India vs Pakistan T20 World Cup match controversy ICC reactionবিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেল প্ৰত্যাখ্যান পাকিস্তানৰ

স্পৰ্টছ ডেস্ক: টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে মেচ প্ৰত্যাখ্যান কৰাৰ ঘোষণা কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ নিজৰ অৱস্থান স্পষ্ট কৰিছে।

উল্লেখযোগ্য যে পাকিস্তানে সামাজিক মাধ্যমত উল্লেখ কৰিছিল যে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান চৰকাৰে ICC ৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০২৬ চনৰ টি-২০ বিশ্ব কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ক্ৰিকেট দলক অনুমতি দিছে। কিন্তু ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিপক্ষে হ’বলগীয়া নিৰ্ধাৰিত খেলখনত পাকিস্তান ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব নোৱাৰিব।”

প্ৰথম অৱস্থাত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চৰকাৰীভাৱে সিদ্ধান্ত ঘোষণা নকৰালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ ইংগিত দিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(ICC)এ। অৱশ্যে, শেষত ICC য়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতিত উল্লেখ কৰে যে, “দেশসমূহৰ নীতিগত বিষয়ত সংশ্লিষ্ট দেশৰ চৰকাৰৰ ভূমিকাক সন্মান জনোৱা হয়। কিন্তু একে সময়তে স্পষ্ট কৰি দিয়া হয় যে পাকিস্তানৰ এই সিদ্ধান্ত বিশ্ব ক্ৰিকেটৰ সামগ্ৰিক স্বাৰ্থৰ বিৰোধী।
ICCৰ মতে, এই ধৰণৰ সিদ্ধান্তই কেৱল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ভাৰসাম্য নষ্ট নকৰে, বিশ্বজুৰি লাখ লাখ ক্ৰিকেটপ্ৰেমীক হতাশাগ্ৰস্তও কৰিব। এই ক্ৰিকেটপ্ৰেমী সকলৰ ভিতৰত অৱশ্যেই পাকিস্তানৰ সমৰ্থকসকলো আছে।”

ICCয়ে লগতে উল্লেখ কৰে যে ক্ৰিকেট এক বিশ্বব্যাপী খেলা। ইয়াৰ ভৱিষ্যৎ পাৰস্পৰিক সহযোগিতা, সম অংশগ্ৰহণ আৰু স্থিৰতাৰ ওপৰত নিৰ্ভৰশীল। যদি কোনো দেশে নিৰ্বাচিতভাৱেহে খেল খেলাৰ নীতি গ্ৰহণ কৰে, তেন্তে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মৌলিক গাঁথনি প্ৰশ্নৰ সন্মুখীন হব।

ICCয়ে স্পষ্টভাৱে উল্লেখ কৰে যে যোগ্যতা অৰ্জন কৰা প্ৰতিটো দলৰ পৰা নিৰ্ধাৰিত সূচী অনুসাৰে সমান চৰ্তত প্ৰতিযোগিতাত অংশ লোৱাৰ আশা কৰা হয়।

বিবৃতিটোত ICC-এ উল্লেখ কৰে যে, পাকিস্তান ক্ৰিকেট পৰিষদ (PCB)-এ নিজৰ দেশৰ ক্ৰিকেটৰ ওপৰত পৰিব পৰা গুৰুত্বপূৰ্ণ আৰু দীঘলীয়া প্ৰভাৱসমূহ গভীৰভাৱে বিবেচনা কৰিব বুলি আমি আশাবাদী। “ICC-এ পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB)-ৰ পৰা আনুষ্ঠানিক যোগাযোগৰ অপেক্ষাত আছে বুলিও বিবৃতিটোত উল্লেখ কৰে।

অন্যহাতেদি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ BCCI-ৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই সম্পৰ্কত কয় যে পাকিস্তানে ২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে গ্ৰুপ পৰ্যায়ৰ খেলখন প্ৰত্যাখ্যান যি সিদ্ধান্ত লৈছে সেইক্ষেত্ৰত খেলুৱৈ সুলভ মনোভাৱ (sportsmanship)ৰ সম্পৰ্কে ICC-য়ে প্ৰদান কৰা মন্তব্যৰ সৈতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ (BCCI) সম্পূৰ্ণৰূপে একমত। এই সম্পৰ্কত ICC-ৰ সৈতে আলোচনা কৰাৰ পিছতহে BCCI য়ে মন্তব্য আগবঢ়াব।


Advertisement