ৰযুক্তিক অন্তৰৰ সঙ্গীতেৰে একাকাৰ কৰি ভাৰতীয় সঙ্গীতলৈ অভিনৱত্ব আনি দিছিল, একে সময়তে উদ্ভৱ হোৱা জুবিনেও অসমৰ বাবে সেই একেধৰণে চেষ্টা কৰিছিল। তেওঁৰ সময়ৰ মানে নব্বৈ আৰু একবিংশ শতিকাৰ অন্ততঃ দুটা দশকলৈ প্ৰতিভাৱান সকলোলৈকে শ্ৰদ্ধাৰাখিও এইখিনি কথা কোৱা হৈছে। জুবিনৰ একেবাৰে নিজা বৈশিষ্ট্যৰ বাবে।

বহু পুৰণি সুন্দৰ গীত তেওঁৰ মধুকণ্ঠ‌ই সাৰ্থকৰূপে তুলি ধৰিছে। কণ্ঠৰ বহু সূক্ষ্ম, সুন্দৰ বস্তু আপোনা আপুনি ফুটি উঠে জুবিনৰ মাজত। স্বত:স্ফূৰ্ত সুৰ আৰু ভাৱৰ প্ৰকাশ জুবিনৰ। সি এক অৰ্থত অভিনৱ আৰু অনিৰ্বচনীয়। ”অপূৰ্ববস্তু-নিৰ্মাণক্ষম-প্ৰজ্ঞা’। এয়া সংস্কৃত কাব্য-সমালোচক আনন্দবৰ্ধনৰ কথা।

মনলৈ আহে- আমাৰ চল্লিশোৰ্ধ্ব পৰ্যন্ত বহুজনৰে বহু সুগন্ধি সময় আচলতে জুবিনৰ দান। জুবিনৰ এটা মাত্ৰ‌ও গীতৰ শুনি এবাৰো আলোড়িত নোহোৱা এখনো অসমীয়া হৃদয় নিশ্চয় নোলাব।

সেয়েহে ভূপেন হাজৰিকাৰ যুগমীয়া গীতৰ একান্ত অনুৰাগী বা ভক্ত হৈয়ো আৰু গানৰ নামত বহুত দিন বহু পাতল বস্তুক উলাই কৰি থাকিও এটা সময়ত সংগোপনে জুবিনৰ গীত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। পতিয়ন গৈছিলোঁ যে তেওঁ প্ৰৱল প্ৰতিভাৱান আৰু নতুন সঙ্গীতৰ খনিকৰ।

বিশেষকৈ ‘পাখি’, ‘শব্দ’, ‘শিশু’, মুক্তি, ‘যন্ত্ৰ’ ‘বৰষুণ’ আদি জুবিনৰ শ্ৰৱ্য এলবামসমূহ শুনাৰ পিছত হঠাৎ এদিন উপলব্ধি কৰিছিলোঁ যে অসমৰ আকাশত এক সঙ্গীত-সূৰ্যৰ হে যেন উদয় হৈছে।

সেয়া ১৯৯৮-৯৯ চনৰ পাছৰ কথা। জুবিনৰ প্ৰতিভা তেতিয়া মধ্য গগনত। তাৰ আগে পাছেও সঙ্গীতক লৈ বহু চমকপ্ৰদ তথা গুৰুত্বপূৰ্ণ কাম কৰিছে জুবিনে। তাৰে দুটামানত কামত সামান্যৰূপে আমিও জড়িত হৈছিলোঁ- সংস্কৃত ভাষাৰ মাধ্যমেৰে। সেয়া এক পাহৰিব নোৱৰা স্মৃতি।

৫)

সেইবাৰ জুবিনক ম‌ই মহাকবি কালিদাসৰ এটি সংস্কৃত শ্লোক শিকাব লগা হৈছিল। সেয়া দুহেজাৰ ন চনৰ কথা। মোৰ কথা জুবিনে হয়তো ক’ৰবাত শুনিছিল আৰু মানুহটোক সেই কামৰে মানুহ বুলি জানিছিল।

নৱেম্বৰ মাহৰ এটি নিশা দেৰ বজাত আমাৰ নগাঁৱৰ ঘৰলৈ এটা অদ্ভুত আড়ষ্ট কণ্ঠৰ ফোন ভাঁহি আহিছিল গুৱাহাটীৰ ষ্টুডিঅ’ ডিজিৰ পৰা। তেওঁক এগৰাকী অতি সুন্দৰী কামনাময়ী যুৱতীৰ বৰ্ণনা থকা এটা শ্লোক লাগে।

ম‌ই ফোনতে শিকোৱা ”তন্বী শ্যামা শিখৰিদশনা পক্ববিম্বাধৰোষ্ঠী” শীৰ্ষক কালিদাসৰ মেঘদূতৰ শ্লোকটো সুৰ দি ৰাতিটোৰ ভিতৰতে তেওঁ কেনেকৈ এটা সুমধুৰ গীতত পৰিণত কৰিলে- তাকে ভাৱি আজিও আচৰিত হ‌ওঁ। শ্লোকটি দিয়া হৈছিল তেওঁৰ বাঁহী নামৰ এলবামটোৰ এটি গীতৰ ‘প্ৰিল্যুড হিচাপে! কি দুৰ্দান্ত ‘সংস্কৃত-কণ্ঠ’ জুবিনৰ! দক্ষিণ ভাৰতীয় শৈলীত বাজি উঠিছে কালিদাসৰ অপৰূপ শব্দমালা….”তন্বী শ্যামা শিখৰিদশনা’- মন্দাক্ৰান্তা ছন্দত।

জুবিনে গাইছিল- কাৰণ জুবিনৰ ‘কাণ’ সাংঘাতিক। কাণ মানে মনৰ কাণ। শুনিলেই গাই দিব পাৰে যিকোনো ভাষাৰ গান।

তাৰ পাছতো মই নিজে লিখা আৰু দুটামান সংস্কৃত শ্লোক-কবিতা জুবিনে সুৰ দি গালে ভাস্কৰজ্যোতি মহন্তৰ “সৃজনী প্ৰডাকছন”ৰ ‘পাৰিজাত’ নামৰ নতুন চিন্তাৰ অপেৰাৰ বাবে। সংগীত সহযোগ আছিল- অনুৰাগ শ‌ইকীয়াৰ। এয়াই সামান্য সংযোগ জুবিনৰ সৈতে। বাকীখিনি শ্ৰৱণ আৰু মনন।

“You are so lucky that you know Sanskrit” কৈছিল জুবিনে। সংস্কৃতৰ এই ‘ধ্ৰুপদী গুণৰ’ কথা বুজিছিল জুবিনে

জুবিনে বেছিকৈ কিয় সংস্কৃত নাগালে তাকে লৈ কেতিয়াবা আক্ষেপ কৰোঁ। হয়তো নোগোৱা প্ৰধান ভাৰতীয় ভাষা নাই। সংস্কৃতত সৰহকৈ সংস্কৃত গীত গোৱা হ’লে তেওঁৰ অন্য এক গহীন পৰিচয় পৃথিৱীত ৰৈ গ’ল হয়।

৬)

বাউলিকবি কমলানন্দৰ ‘বিলত তিৰেবিৰাই’ কেৱল জুবিনৰ দ্বাৰাহে সম্ভৱ। ভৱেন্দ্ৰনাথ শ‌ইকীয়া ছাৰৰ অনিন্দিতা পালে গোৱা ‘ক’ৰ এজাক সপোন যেন’ বা নিজে গোৱা কবি কেশৱ মহন্তৰ ‘আনে যোৱা বাটে নোযোৱা’ৰ সুৰ-সঙ্গীত কেৱল জুবিন গাৰ্গৰ দ্বাৰাহে সম্ভৱ হ’ল যেন লাগে। অতি আধুনিক ধৰণৰ অথচ হৃদয়স্পৰ্শী তাৰ সঙ্গীত-সংৰচনা।

জুবিনৰ মাত উজনিৰ বিহু-বনগীত সুৰীয়া দৰদী মাত। অফুৰন্ত কণ্ঠ-সৌন্দৰ্য থকা, অতি উচ্চগ্ৰামতো হেলাৰঙে গাই দিব পৰা স্বত:স্ফূৰ্ত কণ্ঠ জুবিনৰ। লগত আছিল স্বৰগ্ৰামৰ এশ শতাংশ শুদ্ধতা। জুবিনে কণ্ঠ‌ই বহু সাধাৰণ গীতক একেবাৰে ‘অসাধাৰণ’ কৰি থৈ গৈছে। উদাহৰণৰ সীমা নাই।

মনত ৰাখিব লাগিব তেওঁ ভূপেন হাজৰিকা নহয়, এ আৰ ৰহমান, আৰ ডি বৰ্মন নহয়। বব ডিলান, পিট ছিগাৰ, বব মাৰ্লে, এ’ৰিক ক্লেপটন, জেকছন- কোনো নহয়। তেওঁ জুবিন। কেৱল জুবিন।

৭)

জুবিনৰ সঙ্গীত আছিল বিচিত্ৰ আৰু বিভিন্ন।
আচলতে জুবিন এজন ‘কমপ্লিট্ মিউজিচিয়ান’। কেৱল গায়ক নহয়। একোটা গীতত বিন্দু বিন্দু সামৰি তেওঁৰ অৰ্কেষ্ট্ৰেছন’। বৈচিত্ৰ্যময় তেওঁৰ গীতৰ পৰ্ৱ-পৰ্ৱান্তৰ। ভাৱৰ ৰসায়ন। তেওঁৰ সংগীত-ভাৱনাতে অঙ্গাগীভাৱে লাগি থাকে প্ৰযুক্তিৰ সুষম সুব্যৱহাৰ- যি আকৌ intellectually furnished।

‘মায়াবিনী’ গীতটোলৈকে চাওক। গীতটোৰ কথাতকৈয়ো আগতেই- আকৃষ্ট আৰু মুগ্ধ কৰে তাৰ সঙ্গীতে। পশ্চিমীয়া আৱহত নাচি উঠা এটি সুমধুৰ অসমীয়া গীত। শ্ৰোতাক উটাই বুৰাই আকুল-বিয়াকুল কৰে তেওঁৰ সঙ্গীতে। গীতটোত নাৰীকণ্ঠৰ ‘হামিং’কেইটালৈ মন কৰিবচোন, সেয়া আকৌ স্পেনিছ আৰ্হিৰ। গীতৰ ‘মেজাজ’ বা ৰসত খাপ খোৱাকৈ।

সেয়া ভাৰতীয় ৰাগৰ তান-আলাপ নহয়। তাৰ শিপা যেন বিদেশত। ‘অ’ মোৰ আপোনাৰ দেশ’ৰ সুৰ যেনেকৈ। গীটাৰকে ধৰি বাদ্যানুষঙ্গবোৰ কেনেকৈ যে আহিছে, কেনেকৈ বাজিছে- তুলনা নাই। বাদ্য নিজেই এক ভাষা জুবিনৰ গীতত। বহু কথা কয়। নোকোৱাকৈয়ে।

‘ৰৈ ৰৈ বিনালে’, ‘জগত পোহৰ কৰি’ৰ সুৰত অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ সুৰৰ আৱেশ। সঙ্গীতসজ্জা সংশ্লেষিত। ভাৰতীয়-পাশ্চাত্য উভয় ধৰণৰ হোৱাতো সি প্ৰাণ টানি ধৰে- তাৰ অনুপম ‘অসমীয়াত্ব’ গুণে। জুবিনৰ গানলৈ ‘ৰেগ্গে’ (reggae) আহিল ক’ত, ‘জেজ্’, ‘ব্লুজ’ আহিল ক’ত কেনেকৈ- নাজানো! কিন্তু ভাল অসমীয়া আধুনিক গীত এটা যে জন্ম হৈ গ’ল জানো।

‘এই মায়াৰ ধৰাত’ গীতটিক ক’ত ৰাখিব? আধুনিক বেলাড নে কি? আৰু ‘বুকুতে গুপুতে’- গানৰ ‘ইলিজি’? মায়া মাথোঁ মায়া!

৮)

বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সঙ্গীতধাৰাকে যেন আজলি ভৰি সামৰি ল’ব তেওঁৰ সঙ্গীত-ভাৱনাই। জুবিন সুৰৰ অমেয় ভাণ্ডাৰ। অপাৰ তেওঁৰ সঙ্গীত-বৈভৱ‌। যাক ক’ব inexhaustible source of music.

সঙ্গীতেই মুখ্য- জুবিন গাৰ্গৰ। বাণী বা বাৰ্তা গৌণ। বহু সময়ত। ভূপেনদাৰ বিপৰীতে। সুৰেই জুবিনৰ প্ৰধান, সুৰতেই জুবিনৰ জীৱন যাপন। তেওঁৰ নিজা গীতখিনিতো সুৰ আগ, কথা পাচ। তেওঁৰ সুৰে শব্দ বিচাৰি ফুৰে অবিৰত। জয়ন্ত হাজৰিকাৰ দৰেই। অন্তৰ্ধ্বনি, ভাৱধ্বনি, সুৰধ্বনি….।

নব্বৈ পাছৰ তিনিটা দশক আচলতে অসমীয়া সঙ্গীতৰ ‘জুবিন যুগ’। এই ‘অতিশয়োক্তি’ কৰিবলৈ মন গৈছে- কোনোবাই মানি নল’লেও।

সুধাকণ্ঠ ভূপেনদাৰ শ্ৰেষ্ঠ গীতৰ প্ৰক্ৰিয়াটো স্তিমিত হৈ অহাৰ পিছত- বিগত তিনিটা দশক ধৰি কেইবাহেজাৰ বিচিত্ৰ ভাৱ আৰু ৰসৰ গীত গাই, প্ৰায় অকলেই অসমীয়া আধুনিক সঙ্গীতক সবল নেতৃত্ব দিয়া, এক জটিল সময়ৰ- অক্লান্ত সুৰ-সৈনিক’, অসমীয়া ভাষাক সঠিক ন্যায্যতা দিয়া, শুদ্ধ উচ্চাৰণ আৰু প্ৰকাশেৰে তাক গভীৰ মৰ্যাদা প্ৰদান কৰা ‘গানৰ ৰজা’- জুবিনগাৰ্গলৈ অন্তৰৰ গভীৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ।

(লেখক: ৰাষ্ট্ৰীয় সন্মানপ্ৰাপক সংস্কৃত গীতৰ শিল্পী-গীতিকাৰ, অনুবাদক, নিৱন্ধকাৰ, নগাঁও, দূৰভাষ: ৭০০২৯৫৬৯৬৬)

লগতে পঢ়কঃ বিজ্ঞানৰ অস্কাৰ হিচাপে খ্যাত ‘ব্ৰেক থ্ৰু বঁটা’ আৰু অসমৰ পাঁচ গৰাকী গৱেষক বিজ্ঞানী


Advertisement